24 C
Guwahati
Thursday, May 9, 2024

Bhupen Borah Love Jihad: মৃত ককাকৰ নাম লৈ Drama! “মহাভাৰততো লভ জিহাদ আছিল”- এই বুলি মন্তব্য কৰিছিল; এতিয়া এই মন্তব্যৰ বাবে ক্ষমা খুজিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

Bhupen Borah Love Jihad: "মই দুৰাচাৰ" প্ৰাৰ্থনা গাই ক্ষমা বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে

Must Read

Bhupen Borah Love Jihad Controversy Borah Apologized: অৱশেষত ক্ষমা খুজিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

“মহাভাৰততো লভ জিহাদ আছিল।” মহাভাৰতত কৃষ্ণ-ৰুক্মিনীৰ বিবাহৰ প্ৰসংগ টানি লভ জেহাদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল বৰাই।

আজি পুৱাই এই মন্তব্যক লৈ সংবাদমেল সম্বোধন কৰি সকলোৰে ওচৰত ক্ষমা বিচাৰিলে কংগ্ৰেছ নেতাজনে (Apcc President Bhupen Borah Apologized For His Controversial Remarks Over Love Jihad)

তেওঁ সংবাদমেলযোগে কয় যে (Bhupen Borah Love Jihad),

“যোৱানিশা ককাই আহি মোক সপোনত দেখা দিছিল। দুটা অলাগতিয়াল কথা কোৱাৰ বাবে ককাই মোক নামঘৰলৈ যাবলৈ কৈছে। মোৰ ভয় নাই হিমন্তলৈ, ভয় আছে ভকত বৈষ্ণৱলৈ। ৰাতি ককাই আহি সপোনত কৈছিল যে, মই দুটা শব্দ ভুলকৈ ক’লো।”

Bhupen Borah Love Jihad

মোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) গ্ৰেপ্তাৰ কৰিবলৈ কোৱা কথাটোত বেয়া লগাতকৈ বেছি বেয়া লাগিছে যেতিয়া এজন সত্ৰাধিকাৰে মোক নামঘৰলৈ যোৱা বন্ধ কৰিব দিছে। মোক নামঘৰলৈ যোৱা বন্ধ কৰাতকে, একাউণ্টাৰ কৰক।

ভূপেন বৰাই লগতে কয় যে (Bhupen Borah Love Jihad),

“ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পিছত মই মোৰ জন্ম গাঁৱত বনাই থকা নামঘৰটোত পাঠক হ’ম। কাৰণ ৰাজনীতিয়েই শেষ নহয়। ৰাজনীতিৰ পিছত মোৰ নিউজ চেনেল নাই, বাতৰিকাকত নাই, মই নিউজ মেনিপুলেট কৰিব নোৱাৰো। মোৰ ভিতৰৰ চেতনাই জাগ্ৰত কৰিছে।”

“মই দুৰাচাৰ” প্ৰাৰ্থনা গাই ক্ষমা বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Apcc President Bhupen Borah Apologized)। বিজেপি আৰু RSS-এ বিষয়টো ধৰি থাকিব কিন্তু অৰাজনৈতিক লোকসকলে এৰাই চলাৰ আহ্বান ভূপেন বৰাৰ।

উল্লেখ্য লাভ জেহাদ সন্দৰ্ভত ভূপেন বৰাই ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই লাভ জেহাদ চলি আহিছে বুলি মন্তব্য কৰিছিল।

মহাভাৰতৰ উৎসৰ কথা উল্লেখ কৰি ভূপেন বৰাই ধৃতৰাষ্ট্ৰলৈ গান্ধাৰীক বিয়া কৰোৱাই অন্য আৰু শ্ৰীকৃষ্ণই ৰুক্মিণীক বিবাহ কৰোৱাটোও এক প্ৰকাৰ লাভ জেহাদ বুলি আখ্যা দিছিল (Bhupen Borah Love Jihad)

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (President Of The Assam Pradesh Congress Committee Bhupen Kumar Borah) মহাভাৰত বা শ্ৰীকৃষ্ণ সন্দৰ্ভত এই আপত্তিজনক মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছিল বিভিন্নজন।

Photo: Google

লগতে পঢ়কঃ UP Woman kills Husband: ভাল নলগা হ’ল স্বামীক; প্ৰেমত পৰিল স্বামীৰ বন্ধুৰ সৈতে, পৰিণতিত পত্নীয়ে স্বামীক বিছনাত বান্ধি “কুঠাৰেৰে” কৰিলে ৫ টুকুৰা! তাৰ পিছত…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -