29 C
Guwahati
Saturday, May 18, 2024

Chanakya Niti For Wife: পত্নীক কেতিয়াও ভুলতেও নক’ব আপোনাৰ এই ৪টা কথা; নহ’লে পিছলৈ পস্তাব আপুনিয়ে, পিছে জানি লওক কি কি কথা?

Chanakya Niti For Wife: চাণক্যই মানুহৰ জীৱনৰ প্ৰতিটো স্তৰৰ বিষয়ক লৈ কৰিছে আলোচনা। তেওঁৰ নীতি অনুসৰি মানুহে জীৱনত কি কৰিব লাগে, কি কৰিব নালাগে জনাটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ

Must Read

Chanakya Niti For Wife: চাণক্যই মানুহৰ জীৱনৰ প্ৰতিটো স্তৰৰ বিষয়ক লৈ কৰিছে আলোচনা। তেওঁৰ নীতি অনুসৰি মানুহে জীৱনত কি কৰিব লাগে, কি কৰিব নালাগে জনাটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ।

সেই একেদৰে চাণক্যই (Chanakya Niti For Wife) বৈবাহিক জীৱনত সুখ আৰু শান্তি বজাই ৰাখিবলৈ কেইবাটাও উপায় দিছে। শাস্ত্ৰ অনুসৰি স্বামী-স্ত্ৰীৰ ইজনে সিজনৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। দুয়োগৰাকীয়ে ইজনে সিজনৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰে।

কিন্তু আপুনি হয়তো নিজৰ বিবাহিত জীৱনত বা আনৰ জীৱনটো এই কথাটো লক্ষ্য কৰিছে যে কিছুমান ক’বনলগীয়া কথা কোৱাৰ বাবে এই দাম্পত্য জীৱনত বহু সমস্যাৰ সৃষ্টি হয়। স্বামীৰ কিছুমান কথাত পত্নীৰ খং উঠে (Chanakya Niti For Wife)

তাৰ পিছত স্বামীৰ হয়তো এইটো অনুভৱ হয় য়ে কথাটো নক’লেই ভাল আছিল। আজি চাণক্য নীতি শাস্ত্ৰত উল্লেখ কৰা এই ৪টা কথাৰ বিষয়ে কোৱা হৈছে যিবোৰ পত্নীক কোৱা উচিত নহয়।

লগতে পঢ়কঃ Chanakya Niti: টকাৰ অভাৱ সকলোৰে হয়; কিন্তু কেনেদৰে টকাৰ অভাৱ দূৰ কৰিব? চাণক্যই দিছে এই ৪টা উপায়, জানো আহক কি কি…

পিছে জানো আহক কি কি এই ৪টা কথা (Chanakya Niti For Wife)-

১. নিজৰ দুৰ্বলতাৰ কথা (Weakness):

চাণক্য নীতি অনুসৰি এজন লোকে কেতিয়াও কাকো নিজৰ দুৰ্বলতাৰ কথা কোৱা উচিত নহয়। কিয়নো আন কোনোৱে সেই দুৰ্বলতাৰ অপপ্ৰয়োগ কৰিব পাৰে। আনকি পত্নীকো নিজৰ দুৰ্বলতাৰ কথা জনাব নালাগে। কিন্তু কিয় জানেনে- কাৰণ দুৰ্বলতা জানিলে পত্নীয়ে আপোনাৰ বিৰুদ্ধে সেয়া ব্যৱহাৰ কৰিব পাৰে।

২. গোপনে দান কৰা (Donate):

বহুতে মানুহে দান-ধ্যান পছন্দ কৰে। কিন্তু দান সদায় গোপনে কৰা উচিত। এনে ক্ষেত্ৰত নিজৰ পত্নীকো দানৰ কথা ক’ব নালাগে। কিয়নো ইয়াৰ ফলত আপোনাৰ দানৰ গুৰুত্ব বহু কমি যোৱাৰ সম্ভাৱনা থাকে।

৩. নিজৰ লগত ঘটা অপমানৰ বিষয়ে (Insulting Incident):

আপুনি যদি কেতিয়াবা ক’ৰবাত অপমানিত হৈছে, তেন্তে সেইটো পত্নীৰ পৰা গোপনে ৰাখক। যদি উত্তৰটো জানিব বিচাৰিছে তেন্তে উত্তৰটো হ’ল পত্নীয়ে আপোনাক হেয়জ্ঞান কৰিব পাৰে বা আপোনাক লৈ উপহাস কৰিব পাৰে।

৪. উপাৰ্জনৰ হিচাপ (Income):

চাণক্য নীতি অনুসৰি পত্নীক নিজৰ সকলো উপাৰ্জনৰ বিষয়ে ক’ব নালাগে। কাৰণ এই কথা জানিলে পত্নীয়ে নিজৰ ইচ্ছামতে খৰচ কৰিব পাৰে। এনে ক্ষেত্ৰত বহু সময়ত অপ্ৰয়োজনীয় কামত ধন খৰচ হ’ব পাৰে আপোনাৰ। আৰু পিছত সেইটো আপুনি ৰখাব বিচাৰিলেও ৰখাব নোৱাৰে।

Photo: Google

লগতে পঢ়কঃ Guwahati Accident: মৰ্মান্তিক! স্কুললৈ বুলি ওলাই আহিছিল; কিন্তু আদবাটতে সেনাৰ গাড়ীৰ খুন্দাত অকাল মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰী ‘লাৱণ্য’ৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -