36 C
Guwahati
Friday, May 17, 2024

Friday Tips For Money: কাইলৈ শুকুৰবাৰ; ধনী হ’বলৈ কাইলৈৰ দিনটোত ঘৰত কৰক এইকেইটা কাম, হ’ব টকাৰ বৰষুণ, আহক জানো কি কি কাম?

Friday Tips For Money: মা লক্ষ্মীক ধনৰ দেৱী বুলি কোৱা হয়। শুকুৰবাৰৰ দিনা মা লক্ষ্মীৰ পূজা-উপাসনা কৰিলে ঘৰত সুখ-শান্তি বৃদ্ধি হয়, ধনৰ অভাৱ নহয়

Must Read

Friday Tips For Money Problem In Life: মা লক্ষ্মীক (Maa Lakshmi) ধনৰ দেৱী বুলি কোৱা হয়। শুকুৰবাৰৰ দিনটোত লক্ষ্মী মাক পূজা-উপাসনা কৰিলে ঘৰখনত সুখ-শান্তি বৃদ্ধি হয় আৰু ধনৰ অভাৱ নহয়।

কিন্তু এই সকলো তেতিয়াহে সম্ভৱ হয়, যেতিয়া দেৱী মা (Maa Lakshmi) ভক্তৰ প্ৰতি সন্তুষ্ট হয়। ইফালে, যদি দেৱী মা অসন্তুষ্ট হয়, তেতিয়া ঘৰখনত আহে ঘোৰ দৰিদ্ৰতা।

লক্ষ্মী মাক সন্তুষ্ট কৰিবলৈ বিভিন্নজনে বিভিন্নধৰণৰ চেষ্টা কৰে। ব্ৰত ৰাখে, পূজা কৰে, কিন্তু ভুলতে কিছুমান ভুল কৰি দিয়ে, যি লক্ষ্মী মায়ে ভাল নাপায় (Friday Tips For Money)। এই ভুলৰ পৰিণাম এজন লোকে গোটেই জীৱনটো ভুগিব লাগে। ধনৰ অভাৱ হ’বলৈ ধৰে।

Friday Tips For Money

গতিকে শুকুৰবাৰৰ (Friday) দিনটোত কিছুমান বিশেষ কথাত গুৰুত্ব দিব লাগে।

আহক জানো শুকুৰবাৰে কি কি কৰিব লাগে, কি কি কৰিব নালাগে (Friday Tips For Money)?

১. শুকুৰবাৰে লক্ষ্মী মাৰ মন্ত্ৰ ‘ॐ श्रीं श्रीये नम:‘ ৰ ১০৮ বাৰ জপ কৰক।

২. মা লক্ষ্মী ভগৱান শ্ৰী বিষ্ণুৰ পত্নী, গতিকে শুকুৰবাৰৰ দিনটোত দক্ষিণাৱৰ্তী শংখত পানী ভৰাই ভগৱান বিষ্ণুৰ অভিষেক কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়।

৩. শুকুৰবাৰৰ দিনটোত মা লক্ষ্মীৰ সন্মুখত ঘীৰ চাকি জ্বলাওক আৰু চাকিগছত অলপ কেশৰ ঢালি দিয়ক।

৪. শুকুৰবাৰে দুখীয়া আৰু প্ৰয়োজনীয় লোকক বগা চাউল আৰু কাপোৰ দান কৰক।

৫. শুকুৰবাৰে মা লক্ষ্মীৰ ফটো বা মূৰ্তিৰ সন্মুখত ৰঙা কাপোৰ এখন লৈ তাৰ ওপৰত এমুঠি জিৰা আৰু কেইটামান খুচুৰা পইচা ল’ব। মা লক্ষ্মীৰ উপাসনা কৰাৰ পিছত সেইখিনি এক সুৰক্ষিত বা য’ত টকা ৰখা হয়, সেই ঠাইত ৰাখিব। এনে কৰিলে ঘৰখনলৈ আহিব টকা।

লগতে পঢ়কঃ Maa Lakshmi Blessing Tips: ৰাতিপুৱাই উঠি এইকেইটা কাম কৰক! সন্তুষ্ট হ’ব মা লক্ষ্মী; কেতিয়াও নহ’ব টকা-পইচাৰ অভাৱ, পিছে জানক কি কি কাম?

৬. শুকুৰবাৰৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। যদি সম্ভৱ হয় তেন্তে পিঁয়াজ আৰু নহৰুও নাখাব।

৭. লোকবিশ্বাস যে চেনীৰ সম্বন্ধ শুক্ৰ আৰু চন্দ্ৰৰ সৈতে থাকে। গতিকে এই দিনটোত কেতিয়াও কাকো চেনী দান নকৰিব। নহ’লে ঘৰৰ পৰা গুচি যায় সুখ-সমৃদ্ধি (Friday Tips For Money)

৮. শুকুৰবাৰে কেতিয়াও কাকো টকা ধাৰে নিদিব আৰু কাৰোৰে পৰা নলবও। কোৱা হয় যে এই দিনটোত টকা ধাৰে ল’লে ঘূৰাই দিওতে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। লগতে ধাৰে দিয়া টকাও ঘূৰাই নাপায়।

৯. শুকুৰবাৰৰ দিনটোত কেতিয়াও মহিলাক অপমান নকৰিব। নহ’লে ভীষণ সমস্যাৰ সন্মুখীন হ’ব। নৰকৰ দুৱাৰ দেখা পোৱাৰ সম্ভাৱনা থাকে।

১০. লোকবিশ্বাস যে লক্ষ্মী মা চাফ-চিকুণতা ভাল পায়। তেওঁ লেতেৰা ভাল নাপায়। সেইবাবে পাকঘৰত কেতিয়াও লেতেৰা বাচন নথ’ব (Friday Tips For Money)

Photo: Google

লগতে পঢ়কঃ Lakhimpur Accident 2 Died: আকৌ “মদে” কাঢ়িলে প্ৰাণ! ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে দ্ৰুতবেগী ব্ৰীজা বাহনে; প্ৰাণ হেৰুৱালে যুৱক-যুৱতীয়ে, বাহনখনত আছিল বিয়েৰৰ লগতে বিলাতী মদৰ বটল

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -