35 C
Guwahati
Wednesday, May 15, 2024

Love Tips: ল’ৰাৰ কোনবোৰ গুণ দেখি প্ৰেমত পৰে ছোৱালী; জানিবলৈ মন গৈছে নে? আহক পঢ়ি লওক…

Love Tips For Boys: ল'ৰাই হওক বা ছোৱালীয়ে হওক প্ৰতিগৰাকী লোকৰে নিজৰ নিজৰ পছন্দ থাকে আৰু সেই পছন্দ অনুসৰিয়েই তেওঁলোকে নিজৰ জীৱনসংগী নিৰ্বাচন কৰে

Must Read

Love Tips For Boys: ল’ৰাই হওক বা ছোৱালীয়ে হওক প্ৰতিগৰাকী লোকৰে নিজৰ নিজৰ পছন্দ থাকে আৰু সেই পছন্দ অনুসৰিয়েই তেওঁলোকে নিজৰ জীৱনসংগী (Love Partner) নিৰ্বাচন কৰে।

কিন্তু এনেকুৱা নহয় যে প্ৰতিগৰাকী ছোৱালীয়ে পছন্দ অনুসৰিয়েই ল’ৰাই পাব বা ল’ৰাই পছন্দ অনুৰিয়েই ছোৱালী পাব।

মানুহে নিজৰ ব্যক্তিত্ব, মূল্যবোধ আৰু ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এজনে আনজনৰ বিভিন্ন গুণৰ প্ৰতি আকৰ্ষিত হয় (Love Tips)

কিন্তু আমি আপোনালোকক কিছুমান সাধাৰণ গুণৰ কথা ক’বলৈ গৈ আছো, যিবোৰ গুণৰ অধিকাৰী হ’লে বেছিভাগ ছোৱালীয়েই ল’ৰাৰ প্ৰশংসা কৰিব পাৰে–

পিছে জানো আহক গুণবোৰ কি কি (Love Tips)?

১.সন্মান আৰু দয়ালু

ছোৱালীয়ে সাধাৰণতে নাৰীক সন্মান কৰা আৰু দয়াশীল হোৱা ল’ৰাক ভাল পায়। ভদ্ৰ, বিবেচনাশীল আৰু সহানুভূতিশীল ল’ৰাৰ প্ৰতি ছোৱালীৰ আকৰ্ষণ জাগি উঠে।

২. হাস্য গুণ

হাস্যৰসৰ গুণে বহুত মানুহৰ আকৰ্ষণৰ কাৰণ। কথাৰে আনক হাঁহিবলৈ বাধ্য কৰি মুহূৰ্তবোৰ সুখৰ কৰি তুলিব জনা মানুহৰ প্ৰতি ছোৱালী আকৰ্ষিত হোৱা দেখা যায়।

৩. আত্মবিশ্বাস

অহংকাৰবিহীন আত্মবিশ্বাস এজন ল’ৰাৰ সম্পদ স্বৰূপ। নিজৰ প্ৰেমিকৰ মাজত এটা আত্মবিশ্বাসী মন সকলো ছোৱালীয়েই বিচাৰে।

৪. ভাল যোগাযোগ দক্ষতা

সক্ৰিয়ভাৱে আনৰ কথা শুনিব পৰা, স্পষ্টকৈ নিজৰ কথা প্ৰকাশ কৰিব পৰা আৰু অৰ্থপূৰ্ণ কথা-বতৰাত লিপ্ত হ’ব ল’ৰাৰ প্ৰতি ছোৱালী আকৰ্ষিত হোৱা দেখা যায়।

৫. সহায়কাৰী আৰু যত্নশীল

যি ল’ৰাই নিজৰ বন্ধু, পৰিয়াল, অসহায় মানুহক সহায় কৰে, যি ল’ৰা নিজৰ প্ৰেমিকাৰ প্ৰতি যত্নশীল হয় তেনে ল’ৰাক ছোৱালীয়ে সদায় মৰম আৰু সন্মান কৰে।

মনত ৰাখিব, এইবোৰ সাধাৰণ পৰ্যবেক্ষণ। সকলোৰে ব্যক্তিগত পছন্দ ভিন্ন হ’ব পাৰে। এটা নিৰ্দিষ্ট ব্যক্তিত্বৰ অধিকাৰী হ’বলৈ চেষ্টা নকৰি নিজৰ ওচৰত সৎ হৈ থকাটো হোৱাটো গুৰুত্বপূৰ্ণ।

Photo: Google

লগতে পঢ়কঃ Nigeria Boat Accident: বিয়াৰ আনন্দত মৃত্যুৰ কিৰিলি! ৩০০জন লোকেৰে ভৰ্তি নাও ডুবিল নদীৰ মাজত; কোনেও নুশুনিলে তেওঁলোকৰ চিঞৰ-বাখৰ…১০৩জনৰ কৰুণ মৃত্যু

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -