27 C
Guwahati
Saturday, May 18, 2024

Tinsukia Niece Murder: আকৌ “মদে” ল’লে প্ৰাণ! মদৰ নিচাত মোমায়েকে ভগৱানৰ “ত্ৰিশূলেৰে” হানি-খুঁচি হত্যা কৰিলে ভগৱান তুল্য “ভাগিনীয়েকক”, সম্পূৰ্ণ ঘটনাটো কি?

Tinsukia Niece Murder: ইফালে পলাতক হত্যাকাৰী কৃষ্ণ বৰাইকক শীঘ্ৰে আটক কৰি স্থানীয় ৰাইজে উচিত শাস্তি দিবলৈ দাবী জনাইছে

Must Read

Tinsukia Niece Murder In Assam: তিনিচুকীয়াৰ (Tinsukia) ফিল’বাৰী আৰক্ষী (Phillobari Police) থানাৰ অন্তৰ্গত পদুমপথাৰ মইলাপুং গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা।

মোমায়েকৰ হাততে প্ৰাণ গ’ল ভাগিনৰ (Drunk Mama Killd Vagin)। বুধবাৰে হত্যাকাৰী মোমায়েক কৃষ্ণ বৰাইক সুৰাৰ ৰাগীত মাতাল হৈ ঘৰলৈ আহে। তাৰ পিছত প্ৰথমে নিজৰ মাতৃ আৰু ভগ্নীক মাৰধৰ কৰিবলৈ আৰম্ভ কৰে।

জানিবলৈ দিয়া অনুসৰি, কৃষ্ণ বৰাইকে সুৰাৰ ৰাগীত মাতাল হৈ মাতৃ-ভগ্নীক মাৰিবলৈ ভগৱানৰ ত্ৰিশূল লৈ খেদি ফুৰিছিল। প্ৰাণৰ মমতাত দুয়ো ঘৰৰ পৰা পলাই যায় (Tinsukia Niece Murder)

মাতৃ আৰু ভগ্নীক মাৰিব নাপাই বিছনাত শুই থকা ৭ বছৰীয়া ভগৱান তুল্য ভাগিনীয়েককে তলত নমাই আনি সেই ত্ৰিশূলেৰে হানি-খুঁচি হত্যা কৰে মোমায়েকে (7 Year Old Niece Stabbed To Death With A Trishul)

হত্যা কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে মোমায়েক কৃষ্ণ বৰাইকে।

Tinsukia Niece Murder

প্ৰথমে হত্যাকাণ্ডটো পৰিয়ালৰ লোকে লুকুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু স্থানীয় ৰাইজে গাঁও প্ৰধানক খবৰ দিয়াত ফিল’বাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত (Tinsukia Niece Murder)

পিছত তিনিচুকীয়া অতিৰিক্ত আৰক্ষী বিষয়া (Tinsukia Police) আৰু ডুমডুমা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

ইফালে পলাতক হত্যাকাৰী কৃষ্ণ বৰাইকক শীঘ্ৰে আটক কৰি স্থানীয় ৰাইজে উচিত শাস্তি দিবলৈ দাবী জনাইছে।

Photo & Input: Batori24

লগতে পঢ়কঃ Rahul Gandhi Conviction Stay: “Disqualified”ৰ পৰা “Qualified” সাংসদ হ’ল ৰাহুল গান্ধী! ৰাহুলৰ বিৰুদ্ধে থকা শাস্তিৰ ৰায়ত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -