31 C
Guwahati
Saturday, May 18, 2024

Golaghat Attempt To Murder: “মদ”ৰ বাবে বাঢ়িছে অপৰাধ! ৰাজ্যত আকৌ আন এক ভয়ংকৰ ঘটনা; মদৰ নিচাত এজন লোকে দাৰে ঘপিয়ালে পত্নী, শাহু, ভাগিন আৰু চুবুৰীয়াক… আহত ভাগিনীয়েকৰ ভাষ্য- “মহা আৰু মাহীৰ কাজিয়া হৈছিল”

Golaghat Attempt To Murder In Assam: গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় গোলাঘাটতে

Must Read

Golaghat Attempt To Murder In Assam: গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় গোলাঘাটতে (Golaghat Attempt Murder)।

অৱশ্যে এই ঘটনাত কোনোমতে প্ৰাণৰক্ষা আটাইকেইজনৰে। ৰাজ্যত সুৰাৰ বাবে দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে অপৰাধজনিত ঘটনা। এইবাৰ মদৰ বাবে আন এক জঘন্য ঘটনা সংঘটি হয় গোলাঘাটত (Drunk Man Attempt To Murder)

হত্যাৰ চেষ্টা কৰা স্বামী-

শুকুৰবাৰে নিশা গোলাঘাটৰ কমাৰবন্ধাৰ বামুন গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Golaghat Horrific Case)। স্বামী আৰু পত্নীৰ কাজিয়াৰ পিছতে এই কাজিয়াই ভয়ংকৰ ৰূপ লয়।

ভাগিনীয়েক-

সুৰাৰ নিচাত স্বামী মহেন্দ্ৰ শ‌ইকীয়াই দাৰে ঘপিয়াই গুৰুতৰভাবে আহত কৰে শাহু, পত্নী, ভাগিনীয়েক আৰু চুবুৰীয়াক (Critically Injured Wife, Mother In law, Niece And Neighbour)। আৰু এই ঘটনাত নিজেও আহত হয় মহেন্দ্ৰ শ‌ইকীয়া।

লগতে পঢ়কঃ Golaghat Triple Murder Update: গোলাঘাটৰ পত্নী-শাহু-শহুৰ হত্যাকাণ্ড; হত্যাৰ সময়ত ভিডিঅ’ কলিঙত আছিল পত্নী সংঘমিত্ৰাৰ ভগ্নী অংকিতা, ভিনিহীয়েকে বায়েকক ঘপিয়াইছিল আৰু এই সমগ্ৰ দৃশ্য দেখিছিল ভনীয়েকে…ভিনিহীয়েকে বায়েকৰ কৰিছিল গা ধোৱা ভিডিঅ’ও

হত্যাৰ চেষ্টা কৰা মহেন্দ্ৰ শ‌ইকীয়া নামৰ লোকজনে দাৰে ঘপিয়াই গুৰুতৰভাবে আহত কৰিলে পত্নী ভাৰতী শইকীয়া, শাহু ভনী শইকীয়া, ভাগিনীয়েক ৰিংকু বৰা আৰু চুবুৰীয়া বুলু ৰাভাক।

পাৰিবাৰিক সংঘাতৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Golaghat Attempt To Murder)

আহত আটাইকেইজনকে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে, আক্ৰমণৰ সময়ত মহেন্দ্ৰ শইকীয়াও আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈছে। ইফালে বুলু ৰাভাক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য দীৰ্ঘদিন ধৰি মহেন্দ্ৰ শইকীয়া আৰু তেওঁৰ পত্নী ভাৰতী শইকীয়াৰ মাজত পাৰিবাৰিক সংঘাত আছিল। যাৰ ফলত স্বামীৰ ঘৰ ত্যাগ কৰি মাতৃৰ ঘৰত আছিল ভাৰতী শইকীয়া। যাক লৈ স্বামী মহেন্দ্ৰ শইকীয়াই ক্ষুন্ন হৈ হত্যাৰ চেষ্টা চলায় (Golaghat Attempt To Murder)

বৰ্তমান গোলাঘাট আৰক্ষীয়ে (Golaghat Police Detained Husband) আক্ৰমণকাৰী স্বামী মহেন্দ্ৰ শইকীয়াক আটক কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Photo & Input: Batori24

লগতে পঢ়কঃ Bollywood Kanjoos Actors: সাধাৰণ বাদ দিয়ক; বলীউডতে আছে “Kanjoos” অভিনেতা-অভিনেত্ৰী, কোটিত উপাৰ্জন কৰিও এইকেইগৰাকী তাৰকাই ১০০ বাৰ ভাবে খৰচ কৰিবলৈ টকা!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -