26 C
Guwahati
Thursday, May 9, 2024

Rahul Gandhi: দোষমুক্ত নহ’ল ৰাহুল গান্ধী; সাংসদ পদো নাপাব ঘূৰাই, ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক লৈ থাকিল অনিশ্চয়তা, ২০১৯ত ‘মোদী উপাধি’ক লৈ ৰাহুলে কৰিছিল বিতৰ্কিত মন্তব্য…

Must Read

Rahul Gandhi Defamation Case: সকাহ নাপালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Congress Leader Rahul Gandhi)।

গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰাখিলে সত্ৰ ন্যায়ালয়ৰ ৰায়। সেই অনুসৰি সাংসদ পদ ঘূৰাই নাপায় ৰাহুল গান্ধীয়ে। তেওঁৰ ওপৰত চলি থাকিব মানহানিৰ গোচৰ।

উচ্চ ন্যায়ালয়ত বিমুখ হোৱাৰ পিছত এতিয়া কংগ্ৰেছ নেতাগৰাকীৰ সমুখত কেৱল উচ্চতম ন্যায়ালয় (Supreme Court)

চাৰি বছৰ পুৰণি ‘মোদী উপাধি’ কেন্দ্ৰিক গোচৰত চলিত বৰ্ষৰ মাৰ্চ মাহত চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দিয়া ৰায়দানত স্থগিতাদেশ বিচাৰি কংগ্ৰেছ নেতাগৰাকী গুজৰাট উচ্চ ন্যায়ালয়ৰ (Gujarat High Court) কাষ চাপিছিল যদিও আদালতে আজি গান্ধীৰ আবেদন নাকচ কৰে (Rahul Gandhi Modi-Surname Defamation case: Gujarat HC Refuses To Stay Conviction)

Rahul Gandhi

লগতে পঢ়কঃ Rahul Gandhi Disqualified: ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন; “মোডী উপাধি” সন্দৰ্ভত মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ সাংসদ পদ

‘মোডী উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দোষী সাৱ্যস্ত হৈছিল ৰাহুল গান্ধী। সেই আদেশত স্থগিতাদেশ বিচাৰি কৰা আবেদন দাখিল কৰিছিল গান্ধীয়ে (2019 Modi Surname Defamation Case)

কিন্তু শুকুৰবাৰে এই আবেদন খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। ৰাহুল গান্ধীৰ (Rahul Gandhi) দুবছৰীয়া শাস্তি বাহাল থাকিব।

ৰাহুল গান্ধীক চুৰাট আদালতে (Surat Court) ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ইয়াৰ পাছত ৰাহুল গান্ধীৰ সাংসদৰ পদ বাতিল কৰা হৈছিল।

লগতে তেওঁ তেওঁৰ চৰকাৰী বাংলো খালী কৰিবলগীয়া হৈছিল। সাংসদ পদ ঘূৰাই নোপোৱাৰ বাবে ৰাহুল গান্ধীয়ে ২০২৪ চনৰ নিৰ্বাচনত (2024 Loksabha Election) প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

গুজৰাট উচ্চ ন্যায়ালয়ৰ (Gujarat High Court) ন্যায়াধীশ হেমন্ত প্ৰচ্ছকৰ বিচাৰপীঠে আজি গান্ধীৰ আবেদন সন্দৰ্ভত ৰায়দান কৰি কয় যে ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰু প্ৰায় ১০টা অপৰাধমূলক মানহানিৰ অভিযোগ বিচাৰাধীন হৈ আছে।

আদালতে লগতে গান্ধীৰ স্থগিতাদেশ আবেদনৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰে।

অৱশ্যে, ইতিপূৰ্বে আদালতে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি স্থগিত ৰখাৰ বাবে ৰাহুল গান্ধী এতিয়া কাৰাৰুদ্ধ নহয়। কিন্তু, চুৰাট আদালতৰ ৰায়ৰ পিছতে তেওঁৰ সাংসদ পদ খাৰিজ হোৱাৰ বাবে ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ আগন্তুক অধিৱেশনত গান্ধীয়ে ভাগ ল’ব নোৱাৰিব।

আজি উচ্চ ন্যায়ালয়ে গান্ধীৰ (Rahul Gandhi) আবেদন নাকচ কৰাৰ বাবে এতিয়া তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিব। যদি উচ্চতম ন্যায়ালয়েও তেওঁৰ অনুৰোধ নাকচ কৰে, তেতিয়া অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

উল্লেখ্য ২০১৯ লোকসভা নিৰ্বাচনক লৈ কৰ্ণাটকৰ কোলাৰত (Karnataka’s Kolar) এখন ৰেলীত ৰাহুল গান্ধীয়ে কৈছিল যে-

‘কেনেকৈ প্ৰতিটো চোৰৰ উপাধি মোডী হয় (“How come All Thieves Have Modi As The Common Surname”?)‘ ইয়াকে লৈ ভাৰতীয় জনতা পাৰ্টিৰ (BJP) বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীয়ে (Former Minister Purnesh Modi) ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল

পূৰ্ণেশ মোদীৰ এই এজাহাৰৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল (2019 Modi Surname Defamation Case)

Photo: Google

লগতে পঢ়কঃ Karachi Man Tried Rape: বুৰ্খা-হিজাবতো সুৰক্ষিত নহয় মহিলা! দিন-দুপৰতে এগৰাকী মহিলাক “ধৰ্ষণ’ কৰাৰ অপচেষ্টা যুৱকৰ; পোহৰলৈ আহিল এক ভয়ংকৰ ভিডিঅ’, Watch Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -