32 C
Guwahati
Monday, April 29, 2024

Manipur Victims Husband: “কাৰ্গিলত যুদ্ধ কৰিছিলো; দেশ ৰক্ষা কৰিছিলো, কিন্তু পত্নীক উলংগ-ধৰ্ষণ হোৱাৰ পৰা বচাব নোৱাৰিলো, যুদ্ধস্থলীতকৈও ভয়ংকৰ মণিপুৰ”- মণিপুৰৰ এগৰাকী ভুক্তভোগী মহিলাৰ স্বামীৰ ভাষ্যই কঁপাইছে দেশ

Manipur Victims Husband Eyewitness: মণিপুৰ কাণ্ডই (Manipur Women Naked Video) সমগ্ৰ বিশ্বৰ সন্মুখত উলংগ কৰিছে দেশক

Must Read

Manipur Victims Husband Eyewitness: মণিপুৰ কাণ্ডই (Manipur Women Naked Video) সমগ্ৰ বিশ্বৰ সন্মুখত উলংগ কৰিছে দেশক।

মেইটেই পুৰুষৰ এটা দলে ৩ গৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱাই দলবদ্ধ ধৰ্ষণ কৰাৰ ভিডিঅ’ই কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে (The Distressing Video Showing Two Manipur Women Being Paraded Naked)

এই ভয়ংকৰ ঘটনাৰ (Horrific Incident) পিছতে সমগ্ৰ দেশৰ প্ৰতিটো মহলৰ লোকে তীব্ৰ সমালোচনা কৰিছে যে বিজেপি চৰকাৰে মণিপুৰকে ধৰি দেশৰ আন ৰাজ্যসমূহতো নাৰীৰ স্বাভিমান ৰক্ষা কৰাত ব্যৰ্থ হৈছে।

এই জঘন্য ঘটনাৰ ভুক্তভোগী এতিয়াও আশ্ৰয় শিবিৰতে আছে। ইফালে এই ঘটনাৰ মাজতে ভিডিঅ’ত দেখা পোৱা এগৰাকী ভুক্তভোগী কুকি মহিলাৰ স্বামীৰ ভাষ্যই কঁপাইছে দেশ (Wife Of A Kargil War Veteran, Narrates Her Dreadful Tale)

উলংগ আৰু ধৰ্ষণ কৰা মহিলাকেইগৰাকীৰ ভিতৰৰ এগৰাকী মহিলাৰ স্বামী ভাৰতীয় সেনাত কৰ্মৰত আছিল।
তেওঁ ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত চুবেদাৰ। তেওঁ অসম ৰেজিমেণ্টৰ কৰ্মচাৰী আছিল (Victim Retired Army Subedar And A Kargil War Veteran)

Manipur Victims Husband Eyewitness

লগতে পঢ়কঃ Manipur Naked Woman Paraded: লজ্জিত সমগ্ৰ দেশবাসী! মণিপুৰৰ ভাইৰেল ভিডিঅ’ই কঁপাইছে দেশ; ২ গৰাকী কুকি মহিলাক “উলংগ” কৰি ৰাস্তাত পেৰেড কৰোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ… দেশজুৰি প্ৰতিক্ৰিয়া, মূল অভিযুক্তক গ্ৰেপ্তাৰ

পত্নীৰ সৈতে সংঘটিত হোৱা দুৰ্ঘটনাটোক লৈ লোকজনে দুখঃপ্ৰকাশ কৰি কয় যে (Manipur Victims Husband)-

“কাৰ্গিল যুদ্ধত মই দেশৰ বাবে যুঁজিছিলো। মই যুঁজি নিজৰ দেশক ৰক্ষা কৰিছিলো, ভাৰতীয় শান্তি সেনাৰ অংশ হিচাপে শ্ৰীলংকাতো আছিলো। কিন্তু মই দুখিত যে মই মোৰ পত্নী আৰু গাঁওবাসীক ৰক্ষা কৰিব নোৱাৰিলো। মোৰ ঠাইখন যুদ্ধস্থলীতকৈও ভয়ংকৰ (Own Place Is More Dangerous Than The Battlefield)।”

লগতে তেওঁ অভিযোগ উত্থাপন কৰে যে (Manipur Victims Husband)-

আৰক্ষীয়ে আক্ৰমণকাৰীৰ পক্ষ লৈ মহিলাকেইগৰাকীক বচাবলৈ একো নকৰিলে। যেতিয়া এই ঘটনা সংঘটিত হৈছিল তেতিয়া আৰক্ষীয়ে সকলো চাই আছিল। কিন্তু একো ব্যৱস্থা নল’লে। মই দাবী কৰো সেই সকলোলোকে শাস্তি পাওক যিয়ে মহিলাক নিৰ্যাতন চলাইছে আৰু ঘৰত অগ্নিসংযোগ কৰিছে।

উল্লেখ্য যে, ৪ মে’ত সংঘটিত এই জঘন্য কাণ্ডৰ সাক্ষী হৈ ৰৈছিল আৰক্ষী। গাড়ীত বহি আৰক্ষীয়ে (Manipur Police) চাই আছিল সকলো দৃশ্য। মেইটে যুৱকসকলৰ হাতত আছিল অত্যাধুনিক মাৰণাস্ত্ৰ। এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ ৪জনক গ্ৰেপ্তাৰ কৰা হৈছে (Manipur Case Arrested 4)

সূত্ৰ অনুসৰি মণিপুৰত এগৰাকী মেইটেই মহিলাক ধৰ্ষণ কৰাৰ ভুৱা খবৰ ওলাই পৰিছিল, যাৰ ফলত মেইটেইবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল আৰু এই লজ্জাজনক কাণ্ডৰ সূচনা হৈছিল (Manipur Victims Husband)

মেইটেই লোকসকলে প্ৰতিশোধ ল’বলৈ কুকি মহিলাসকলৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন। এটা মাত্ৰ ভুৱা খবৰৰ বাবে হৈছিল এই জঘন্য কাণ্ডটো (Manipur Victims Husband)

Photo: Google

লগতে পঢ়কঃ Manipur Naked Video Update: দায়ী নেকি আৰক্ষী? “আমাক উলংগ আৰু ধৰ্ষণ কৰাৰ সময়ত আছিল আৰক্ষী; কিন্তু সহায়ৰ সলনি আমাক হিংস্ৰ গঞাৰ হাতত এৰি দি পলাইছিল, এজন এজনকৈ বহুকেইজনে ধৰ্ষণ কৰিছিল”- ভয়ংকৰ বৰ্ণনা মণিপুৰৰ ভুক্তভোগী মহিলাৰ, মাতৃ-কন্যা আছিল দুয়োগৰাকী..

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -