28 C
Guwahati
Monday, May 20, 2024

UP Woman kills Husband: ভাল নলগা হ’ল স্বামীক; প্ৰেমত পৰিল স্বামীৰ বন্ধুৰ সৈতে, পৰিণতিত পত্নীয়ে স্বামীক বিছনাত বান্ধি “কুঠাৰেৰে” কৰিলে ৫ টুকুৰা! তাৰ পিছত…

UP Woman kills Husband: উত্তৰ প্ৰদেশত এগৰাকী মহিলাই কুঠাৰেৰে আক্ৰমণ কৰি স্বামীক কৰিলে হত্যা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক

Must Read

UP Woman kills Husband With Axe: এক বুকু কঁপি উঠা নৃশংস ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশত (Horrific Murder Case In Uttarpradesh)। তাত এগৰাকী পত্নীয়ে কুঠাৰেৰে আক্ৰমণ কৰি স্বামীক কৰিলে হত্যা।

শুই থকা অৱস্থাতে বিছনাত ৰচীৰে বান্ধি লৈ কুঠাৰেৰে স্বামীক কৰিলে হত্যা। হত্যা কৰাৰ পিছত পত্নীয়ে মৃতদেহটো ৫ টুকুৰা কৰিলে আৰু তাৰে কেইটামান টুকুৰা ওচৰৰ খালত পেলাই দিয়ে (Uttar Pradesh Woman Kills Husband, Cuts Body Into 5 Pieces, Throws Parts In Canal)

মহিলাগৰাকীয়ে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। যাৰ পিছত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে (Women Was Arrested)। ঘটনাটো পিলিভিত (Pilibhit) নামৰ এখন গাঁৱত সংঘটিত হৈছে।

মৃত লোকজনৰ পৰিচয় গজৰৌলা থানা এলেকাৰ শিৱনগৰ নিবাসী ৫৫ বছৰীয়া ৰাম পাল (55 Year Old Ram Pal), আনহাতে হত্যাকাৰী মহিলাগৰাকীৰ নাম দুলাৰো দেৱী (Dularo Devi)

জানিবলৈ দিয়া অনুসৰি, ৰাম পালৰ নিৰুদ্দেশ হোৱাৰ খবৰ তেওঁৰ পুত্ৰ সোণ পালে আৰক্ষীক দিছিল। সোণ পাল মাতৃ-পিতৃৰ ঘৰৰ পৰা কিছু নিলগত নিজৰ পত্নী আৰু সন্তানৰ সৈতে বাস কৰি আছে।

স্বামী ৰাম পালৰ বন্ধুৰ সৈতে সহবাস কৰি আছিল অভিযুক্ত পত্নী (UP Woman kills Husband)

তথ্য অনুসৰি, অভিযুক্ত পত্নী দুলাৰো দেৱীয়ে স্বামী ৰাম পালৰ এজন বন্ধুৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল।
কিছুদিন পূৰ্বে পত্নীয়ে স্বামীৰ বন্ধুৰ সৈতে সহবাস কৰিবলৈ আৰম্ভ কৰিছিল (Staying With Her Husband’s Friend)

প্ৰায় এমাহ পূৰ্বে পত্নী গাঁৱলৈ উভতি আহিছিল। ইয়াৰ পিছত তাই নিজৰ সৰু পুত্ৰ সোণ পালক স্বামী ৰাম পালৰ নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল। ইয়াৰ পিছত পুত্ৰই ইয়াৰ বিষয়ে আৰক্ষীক জনায়।

UP Woman kills Husband
স্বামীৰ মৃতদেহৰ টুকুৰাবোৰ এইটো খালত পেলাই দিছিল

সোণ পালৰ অভিযোগৰ পিছত আৰক্ষীয়ে সন্দেহৰ ভিত্তিত পত্নী দুলাৰো দেৱীক জিম্মাত লয়। আৰক্ষীয়ে যেতিয়া কঠোৰভাবে সোধা-পোছা কৰে তেতিয়া পত্নীয়ে স্বামীক হত্যাৰ কথা স্বীকাৰ কৰে (UP Woman kills Husband)

পত্নীয়ে আৰক্ষীক কয় যে শুই থাকোতে স্বামীক হত্য়া কৰিছিল। লগতে আৰক্ষীক কয় যে স্বামীৰ মৃতদেহ ৫ টুকুৰা কৰিছিল আৰু খালত পেলাই দিছিল।

তাৰ পাছতে সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে ডুবাৰুৰ সহায়ত খালটোত পেলাই দিয়া মৃতদেহৰ টুকুৰা বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰক্ষীয়ে কয় যে খালটোৰ আশে-পাশে স্বামী ৰাম পালৰ কাপোৰ উদ্ধাৰ কৰা হৈছে আৰু যিবোৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল (UP Woman kills Husband)

ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

Photo: Google

লগতে পঢ়কঃ Guwahati Man Electrocuted: হায় ৰে শক্তি বিভাগ! পুনৰ উন্মুক্ত ট্ৰাঞ্চফৰ্মাৰে প্ৰাণ ল’লে এজন লোকৰ; কিন্তু আজিপৰ্যন্ত গা লৰা নাই বিভাগটোৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -