35 C
Guwahati
Wednesday, May 15, 2024

Tuesday Tips: কাইলৈ মঙলবাৰ; এই দিনটোত ভুলতেও এইকেইটা কাম নকৰিব; নহ’লে শান্তিপ্ৰিয় হনুমানো হৈ উঠে ক্ষুব্ধ, পিছে জানি লওক কি কি কাম?

Tuesday Tips: মঙলবাৰৰ দিনটো হনুমান জীৰ উপাসনাৰ বাবে ভাল দিন বুলি গণ্য কৰা হয়। এই দিনটোত মন্দিৰসমূহত ভক্তৰ লানি-নিচিগা ভিৰ থাকে। পিছে জানেনে মঙলবাৰে কিছুমান এনেকুৱা কাম আছে যিবোৰ কৰিব নালাগে। এইবোৰ কাম কৰিলে বজৰংবলী অসন্তুষ্ট হৈ উঠে।

Must Read

Tuesday Tips Avoid These Things: মঙলবাৰৰ (Tuesday) দিনটো হনুমান জী (Lord Hanuman) আৰু মঙলদেৱৰ ওপৰত সমৰ্পিত। এই দিনটোত ব্ৰত ৰাখিলে আৰু হনুমান জীৰ পূজা কৰিলে সকলো আশা পূৰণ হয়।

লগতে এই দিনটোত ব্ৰত ৰাখিলে কুণ্ডলীত মঙল গ্ৰহও শক্তিশালী হৈ উঠে। মঙলবাৰে ব্ৰত ৰখাৰ সময়ত কিছুমান কথাৰ গুৰুত্ব ৰখাৰ প্ৰয়োজন। এই দিনটোত জনা-নজনাকৈ হোৱা ভুলত বজৰংবলী অসন্তুষ্ট হৈ উঠে।

লগতে পঢ়কঃ Saturday Astro Tips: আজি শনিবাৰ; আজিৰ দিনটোত ভুলতেও নিকিনিব এইবোৰ বস্তু, নহ’লে হৈ যাব দুখীয়া! অসন্তুষ্ট হ’ব শনি দেৱ, পিছে জানো আহক কি কি বস্তু?

আহক জানো মঙলবাৰে কি কি কাম কৰিব নালাগে (Tuesday Tips Avoid These Things)-

১. নিমখ নাখাব

Tuesday Tips

মঙলবাৰৰ দিনটোত নিমখৰ সেৱন কৰিব নালাগে। ইয়াৰ দ্বাৰা আপুনি প্ৰতিটো কামতে বাধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে আৰু স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে (Tuesday Tips)

২. এইটো দিশত যাত্ৰা কৰিব নালাগে

মঙলবাৰৰ দিনটোত পশ্চিম আৰু উত্তৰ দিশত যাত্ৰা কৰিব নালাগে। যদি আপুনি কোনো কাৰণবশত এই দিশত যাত্ৰা কৰিবলগীয়া হয় তেন্তে ঘৰৰ পৰা গুৰ খাই উলাওক।

৩. নাখাব এইকেইবিধ বস্তু

Tuesday Tips

মঙলবাৰে মাংস, মাছ আৰু কণীৰ সেৱন কৰিব নালাগে। ই আপোনাৰ সুন্দৰ জীৱনটো ধ্বংস কৰিব পাৰে।

৪. ধাৰ দিয়াৰ পৰা আঁতৰি থাকক

Tuesday Tips

মঙলবাৰে কাকোকে ধাৰ দিব নালাগে। এই দিনটোত ধাৰ দিলে সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা যথেষ্ট কমি যায়। আপুনি এই দিনটোত কাৰোবাৰ পৰা লোৱা টকা ঘূৰাই দিব পাৰে।

৫. খঙৰ পৰা আঁতৰি থাকক

Tuesday Tips

মঙলবাৰে খং কৰাৰ পৰা বাচি থাকিব লাগে। লগতে এই দিনটোত কোনো লোকৰে সৈতে কাজিয়া-পেচাল বা অপশব্দ ব্য়ৱহাৰ কৰিব নালাগে।

৬. লোহাৰ বস্তু ক্ৰয় নকৰিব

Tuesday Tips

মঙলবাৰে লোহাৰ বস্তু কিনিলে অশুভ বুলি গণ্য কৰা হয়। ষ্টীলৰ বাচন আৰু চোকা অস্ত্ৰ যেনে নেইল কাটাৰ, চুৰি আৰু কেঁচীও এই দিনটোত ক্ৰয় কৰিব নালাগে। এই দিনটোত নতুন বাহন ক্ৰয় কৰাও অশুভ বুলি গণ্য কৰা হয়।

মঙলবাৰে কৰক এইধৰণে হনুমান জীৰ পূজা (Tuesday Tips Avoid These Things)-

Tuesday Tips

যদি আপুনি মঙলবাৰে ব্ৰত ৰাখি আছে তেন্তে প্ৰায় ২১টা মঙলবাৰৰ ব্ৰত নিশ্চয় ৰাখক। ব্ৰতৰ দিনা পুৱা সোনকালে উঠক আৰু গা ধোৱাৰ পিছত চাফা কাপোৰ পিন্ধি লওক।

ইয়াৰ পিছত পূজাথলী চাফা কৰক আৰু এটা স্থানত হনুমান জীৰ মূৰ্তি বা প্ৰতিমা ৰাখক (Lord Hanuman)

হনুমান জীৰ সন্মুখত ঘীৰ চাকি জ্বলাওক। হনুমান জীক ফুলৰ মালা পিন্ধাওক আৰু তেওঁৰ সন্মুখত চামেলী ফুলৰ তেল ৰাখক। তাৰ পিছত পূজা কৰি হনুমান চালিছা পাঠ কৰক।

হনুমান জীক প্ৰসাদ অৰ্পণ কৰক। এই দিনটোত ৰঙা ৰঙৰ কাপোৰ পিন্ধাটো শুভ বুলি গণ্য কৰা হয় (Lord Hanuman)

Photo: Google

লগতে পঢ়কঃ Guwahati Son Harassed Mother: মাকক মাৰিবলৈ হাত নকঁপা কুলাংগাৰ পুত্ৰ! মাতৃক খুঁটাত বান্ধি মাৰধৰ; গৰম পানীও ঢালে মাকৰ গাত…অৱশেষত আজি পৰিল ধৰা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -