28 C
Guwahati
Monday, May 20, 2024

Rahul Gandhi Disqualified: ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন; “মোডী উপাধি” সন্দৰ্ভত মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ সাংসদ পদ

Rahul Gandhi Disqualified As Lok Sabha MP: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ। ‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ'ল ৰাহুল গান্ধীৰ সাংসদ পদ। কেৰালাৰ ৱাইনাদ সমষ্টিৰ সাংসদ ৰাহুল গান্ধী।

Must Read

Rahul Gandhi Disqualified As Lok Sabha MP: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ। ‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত (2019 Modi Surname Defamation Case) হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ (Rahul Gandhi Disqualified)। কেৰালাৰ ৱাইনাদ সমষ্টিৰ সাংসদ ৰাহুল গান্ধী। লোকসভা সচিবালয়ে জাননীযোগে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ কথা ঘোষণা কৰে (Congress Leader Rahul Gandhi Has Been Disqualified From The Lok Sabha)

ৰাহুল গান্ধীয়ে মানহানিৰ গোচৰত চুৰাট আদালতৰ (Surat Court) দ্বাৰা দণ্ডিত হোৱাৰ এদিন পিছতে আন এটা আহে ধুমুহা। তেওঁৰ সংসদৰ সদস্যপদ প্ৰত্যাখ্যান কৰা হৈছে। চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীক “মোডী উপাধি” (2019 Modi Surname Defamation Case) সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। আদালতে ৰাহুল গান্ধীক জামিনো প্ৰদান কৰিছিল আৰু তেওঁৰ শাস্তি ৩০ দিনৰ বাবে স্থগিত ৰাখিছিল যাতে কংগ্ৰেছ নেতাজনে ইয়াৰ সিদ্ধান্তক উচ্চতৰ আদালতত প্ৰত্যাহ্বান জনাব পাৰে।

লগতে পঢ়কঃ 2019 Modi Surname Defamation Case: ‘কেনেকৈ প্ৰতিটো চোৰৰ উপাধি মোডী হয়?’- ২০১৯ৰ এই মন্তব্যক লৈ ৰাহুল গান্ধীক (Rahul Gandhi) দুবছৰৰ শাস্তি; লগে লগে পালে জামিনো…

আদালতে শাস্তি ঘোষণা কৰাৰ পিছৰে পৰা ৰাহুল গান্ধীৰ সংসদৰ সদস্য পদ বিপদত পৰিছিল (Rahul Gandhi Disqualified As Lok Sabha MP)। জনপ্ৰতিনিধিত্ব আইন অনুসৰি, দুবছৰ বা ততোধিক কাৰাদণ্ডৰ শাস্তি প্ৰাপ্ত লোক এজনক “দোষী সাব্যস্ত হোৱাৰ তাৰিখৰ পৰা” অযোগ্য ঘোষণা কৰা হ’ব আৰু তেওঁৰ শাস্তি সম্পূৰ্ণ হোৱাৰ পিছত ৰাজহুৱা প্ৰতিনিধি হোৱাৰ বাবে ছয় বছৰৰ বাবে অযোগ্য হৈ থাকিব।

বৃহস্পতিবাৰে আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল (Rahul Gandhi Convicted Gets 2 Year Jail Term In Modi Surname Defamation Case)। মুখ্য নায়্যিক মেজিষ্ট্ৰেট এছএছ বৰ্মাৰ আদালতে ভাৰতীয় দণ্ডবিধিৰ ধাৰা (IPC) ৫০৪ৰ আধাৰত (Rahul Gandhi Has Been Convicted Under IPC Section 504) গান্ধীক দোষী সাব্যস্ত কৰে, যি শান্তি ভংগ কৰাৰ উদ্দেশ্য ইচ্ছাকৃত অপমানৰ সৈতে সম্পৰ্কিত।

অৱশ্যে, শাস্তি পোৱাৰ পিছতে ৰাহুল গান্ধীয়ে জামিনো লাভ (The court Also Granted Him Bail) কৰে। ৱায়ানাডৰ সাংসদজনক তৎক্ষণাৎ ১৫,০০০ টকাৰ বণ্ডত জামিন দিয়া হয় (2019 Modi Surname Defamation Case)

Rahul Gandhi Disqualified

উল্লেখ্য ২০১৯ লোকসভা নিৰ্বাচনক লৈ কৰ্ণাটকৰ কোলাৰত (Karnataka’s Kolar) এখন ৰেলীত ৰাহুল গান্ধীয়ে কৈছিল যে- ‘কেনেকৈ প্ৰতিটো চোৰৰ উপাধি মোডী হয় (“How come All Thieves Have Modi As The Common Surname”?)‘ ইয়াকে লৈ ভাৰতীয় জনতা পাৰ্টিৰ (BJP) বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীয়ে (Former Minister Purnesh Modi) ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

Photo: Google

লগতে পঢ়কঃ 21 Ramadan Health Tips: ৰমজানত আপুনিও ফিট হৈ থাকিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে জানি লওক ছেহৰী আৰু ইফতাৰত কি খাব আৰু কি নাখাব…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -