30 C
Guwahati
Tuesday, May 14, 2024

Chanakya Niti For Men: এইবোৰ গুণ থকা পুৰুষৰ প্ৰেমত পৰে মহিলা; আপোনাৰো আছে নেকি এনে গুণ, জানিবলৈ পঢ়ি চাওক কি কি গুণ?

Chanakya Niti For Men: চাণক্যই নিজৰ অৰ্থশাস্ত্ৰ আৰু নীতিৰ জৰিয়তে আমাৰ জীৱনৰ প্ৰতিটো দিশ সমৃদ্ধ কৰিছে

Must Read

Chanakya Niti For Men: চাণক্যই নিজৰ অৰ্থশাস্ত্ৰ আৰু নীতিৰ জৰিয়তে আমাৰ জীৱনৰ প্ৰতিটো দিশ সমৃদ্ধ কৰিছে। আজিও চাণক্যৰ নীতি অনুসৰণ কৰি বহুতো সমস্যাৰ সৰল সমাধান বিচাৰি উলিয়াব পাৰি।

চাণক্যই পৰামৰ্শ দিয়া কথাবোৰ ইমানেই ফলপ্ৰসূ যে আজিও মানুহে সেইবোৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে।

বিপৰীত লিংগক আকৰ্ষণ কৰাটো হৈছে জগতৰ নিয়ম, আৰু ইয়াৰ ফলস্বৰূপেই পৰৱৰ্তী প্ৰজন্মৰ সৃষ্টি হয়। কিন্তু মানুহ সভ্য জীৱ গতিকে এই ক্ষেত্ৰত এই নিয়মৰ কিছু পৰিৱৰ্তন হৈছে। লিংগ বৈষম্য থাকিলেই আকৰ্ষণ দেখা নাযায়। মন, চৰিত্ৰ, গুণ আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰিহে সংগী বাছনি কৰে।

চাণক্যৰ নীতি অনুসৰি জীৱন সংগী বাছনি কৰাটো আমাৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ভুল বুজিলে আমি গোটেই জীৱন অনুশোচনা কৰিবলগীয়া হয়। এই কাৰণেই মহিলা বা পুৰুষে নিজৰ বাবে জীৱন সংগী বিচাৰিলে সকলো দিশতে ভাল এজনক বাছি লোৱাৰ প্ৰয়োজন হয় (Chanakya Niti For Men)

চাণক্যই তেওঁৰ নীতিত এই কথাটো উল্লেখ কৰিছে যে মহিলাসকলে কেনেধৰণৰ জীৱন সংগী আশা কৰে (Chanakya Niti For Men)। আমি আপোনালোকক পুৰুষৰ গুণৰ বিষয়ে ক’বলৈ ওলাইছো, যি কথা জনাৰ পিছত যিকোনো মহিলাই তেওঁলোকৰ প্ৰেমত পৰে বা তেওঁলোকৰ লগত জীৱন কটাবলৈ সিদ্ধান্ত লয়।

আহক জানো কোনবোৰ গুণে আকৰ্ষণ কৰে মহিলাক (Chanakya Niti For Men)

১. সৎ পুৰুষৰ প্রতি আকৃষ্ট হয় মহিলা (Honest)

চাণক্য নীতি অনুসৰি সৎ পুৰুষসকলে তেওঁলোকৰ পত্নী বা প্ৰেমিকৰ পৰা একো লুকাই নাৰাখে। তেওঁলোক বৰ শান্ত হয়। মহিলাসকলে এনে পুৰুষক পচন্দ কৰে। মহিলাসকলে এনে এজন সৎ পুৰুষৰ সৈতে তেওঁলোকৰ সম্পৰ্ক বজাই ৰাখিবলৈ অধিক আগ্ৰহী হয়।

২. মহিলাৰ কথা শান্তিৰে শুনা পুৰুষ (Listeners)

সকলো মহিলাই আশা কৰে যে, স্বামীয়ে যাতে তেওঁলোকৰ কথা শান্তিৰে শুনে লগতে তেওঁলোকৰ মতামতক গুৰুত্ব দিয়ে। মহিলাসকলে ভাল পায় যেতিয়া তেওঁলোকৰ স্বামীয়ে তেওঁলোকৰ সৰু সৰু কথাবোৰ মনোযোগেৰে শুনি থাকে। মহিলাসকলে সহজে এনে পুৰুষৰ প্ৰেমত পৰে।

৩. স্বচ্ছ মন তথা উৎকৃষ্ট ব্যক্তিত্বৰ পুৰুষ (Clean Mind)

এইটো সঁচা যে মহিলা আৰু পুৰুষে নিজৰ সংগীক ধুনীয়া আৰু সুঠাম হোৱাটো ভাল পায়, কিন্তু বেছিভাগ মহিলাই পুৰুষৰ ব্যক্তিত্বৰ প্ৰতি অধিক গুৰুত্ব দিয়ে। এজন ব্যক্তিৰ ব্যক্তিত্ব ভাল হ’লে সেইটোৱেই তেওঁৰ সৰ্বোচ্চ গুণ বুলি প্ৰমাণিত হ’ব পাৰে। লোভী বা অহংকাৰী প্ৰৱণতা থকা পুৰুষৰ পৰা মহিলাসকলে আঁতৰি থাকিবলৈ পছন্দ কৰে। বিশ্বাস কৰা হয় যে সৎ, পৰিশ্ৰমী আৰু আনুগত্যশীল লোকসকলক নাৰীয়ে ভাল পায়।

৪. শান্ত স্বভাৱৰ পুৰুষ (Clum)

প্ৰথম কথা, প্ৰতিগৰাকী মহিলাই বিচাৰে যে তেওঁৰ ভৱিষ্যত স্বামী শান্ত প্ৰকৃতিৰ হওক। তদুপৰি, দেখা যায় যে কোনো ব্যক্তিয়ে কম কথা ক’লে ইয়াকো তেওঁৰ অন্যতম গুণ হিচাপে গণ্য কৰা হয়। চাণক্য নীতিয়ে উল্লেখ কৰিছে যে মহিলাসকলে এনে পুৰুষৰ প্ৰতি সোনকালে আকৰ্ষিত হয় আৰু তেওঁক জীৱন সংগী হিচাপে বাছি লোৱাৰ সিদ্ধান্ত লয়। চাণক্যই কয় যে খঙে মানুহক ধ্বংস কৰিব পাৰে আৰু শান্ত প্ৰকৃতিয়েই হৈছে সফলতাৰ চাবিকাঠি।

লগতে পঢ়কঃ Chanakya Niti For Wife: পত্নীক কেতিয়াও ভুলতেও নক’ব আপোনাৰ এই ৪টা কথা; নহ’লে পিছলৈ পস্তাব আপুনিয়ে, পিছে জানি লওক কি কি কথা?

৫. কথা গোপনে যিয়ে ৰাখিব পাৰে (Secrets)

যি পুৰুষে নিজৰ সংগীৰ গোপন কথা কাৰো সৈতে আলোচনা নকৰে, সেইসকল পুৰুষক মহিলাই পচন্দ কৰে। এনে পুৰুষৰ সংগ কেতিয়াও ত্যাগ নকৰে। বৰঞ্চ তেওঁৰ সৈতে সকলো সময় সুখীৰে কটায়।

৬. সহায় কৰিবলৈ সাজু থকা (Help)

কেৱল মহিলাই নহয় পুৰুষেও সদায় এনে এজন জীৱন সংগী বিচাৰে যি সদায় সহায় কৰিবলৈ সাজু। চাণক্য নীতি অনুসৰি বেছিভাগ মহিলাই বেয়া চৰিত্ৰৰ পুৰুষক ঘৃণা কৰে আৰু যিয়ে সদায় আনৰ বাবে বেয়া কামনা কৰে। এজন পুৰুষৰ সেই গুণটোও থাকিব লাগে যে তেওঁ নিজৰ কামৰ লগতে ঘৰৰ কামতো সহায় কৰিবলৈ আগবাঢ়ি আহে।

৭. যি পুৰুষে স্বাধীনতা দিয়ে (Independent)

চাণক্যৰ মতে, মহিলাসকলে এনে পুৰুষ বিচাৰে যিয়ে তেওঁলোকক সম্পূৰ্ণ স্বাধীনতা দিয়ে আৰু তেওঁলোকক সন্দেহ নকৰে। মহিলাসকলে বিশেষকৈ এনে স্বভাৱৰ পুৰুষক ভাল পায়। মহিলাসকলে সদায় এনে পুৰুষৰ সৈতে থাকিব বিচাৰে যাতে তেওঁলোকে তেওঁলোকৰ পৰিচয় হেৰুৱাব নেপেলায়।

৮. সন্মান (Respect)

চাণক্যই কোৱা অনুসৰি মহিলাসকল সহজে সেই পুৰুষৰ প্ৰতি আকৰ্ষিত হয় যিয়ে মহিলাসকলক সন্মান আৰু যত্ন কৰে। যেতিয়া তেওঁলোকৰ প্ৰেমিক বা স্বামীয়ে তেওঁলোকক সন্মান কৰে তেতিয়া মহিলাসকলে বহুত ভাগ্যৱান অনুভৱ কৰে।

৯. নিৰাপত্তা (Security)

সুৰক্ষা প্ৰদান কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়তাৰ যত্ন লোৱা পুৰুষসকলক ভাল পায় মহিলাসকলে।

Photo: Google

লগতে পঢ়কঃ Sangeeta Dutta:”চাকৰকেইটা মিলি আছে; পুলিচ মিলি আছে, বচাওক মোক, মই একো কৰা নাই”- কেমেৰাৰ সন্মুখত ডাঃ সংগীতা দত্তৰ বিকট চিঞৰ, Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -