36 C
Guwahati
Friday, May 17, 2024

Saturday Astro Tips: আজি শনিবাৰ; আজিৰ দিনটোত ভুলতেও নিকিনিব এইবোৰ বস্তু, নহ’লে হৈ যাব দুখীয়া! অসন্তুষ্ট হ’ব শনি দেৱ, পিছে জানো আহক কি কি বস্তু?

Saturday Astro Tips: শনিবাৰৰ দিনটোত শনি দেৱক সন্তুষ্ট কৰিবলৈ বিভিন্নধৰণৰ উপায় কৰা হয়। এই দিনটোত কিছুমান বস্তু কিনাটো অশুভ বুলি কোৱা হয়

Must Read

Saturday Astro Tips Avoid Buying These Things: শনিবাৰৰ দিনটোত সম্পূৰ্ণ নীতি-নিয়মেৰে শনি দেৱৰ পূজা কৰা হয়। এই দিনটো শনি দেৱৰ নামত সমৰ্পণ কৰা হয়।

শনি দেৱৰ কৃপা লাভ কৰিবলৈ শনিবাৰৰ দিনটোত মানুহে বিভিন্নধৰণৰ উপায় কৰে। জ্যোতিষ শাস্ত্ৰত শনিক এটা নিষ্ঠুৰ গ্ৰহ বুলি জনা যায়। যিয়ে অসন্তুষ্ট হ’লে ভক্তক অশুভ ফল দিয়ে। শনিবাৰৰ দিনটোত বিভিন্নধৰণৰ নীতি-নিয়ম পালন কৰা হয় (Saturday Astro Tips)

শনিবাৰে কিছুমান বিশেষ কাম কৰাত বাধা আছে। এই দিনটোত কিছুমান বস্তু কিনাৰ পৰা বাচি থাকিব লাগে। লোকবিশ্বাস যে শনিবাৰৰ দিনটোত এইসমূহ বস্তু কিনিলে শনিয়ে অশুভ ফল দিয়ে।

লগতে পঢ়কঃ Rudraksha Mala Benefits: “ৰুদ্ৰাক্ষ”ৰ মালা পিন্ধে নেকি? পিছে জানেনে ৰুদ্ৰাক্ষৰ মালা পিন্ধিলে বাঢ়ি যায় ধন-সম্পত্তি আৰু সুখ; কিন্তু পিন্ধাৰ আছে নিয়ম, লগতে পিন্ধিব নালাগে এইসকল লোকে!

গতিকে আহক জানো শনিবাৰে কোনবোৰ বস্তু ক্ৰয় কৰিব নালাগে (Saturday Astro Tips)-

শনিবাৰে শনিৰ সৈতে সম্বন্ধিত বস্তু কিনাৰ পৰা আঁতৰত থাকিব লাগে। বিশ্বাস কৰা হয় যে ই জীৱনত আৰ্থিক সংকট আৰু অন্য বিভিন্ন ধৰণৰ সমস্যা লৈ আহে।

এই দিনটোত শনিৰ সৈতে সম্পৰ্কিত বস্তু দান কৰাটো যথেষ্ট ভাল। গতিকে ভাল হ’ব যে শনিবাৰৰ পূৰ্বেই কিনি থৈ দিয়ক।

১. লোহা বা লোহাৰ বস্তু (Iron)

 

Saturday Astro Tips

শনিবাৰে লোহা বা লোহাৰ বস্তু ক্ৰয় কৰাটো অশুভ বুলি গণ্য কৰা হয়। লোহাক শনিৰ ধাতু বুলি জনা যায়। এয়া দুৰ্ভাগ্যৰ সংকেত আৰু যদি আপুনি ইয়াক ঘৰত আনে, তেতিয়া ঘৰলৈ অশান্তিও লৈ আহে।

লোহা কিনিলে শনি দেৱতা অসন্তুষ্ট হয়। অৱশ্যে শনিবাৰে লোহা দান কৰাটো শুভ হয়, ধনৰ লাভ হয়।

২. তেল (Oil)

শনিবাৰৰ দিনটোত শনি দেৱতাক সৰিয়হৰ তেল দিয়াৰ পৰম্পৰা আছে। কিন্তু শনিবাৰে তেল কিনাটো শুভ নহয়। সৰিয়হৰ তেলে হওক বা অন্য তেলে হওক কিনিব নালাগে, কাৰণ এয়া বেমাৰৰ সংকেত। শনিবাৰে তেল কিনিলে স্বাস্থ্য বেয়া হয়, ভয়ংকৰ বেমাৰ হয়।

পিছে শনিবাৰে তেল দান কৰিলে বা সৰিয়হৰ তেলেৰে ৰন্ধা আহাৰ দান কৰিব লাগে। ই স্বাস্থ্য স্থিতি ভাল কৰে।

৩. নিমখ (Salt)

Saturday Astro Tips

 

শনিবাৰে নিমখ কিনিলে লোকচান আৰু ধাৰ বাঢ়ে। যিসকল লোক আৰ্থিকভাবে দুৰ্বল সেইসকলে ভুলতেও নিমখ এই দিনটোত ৰাখিব নালাগে বা কিনিব নালাগে।

যদি ঘৰত নিমখ নাই তেন্তে শনিবাৰৰ আগতে কিনি থওক। শনিবাৰে নিমখেৰে বনোৱা যিকোনো বস্তু দান কৰা স্পৰ্শ কৰাৰ চেষ্টা নকৰিব (Saturday Astro Tips)

৪. কেঁচী (Scissors)

অন্য বস্তুৰ দৰে কেঁচীও শনিবাৰে ক্ৰয় কৰিব নালাগে। এই দিনটোত কেঁচী কেতিয়াও নিকিনিব বা উপহাৰ হিচাপে নিদিব। ক’বলৈ গ’লে শনিবাৰে কেঁচী স্পৰ্শও কৰাও ভুল। ই ঘৰত বা বন্ধুবৰ্গৰ মাজত কাজিয়াৰ সৃষ্টি কৰে।

৫. ঝাডু (Broom)

Saturday Astro Tips

ইয়াত কোনো সন্দেহ নাই যে ঝাডুই ঘৰৰ পৰা নেতিবাচক শক্তি শেষ কৰে আৰু ঘৰত পজিটিভ পৰিৱেশ লৈ আহে। অৱশ্যে শনিবাৰ আৰু মঙলবাৰে কেতিয়াও ঝাড়ু নিকিনিব। ই দৰিদ্ৰতা লৈ আহে। আপোনাৰ আৰ্থিক অৱস্থা দুৰ্বল কৰে।

৬. চিয়াঁহী (Ink)

Saturday Astro Tips

শনিবাৰৰ দিনটোত চিয়াঁহী কিনাটো অধ্যয়ন আৰু কেৰিয়াৰত যথেষ্ট অশুভ বুলি গণ্য কৰা হয়। শনিবাৰে চিয়াঁহী কিনিব নালাগে, বিশেষকৈ যিসকলে পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকে কিনিব নালাগে।

৭. ক’লা জোতা বা কাপোৰ (Black Shoes Or Cloths)

Saturday Astro Tips

ক’লা জোতা সকলোৰে বাবে প্ৰয়োজনীয়, বিশেষকৈ অফিচলৈ যোৱাসকলৰ বাবে, কিন্তু শনিবাৰে পিন্ধা বা কিনাটো যথেষ্ট দুৰ্ভাগ্যৰ সংকেত হয়।

ক’লা জোতাই আপোনাৰ কাৰ্যস্থলীত অসফলতা আৰু কাজিয়া লৈ আহে। চাকৰিৰ পৰাও ওলাই দিব পাৰে। শনিবাৰে ক’লা জোতা পিন্ধিলে শনি দেৱ অসন্তুষ্ট হয়। লগতে ক’লা ৰঙৰ কাপোৰো পিন্ধিব নালাগে। কিন্তু এই দিনটোত ক’লা কাপোৰ বা দান কৰাটো যথেষ্ট শুভ।

৮. ক’লা তিল (Black Sesame Seeds)

Saturday Astro Tips

শনি দেৱৰ দশা গুচাবলৈ ক’তা তিলৰ দান কৰাটো শুভ। কিন্তু এই দিনটোত ক’লা তিল কিনিব নালাগে। ই কামত বাধা দিয়ে। লগতে বহুত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

৯. ইন্ধন (Fuel)

 

শনিবাৰে ইন্ধন ক্ৰয় কৰিব নালাগে। শনিবাৰে ঘৰলৈ অনা ইন্ধনে পৰিয়ালটোক কষ্ট দিয়ে (Saturday Astro Tips)। ইন্ধন- চিলিণ্ডাৰ, কেৰাচিন বা পেট্ৰ’ল আদিৰ দৰে যিকোনো ধৰণৰ ইন্ধন শনিবাৰে ভুলতেও ক্ৰয় কৰিব নালাগে।

১০. কয়লা (Coal)

Saturday Astro Tips

শনিবাৰে কয়লাও কিনিব নালাগে। এই দিনটোত কয়লা কিনিলে শনি দোষ আহে। যাৰ ফলত সকলো কামতে বাধা আহে। লগতে শনিবাৰে কাজলো (Kajol) কিনিব নালাগে (Saturday Astro Tips)

১১. বাঁহ-বেট

শনিবাৰে ঘৰত বাঁহ-বেটৰ বস্তু কিনি আনিব নালাগে। ইয়াক অশুভ বুলি গণ্য কৰা হয়। ঘৰলৈ দৰিদ্ৰতা লৈ আহে।

১২. মাছ-মাংস বা সুৰা (Fish-Meat And Alcohol)

Saturday Astro Tips

শনিবাৰৰ দিনটোত মাছ-মাংস নাখাব। লগতে সুৰাৰ সেৱন ভুলতেও নকৰিব। শনিবাৰে মাছ-মাংস বা সুৰা সেৱনে শনিদেৱক অসন্তুষ্ট কৰে। শনিৰ প্ৰকোপে আপোনাৰ সকলো নষ্ট কৰি পেলাব পাৰে (Saturday Astro Tips)

Photo: Google

লগতে পঢ়কঃ Golaghat Attempt To Murder: “মদ”ৰ বাবে বাঢ়িছে অপৰাধ! ৰাজ্যত আকৌ আন এক ভয়ংকৰ ঘটনা; মদৰ নিচাত এজন লোকে দাৰে ঘপিয়ালে পত্নী, শাহু, ভাগিন আৰু চুবুৰীয়াক… আহত ভাগিনীয়েকৰ ভাষ্য- “মহা আৰু মাহীৰ কাজিয়া হৈছিল”

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -