22 C
Guwahati
Tuesday, May 7, 2024

Boy Died After Dog Bite: পিতৃ-মাতৃসকল সাৱধান! গালি খোৱাৰ ভয়তে “কুকুৰে কামোৰা” বুলি কোৱা নাছিল পিতৃ-মাতৃক; ফলত দেহত বিয়পিল ইনফেকশন, পিতৃৰ কোলাতে চিঞৰি চিঞৰি কৰুণ মৃত্যু ১৪ বছৰীয়া শিশুৰ

Boy Died After Dog Bite: কিশোৰটিক ডেৰ মাহ পূৰ্বে এটা কুকুৰে কামুৰিছিল, ভয়ত কিশোৰটিয়ে ইয়াৰ বিষয়ে কাকো একো কোৱা নাছিল, ইয়াৰ পিছত কিশোৰটিৰ দেহত বাঢ়িল সংক্ৰমণ আৰু অৱস্থা বেয়া হৈ পৰে

Must Read

Boy Died After Dog Bite At Ghaziabad: সেইকাৰণে কোৱা হয় যে কেতিয়াও কোনো কথা পিতৃ-মাতৃৰ পৰা লুকুৱাব নালাগে। নহ’লে এই কিশোৰটিৰ দৰে পৰিণতি হোৱাৰ সম্ভাৱনা থাকে।

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত (Uttar Pradesh’s Ghaziabad) সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা (Tragic Incident)। য’ত এটি ১৪ বছৰীয়া কিশোৰক কুকুৰে কামোৰে। যাৰ পিছত তাৰ শৰীৰত সংক্ৰমণ (Rabies) ইমানে বাঢ়ি গ’ল যে তাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে।

অসহায় পিতৃয়ে তাক এম্বুলেঞ্চত লৈ ইফালৰ-সিফাল ঘূৰি ফুৰিল কিন্তু ডাঙৰ হাস্পতালসমূহে হাত দাঙি দিয়ে, যাৰ ফলত কিশোৰটিয়ে বিষত চিঞৰি চিঞৰি প্ৰাণ হেৰুৱালে।

প্ৰতিজন লোকৰ অন্তৰত আঘাত দিয়া এই ঘটনাটো ঘটিছে গাজিয়াবাদৰ বিজয়নগৰ আৰক্ষী থানা (Vijay Nagar Police Station) অঞ্চলৰ চৰণ সিং কলনীত। তাত বাস কৰা য়াকুবে দিন হাজিৰা কৰি নিজৰ পৰিয়ালটোক চলাই আছে। তেওঁৰ পুত্ৰ শ্বাবেজ (Shahvaz) অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল।

১ ছেপ্টেম্বৰত শ্বাবেজে অদ্ভুট আচৰণ কৰিবলৈ ধৰিছিল। সেইদিনাৰ পৰা শ্বাবেজে পানীলৈ ভয় কৰিছিল, সি খোৱা-বোৱা বন্ধ কৰি দিছিল আৰু কেতিয়াবা কেতিয়াবা সি কুকুৰে ভুকাৰ দৰেও মুখৰে শব্দও কৰিছিল (Boy Died After Dog Bite)

Boy Died After Dog Bite
মৃত শিশুটি

কুকুৰে কামোৰাৰ ফলত হৈছিল সংক্ৰমণ (Boy Died After Dog Bite)

কিশোৰটিৰ অৱস্থা দেখি পৰিয়ালৰ লোকে তাক চিকিৎসকক দেখুওৱাত গম পাইছিল যে তাক কিছুদিন আগতে কুকুৰে কামুৰিছিল। কুকুৰে কামোৰাৰ সংক্ৰমণ কিশোৰটিৰ গোটেই শৰীৰত বিয়পি পৰিছিল, যাৰ বাবে তাত অৱস্থা এনে হৈ গৈছিল।

দৰাচলতে, কিশোৰটিক ডেৰ মাহ আগতে এটা কুকুৰে কামুৰিছিল, সি পিতৃ-মাতৃলৈ ভয় কৰিয়েই এই বিষয়ে তেওঁলোকৰ পৰা লুকুৱাই ৰাখিছিল। যাৰ ফলত তাৰ শৰীৰত সংক্ৰমণ হৈছিল (14 Year Old Boy Dies Of Rabies After Hiding Dog Bite From Parents)

পিতৃৰ কোলাত চিঞৰি চিঞৰি হেৰুৱালে প্ৰাণ (Boy Died After Dog Bite)

ভুক্তভোগী পৰিয়ালটোৱে এম্বুলেঞ্চেৰে দিল্লীৰ (Delhi GTB) জিটিবি আৰু এইমছৰ দৰে নামী চিকিৎসালয়লৈ লৈ গৈছিল কিশোৰটিক কিন্তু তাৰ অৱস্থা ইমানেই বেয়া আছিল যে চিকিৎসকসকলে চিকিৎসা কৰি একো লাভ নহ’ব বুলি স্পষ্ট কৰি দিছিল।

ইয়াৰ পিছত কিশোৰটিক এখন নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল। য’ত চাৰি দিনৰ চিকিৎসাৰ পিছত চিকিৎসকে অৱস্থা বেয়া বুলি কৈ পৰিয়ালৰ হাতত গতাই দিছিল শিশুটিক।

অৱশেষত কোনোৱে পৰিয়ালটোক কুকুৰে কামোৰাৰ চিকিৎসা কৰা বুলন্দচহৰৰ এজন আয়ুৰ্বেদিক চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিছিল। পৰিয়ালটোৱে সেই চিকিৎসকজনৰ ওচৰৰ পৰা কিশোৰজনক লৈ উভতি আহোতেই পিতৃৰ কোলাতেই সি কৰুণ মৃত্যুক সাৱটি লয়।

ছচিয়েল মিডিয়াত কিশোৰজনৰ মৃত্যুৰ আগমুহূৰ্তৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। যিয়ে নিশ্চিতভাৱেই সকলোৰে মনত আঘাত দিছে (He Had Hidden The Dog Bite From His Parents)

Photo: ABP News

লগতে পঢ়কঃ Vishwakarma Puja 2023: ১৭ নে ১৮ ছেপ্টেম্বৰ; এইবছৰ বিশ্বকৰ্মা পূজা কোন তাৰিখে হ’ব? আহক জানি লওক সঠিক তাৰিখ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -