24 C
Guwahati
Thursday, May 9, 2024

Rahul Gandhi Conviction Stay: “Disqualified”ৰ পৰা “Qualified” সাংসদ হ’ল ৰাহুল গান্ধী! ৰাহুলৰ বিৰুদ্ধে থকা শাস্তিৰ ৰায়ত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

Rahul Gandhi Conviction Stay Modi-Thieves Defamation Case: আকৌ সংসদলৈ যাব ৰাহুল গান্ধী! Disqualified MP হৈ আৰু নাথাকে!

Must Read

Rahul Gandhi Conviction Stay Modi-Thieves Defamation Case: আকৌ সংসদলৈ যাব ৰাহুল গান্ধী! Disqualified MP হৈ আৰু নাথাকে!

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতেই সাংসদ পদ ঘূৰাই পোৱাৰ পথ প্ৰশস্থ হ’ল ৰাহুল গান্ধীৰ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা শাস্তিৰ ৰায়ত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ। সকাহ পালে ৰাহুল গান্ধীয়ে! কিন্তু ৰাহুল গান্ধীৰ গোচৰে সহায়হে কৰিলে বিৰোধীক (Rahul Gandhi Conviction Stay)!

Rahul Gandhi Conviction Stay
Rahul Gandhi Conviction Stay

মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰাৰ অপৰাধ চুৰাটৰ আদালতে দুবছৰৰ কাৰাদণ্ড বিহিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। আদালতৰ ৰায়ৰ পাছতেই Representation Of The People Act, 1951ৰ বিধি অনুসৰি তেওঁৰ লোকসভাৰ সাংসদ পদ খাৰিজ হৈছিল।

লগতে পঢ়কঃ Rahul Gandhi: দোষমুক্ত নহ’ল ৰাহুল গান্ধী; সাংসদ পদো নাপাব ঘূৰাই, ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক লৈ থাকিল অনিশ্চয়তা, ২০১৯ত ‘মোদী উপাধি’ক লৈ ৰাহুলে কৰিছিল বিতৰ্কিত মন্তব্য…

এই ৰায়ৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাহুল গান্ধী। কিন্তু গুজৰাট উচ্চ ন্যায়ালয়তো পূৰ্বৰ ৰায়েই বাহাল আছিল। তাৰ পিছতে ৰাহুল গান্ধীয়ে আপীল কৰিছিল উচ্চতম ন্যায়ালয়ত (Supreme Court Stayed The Conviction Of Rahul Gandhi Defamation Case Over The “Why All Thieves Have Modi Surname” Remark)

অৱশেষত, উচ্চতম ন্যায়ালয়ে সকাহ দিলে কংগ্ৰেছ নেতাজনক (Rahul Gandhi Conviction Stay)। গুজৰাটৰ আদালতে দিয়া ৰায়ত স্থগিতাদেশ দিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই, পি এচ নৰসিংহা আৰু সঞ্জয় কুমাৰৰ বিচাৰপীঠে এই স্থগিতাদেশ প্ৰদান কৰে।

এয়া আছিল ৰাহুল গান্ধীৰ বাবে শেষ সুযোগ। উচ্চতম ন্যায়ালয়ৰ (Supreme Court) এই ৰায়ৰ পাছত ৰাহুল গান্ধীয়ে পুনৰ সাংসদ পদ ঘূৰাই পোৱা তথা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পথ মুক্ত হ’ল।

গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে গান্ধীৰ বিৰুদ্ধে অভিযোগ আনিছিল। পূৰ্ণেশ মোদীৰ এই অভিযোগে ৰাহুল গান্ধীক কেইবামাহৰ বাবে বাৰুকৈয়ে বিপদত পেলালে সঁচা। কিন্তু ৰাহুল গান্ধীৰ বিৰুদ্ধে শাস্তিৰ ৰায় তথা সাংসদ পদ খাৰিজে বিৰোধীক যেন সহায় কৰিলে।

ৰাহুল গান্ধীৰ বিৰুদ্ধে চুৰাট আদালতে ৰায় দান কৰাৰ পাছতেই বিৰোধী একত্ৰিত হোৱাৰ পথ প্ৰশস্থ হৈছিল। কংগ্ৰেছৰ সৈতে পৰস্পৰ বিৰোধী স্থিতিত থকা আম আদমি পাৰ্টিয়েও ৰাহুল গান্ধীৰ বিৰুদ্ধে অন্যায় হোৱা বুলি সৰৱ হৈছিল (Rahul Gandhi Conviction Stay)

ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ ৰায়ৰ পাছতেই আৰম্ভ হোৱা প্ৰক্ৰিয়াৰ জৰিয়তে ২৫ টাকৈ বিজেপি বিৰোধী ৰাজনৈতিক দল একগোট হৈছে। গঠন হৈছে বিৰোধীৰ মৰ্চা INDIA.

ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পাছতেই তেওঁৰ প্ৰতি দেশৰ বৃহৎ সংখ্যক জনগণে সহমৰ্মিতা প্ৰকাশ কৰিছিল। ৰাহুল গান্ধীৰ ক্ষতি হোৱাৰ বিপৰীতে জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখা গৈছিল।
যিটো হয়তো বিজেপিয়ে ভবাই নাছিল।

এতিয়া সন্মুখত লোকসভাৰ নিৰ্বাচন। নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ৰাহুল গান্ধীয়ে। উচ্চতম ন্যায়ালয়ৰ আজিৰ সকাহে আগন্তুক দিনত ৰাহুল গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰত কেনেদৰে সহায় কৰে সেয়া হ’ব লক্ষণীয় (Rahul Gandhi Conviction Stay)

উচ্চতম ন্যায়ালয়ৰ (Supreme Court) বিশেষ মন্তব্য

দৰাচলতে, ৰাহুল গান্ধীক লৈ এই সিদ্ধাান্ত পূৰ্বৰে পৰা সন্দেহযুক্ত আছিল কাৰণ যেতিয়া ৰাহুল গান্ধীয়ে মোদী উপাধিৰ ব্যৱহাৰ কৰিছিল তেতিয়া নীৰৱ মোদীৰ দৰে কেলেংকাৰীজন বিদেশত বহি আছিল। সেইবাবে, এইটো ক’ব নোৱাৰি যে ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) বা পূৰ্ণেশ মোদীক (Purnesh Modi) লৈ এইবোৰ কৈছিল।

Photo: Google

লগতে পঢ়কঃ Rudraksha Mala Benefits: “ৰুদ্ৰাক্ষ”ৰ মালা পিন্ধে নেকি? পিছে জানেনে ৰুদ্ৰাক্ষৰ মালা পিন্ধিলে বাঢ়ি যায় ধন-সম্পত্তি আৰু সুখ; কিন্তু পিন্ধাৰ আছে নিয়ম, লগতে পিন্ধিব নালাগে এইসকল লোকে!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -