35 C
Guwahati
Tuesday, May 14, 2024

Rudraksha Mala Benefits: “ৰুদ্ৰাক্ষ”ৰ মালা পিন্ধে নেকি? পিছে জানেনে ৰুদ্ৰাক্ষৰ মালা পিন্ধিলে বাঢ়ি যায় ধন-সম্পত্তি আৰু সুখ; কিন্তু পিন্ধাৰ আছে নিয়ম, লগতে পিন্ধিব নালাগে এইসকল লোকে!

Rudraksha Mala Benefits: প্ৰাচীন কালৰে পৰা ৰুদ্ৰাক্ষক নিজৰ দিব্য চিকিৎসা শক্তিসমূহৰ বাবে আটাইতকৈ মূল্য়বান মণিৰ ভিতৰত এটা বুলি জনা গৈছিল

Must Read

Rudraksha Mala Benefits Lifestyle: প্ৰাচীন কালৰে পৰা ৰুদ্ৰাক্ষক নিজৰ দিব্য চিকিৎসা শক্তিসমূহৰ বাবে আটাইতকৈ মূল্য়বান মণিৰ ভিতৰত এটা বুলি জনা গৈছিল।

কোৱা হয় যে যাৰ ওপৰত ভগৱান শিৱৰ কৃপা থাকে তেওঁলোকেহে ইয়াক পৰিধান কৰাৰ সুযোগ লাভ কৰে। “ৰুদ্ৰাক্ষ” শব্দৰ অৰ্থ ৰুদ্ৰ (শিৱ) আৰু চকু আৰু তেওঁৰ চকুপানী (অক্ষ) হয়।

এই আধ্যাত্মিক মুকুতাৰ উৎপত্তিৰ কাহিনীয়ে কয়ে যে কিয় ইয়াক শিৱৰ আৰ্শীবাদ বুলি কোৱা হয় (Rudraksha Mala Benefits)

লোকবিশ্বাস যে শিৱ ভগৱান হাজাৰ হাজাৰ বছৰলৈ চকু বন্ধ কৰি ধ্যান বহি থাকিছিল। নিজৰ চকু খোলাত, তেওঁ পৰমানন্দৰ চকুপানী ওলাই যি পৃথিৱীত পৰে আৰু পৱিত্ৰ ৰুদ্ৰাক্ষ গছ হৈ উঠে।

প্ৰাৰ্থনা আৰু জপৰ বাবে ব্যৱহাৰ কৰা আধ্যাত্মিক ৰুদ্ৰ মালাত সাধাৰণতে ১০৮টা মণি থাকে (Rudraksha Mala Benefits)

ৰুদ্ৰাক্ষ একমুখী, দুইমুখী, পঞ্চমুখীসহ কেইবা প্ৰকাৰৰো আছে। ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ বহু লাভ হয়। সাধাৰণতে মানুহে পঞ্চমুখী ৰুদ্ৰাক্ষ পৰিধান কৰে। যিয়ে এই ৰুদ্ৰাক্ষ মালা পৰিধান কৰে, তেওঁলোকৰ লগত ৩ গৰাকী দিব্য দেৱতা অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ আৰ্শীবাদ থাকে।

Rudraksha Mala Benefits

লগতে পঢ়কঃ Friday Tips For Money: কাইলৈ শুকুৰবাৰ; ধনী হ’বলৈ কাইলৈৰ দিনটোত ঘৰত কৰক এইকেইটা কাম, হ’ব টকাৰ বৰষুণ, আহক জানো কি কি কাম?

আহক জানো “ৰুদ্ৰাক্ষ”ৰ মালা পিন্ধাৰ লাভালাভ (Rudraksha Mala Benefits)-

১. ৰুদ্ৰাক্ষৰ মালা পিন্ধিলে মানুহৰ একাগ্ৰতা বাঢ়ে। ইয়াৰ ফলত ধন-ধ্যানৰ লাভ হয়। ঘৰত সুখ-সমৃদ্ধিৰ বাস হয়।

২. হিন্দু ধৰ্মৰ মান্যতা অনুসৰি, ৰুদ্ৰাক্ষ ধাৰণ কৰিলে স্বাস্থ্যৰ লাভ হয়। ইয়াৰ দ্বাৰা ৰোগ দূৰ হয়। উত্তম স্বাস্থ্যৰ বাবে ৰুদ্ৰাক্ষৰ মালা ধাৰণ কৰা উচিত।

৩. ৰুদ্ৰাক্ষ ধাৰণ কৰিলে গ্ৰহ দোষৰ পৰা মুক্তি পোৱা যায়। মান্যতা অনুসৰি, পঞ্চমুখী ৰুদ্ৰাক্ষই বৃহস্পতি গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ কৰে। ভগৱান শিৱৰ কৃপা পাবলৈ পঞ্চমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা শুভ বুলি কোৱা হয়।

৪. ৰুদ্ৰাক্ষৰ মালা পিন্ধিলে ঋণাত্মক শক্তি আঁতৰ হয়। ইয়াৰ দ্বাৰা ইতিবাচক প্ৰভাৱ বৃদ্ধি হয়। ইয়াৰ ফলত মন শুদ্ধ হৈ থাকে।

৫. ৰুদ্ৰাক্ষৰ মালা পিন্ধিলে মানুহ মানসিকভাৱে শক্তিশালী হয়। পঞ্চমুখী ৰুদ্ৰাক্ষই উদ্বেগমুক্ত আৰু সুখী জীৱন প্ৰদান কৰাৰ লগতে এলেহুৱা ভাৱ দূৰ কৰে।

৬. ৰুদ্ৰাক্ষে শৰীৰৰ বাবে সুৰক্ষা কৱচ হিচাপে কাম কৰে।

৭. মনটো শান্ত কৰি ৰখাত সহায় কৰে।

৮. চিন্তা আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

৯. ৰুদ্ৰাক্ষৰ মালাই পাচন তন্ত্ৰ সুস্থ কৰি ৰাখে। ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল ৰাখে (Rudraksha Mala Benefits)

১০. হৃদৰোগত আক্ৰান্ত লোকে এই মালা পিন্ধিলে ভাল ফল লাভ কৰে।

১১. যদি আপোনাৰ বিবাহত সমস্য়াৰ সৃষ্টি হৈ আছে তেন্তে আপুনি গৌৰী শংকৰ ৰুদ্ৰাক্ষ মালা পৰিধান কৰক।

১২. যদি আপোনাৰ কোনো প্ৰতিযোগী পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে বা পঢ়াত মন বহা নাই তেন্তে পঞ্চমুখী পৰিধান কৰক।

১৩. শাৰীৰিক সম্বন্ধীয় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ১১ মুখী ৰুদ্ৰাক্ষ পিন্ধক।

১৪. চাকৰিৰ ক্ষেত্ৰত যদি সমস্যা হৈছে তেন্তে ৩ মুখী পৰিধান কৰক।

১৫. যদি আপোনাৰ সুৰাপানৰ দৰে বেয়া অভ্যাস লাগিছে তেন্তে পঞ্চমুখী পৰিধান কৰক, শীঘ্ৰে এই বেয়া অভ্যাস আঁতৰ হ’ব।

কোনে পিন্ধিব নালাগে ৰুদ্ৰাক্ষৰ মালা (Rudraksha Mala Benefits)-

১. ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰাসকলে নিজকে শুদ্ধ আৰু পৱিত্ৰ কৰি ৰাখিব লাগে।

২. সুৰাপান বা নিচাজাতীয় দ্ৰব্য সেৱন কৰাসকলে ৰুদ্ৰাক্ষ পিন্ধিব নালাগে।

৩. যিসকলে মাছ-মাংস খাই বা বেয়া কামত লিপ্ত থাকে সেইসকলে এই মালা পিন্ধিব নালাগে।

৪. যিকোনো বেয়া কাম কৰাৰ পূৰ্বে পিন্ধি থকা লোকজনে এই মালা খুলি দিব লাগে বা পিন্ধিবয়ে নালাগে।

৫. অপ্ৰমাণিত মালাও পিন্ধিব নালাগে।

কেতিয়া পিন্ধিব লাগে আৰু কেনেদৰে পিন্ধিব লাগে ৰুদ্ৰাক্ষৰ মালা (Rudraksha Mala Benefits)-

এই মালা সোমবাৰ, পূৰ্ণিমা বা অমাৱস্যাৰ দিনা পিন্ধাটো ভাল বুলি গণ্য কৰা হয়। লগতে, এই মালা ১, ২৭, ৫৪ বা ১০৮ সংখ্যাত পিন্ধিব লাগে। যদি আপুনি এই মালা যিকোনো ধাতুৰ সতে পিন্ধে তেন্তে ইয়াৰ লাভ দুগুণ বৃদ্ধি হয়। ইয়াৰ মালা সোণ আৰু ৰূপত পিন্ধাটো ভাল (Rudraksha Mala Benefits)

পঞ্চমুখী ৰুদ্ৰাক্ষ সোমবাৰ বা বৃহস্পতিবাৰে পিন্ধিব লাগে। ইয়াক পিন্ধাৰ বাবে পুৱা সোনকালে উঠি স্নান কৰি এখন আসনত ৰঙা বস্ত্ৰ পাৰি লওক আৰু তাত ভগৱান শিৱৰ প্ৰতিমা স্থাপন কৰক।

ইয়াৰ পিছত ভগৱান মহাদেৱক পূজা–অৰ্চনা কৰক। তেওঁক প্ৰসাদ অৰ্পণ কৰক। ৰুদ্ৰাক্ষ পিন্ধোতে সদায় উত্তৰ দিশত বহি ঔম হৰেম নমঃ জপ কৰক। এই সময়ত মহাদেৱক ধ্যান কৰা উচিত।

ৰাশি (Zodiac) অনুসৰি ৰুদ্ৰাক্ষ (Rudraksha Mala Benefits)

মেষ আৰু বৃশ্চিক ৰাশিয়ে ৩ মুখী, বৃষ আৰু তুলা ৰাশিয়ে ৬ মুখী, মিথুন আৰু কন্যা ৰাশিয়ে ৪ মুখীৰ ৰুদ্ৰাক্ষ পৰিধান কৰক।

আনহাতে কৰ্কট ৰাশিয়ে ২ মুখী, সিংহ ৰাশিয়ে ১ মুখী, ধনু আৰু মীন ৰাশিয়ে ৫ মুখী, মকৰ আৰু কুম্ভ ৰাশিয়ে ৭ মুখী পিন্ধিলে লাভ হ’ব।

Photo: Google

লগতে পঢ়কঃ 3 Wild Elephants Died Rani: সুৰক্ষিত নহয় জীৱ-জন্তুও! খাদ্য বিচাৰি ওলাই আহিছিল; বিদ্যুৎ‍স্পৃষ্ট হৈ মৃত্যু এটা পোৱালিসহ ৩টা বনৰীয়া হাতীৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -