28 C
Guwahati
Thursday, May 16, 2024

Tomatoes Stolen Pune: এতিয়া এয়াই সত্য! দিন গ’ল ধন-সোণৰ; এতিয়া দিন-ৰাতি সকলো “বিলাহী”ৰ, চোৰেও সকলো এৰি চকু দিলে বিলাহীত…১ কেজি বা ২ কেজি নহয়, চুৰি কৰিলে ৪০০ কেজি

Tomatoes Stolen Pune: মহাৰাষ্ট্ৰৰ পুণেত এজন কৃষকে গোচৰ ৰুজু কৰে যেতিয়া তেওঁৰ ৪০০ কেজি বিলাহী চোৰে চুৰি কৰি লৈ যায়

Must Read

Tomatoes Stolen Pune Farmer Filed A Complaint: বৰ্ধিত মূল্যৰ বাবে এতিয়া পাকঘৰৰ এবিধ মূল্যবান সামগ্ৰী হৈ পৰিছে বিলাহী (The Rising Prices Of Tomatoes)।

ধন, সোণ আদিৰ দৰে মূল্যবান সামগ্ৰীৰ তালিকাত সোমাইছে বিলাহী।

কেৱল এয়াই নহয় বিলাহীৰ দাম বৃদ্ধি হোৱাৰ ফলত বিলাহীৰ সুৰক্ষাৰ বাবে কিছুমানে নিৰাপত্তাৰক্ষীও নিয়োগ কৰিছে। কিন্তু তাৰ পাছতো বিলাহীক সুৰক্ষা দিয়াত ব্যৰ্থ হৈ পৰিছে কৃষক।

এইবাৰ মহাৰাষ্ট্ৰত পুণেত (Pune) এগৰাকী কৃষকে ৪০০ কেজি বিলাহী চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে (400 Kg Of Tomatoes Stolen, Maharashtra Farmer Approaches Police)

কৃষকগৰাকীৰ মতে তেওঁৰ চুৰি হোৱা বিলাহীৰ মূল্য প্রায় ২০ হাজাৰ টকা (Lost Nearly Rs 20,000 Due To The Theft)

উল্লেখ্য যে বজাৰত বিলাহীৰ মূল্য বহু গুণে বৃদ্ধি হৈছে (Tomatoes Stolen Pune)। গৃহিনীৰ পাকঘৰৰ অতি দৰকাৰী এই পাচলিৰ ৰাণীৰ মূল্য কোনো কোনো ৰাজ্যত প্ৰতি কেজিত ১০০ৰ পৰা ২০০ টকা পৰ্যন্ত হৈছে। যাৰ বাবে বিভিন্ন ঠাইৰ পৰা বিলাহী চুৰিৰ ঘটনাও পোহৰলৈ আহিছে।

Tomatoes Stolen Pune

পুনেৰ কৃষক অৰুণ ধোমে (Farmer Arun Dhome) থানাত গোচৰ তৰিছে যে দেওবাৰে তেওঁ খেতিৰ পৰা বিলাহীখিনি চপাই আনি শ্ৰমিকৰ সহায়ত এখন বাহনেৰে ঘৰলৈ আনিছিল। লোকজনে বিলাহীবোৰ বজাৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল ।

কিন্তু সোমবাৰে পুৱা লোকজনে সাৰ পাই দেখে যে তেওঁৰ প্ৰায় ৪০০ কিলোগ্রাম ওজনৰ বিলাহী তাত নাই (400 Kg Of Tomatoes Have Been Stolen)। ৰাতিটোৰ ভিতৰতে তেওঁৰ ঘৰত থকা বিলাহীৰ ২০টা বাকচ নাইকিয়া হৈছে। তেওঁ বিলাহীবোৰ চুৰি হোৱাৰ সন্দেহ কৰিছে।

যাৰ বাবে কৃষক অৰুণে স্থানীয় আৰক্ষী থানাত (Shirur Police Station) উপস্থিত হৈ এটা অভিযোগ দাখিল কৰিছে আৰক্ষী থানাৰ এগৰাকী জোষ্ঠ বিষয়াই কোৱা মতে তেওঁলোকে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টো তদন্ত কৰি আছে (Tomatoes Stolen Pune)

Photo: Google

লগতে পঢ়কঃ Manipur Victims Husband: “কাৰ্গিলত যুদ্ধ কৰিছিলো; দেশ ৰক্ষা কৰিছিলো, কিন্তু পত্নীক উলংগ-ধৰ্ষণ হোৱাৰ পৰা বচাব নোৱাৰিলো, যুদ্ধস্থলীতকৈও ভয়ংকৰ মণিপুৰ”- মণিপুৰৰ এগৰাকী ভুক্তভোগী মহিলাৰ স্বামীৰ ভাষ্যই কঁপাইছে দেশ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -