22.7 C
Guwahati
Friday, May 3, 2024

জানি থওক! বহি থকাৰ সময়ত ভৰি নচুৱাই (Moving Legs) থাকে নেকি? যদি থাকে তেন্তে আজিয়েই এৰক এই অভ্যাস, নহ’লে দৰিদ্ৰতাই কেতিয়াও লগ নেৰিব, আৰু হ’ব বহু লোকচান…

Bad Habits Of Moving Legs While Sitting: ধৰ্মীয় শাস্ত্ৰই কিছুমান বেয়া অভ্যাসৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ প্ৰদান কৰিছে। ইয়াৰে ভিতৰত এটা বেয়া অভ্যাস হ'ল বহি থাকোতে ভৰি নচুৱাই থকা। এই অভ্যাসে লক্ষ্মী মাক অসন্তুষ্ট কৰে আৰু দৰিদ্ৰ কৰি তোলে।

Must Read

Moving Legs While Sitting Effects: কিছুমান মানুহৰ বহি থাকোঁতে ভৰি নচুৱাই থকাৰ অভ্যাস আছে। ইয়াৰ বাবে বৃদ্ধ লোকসকলে বাধা দিয়াও দেখা যায় কিয়নো এনেদৰে ভৰি নচুৱাই থকাটো বেয়া বুলি গণ্য কৰা হয়। ইয়াৰ আঁৰত জ্যোতিষ আৰু বৈজ্ঞানিক কাৰণ দায়ী। জ্যোতিষ আৰু বৈজ্ঞানিক দুয়োটা দৃষ্টিকোণৰ পৰা বহি থাকোঁতে ভৰি নচুৱাই থকাটো আমাৰ জীৱনত ক্ষতি কৰে। আহক জানো বহি-বহি ভৰি নচুৱাই থাকিলে আৰু কি কি লোকচান হ’ব পাৰে।

বহি থাকোতে ভৰি নচুৱাই (Moving Legs) থকাৰ লোকচান-

১. যিসকল লোকে বহি থাকোঁতে ভৰি নচুৱাই থাকে তেওঁলোকৰ এই অভ্যাসে তেওঁলোকক সময়ৰ লগে লগে দৰিদ্ৰ কৰি তোলে। এনেদৰে ভৰি নচুৱাই থাকিলে মা লক্ষ্মীক অপমান কৰা হয়। ইয়াৰ ফলত মানুহৰ জীৱনত সুখ, ধন-সমৃদ্ধি হ্ৰাস হয়।

২. যিসকল লোকে পূজা-প্ৰাৰ্থনা কৰাৰ সময়ত বা কোনো ধৰ্মীয় অনুষ্ঠান কৰি থকাৰ সময়ত ভৰি নচুৱাই থাকে তেওঁলোকে পূজাৰ ফল লাভ নকৰে। তেওঁলোকৰ পূজা আৰু প্ৰাৰ্থনা অপচয় হৈ যায়।

৩. ইয়াৰ লগতে বহি-বহি ভৰি নচুৱাই থকাটো আত্মবিশ্বাসৰ অভাৱ প্ৰদৰ্শন কৰে ই আপোনাৰ সন্মুখৰ লোকজনৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।

৪. জ্যোতিষশাস্ত্ৰৰ মতে ভৰি নচুৱাই থাকিলে জমা হৈ থকা ধনো নাইকিয়া হ’বলৈ আৰম্ভ কৰে। এনে লোকসকলৰ ওপৰত লক্ষ্মী মাৰ আৰ্শীবাদ নাথাকে।

৫. বৈজ্ঞানিক দৃষ্টিৰে চোৱা হয় যদি এনেদৰে ভৰি নচুৱাই থাকিলে হৃদ আক্ৰমণৰ আশংকা বৃদ্ধি হয়। এনে লোকসকলৰ হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। চিকিৎসা বিজ্ঞানত ভৰি নচুৱাই থকাৰ অভ্যাসক ‘ৰেষ্টলেছ লেগছ চিণ্ড্ৰোম’ (RLS) বুলিও কোৱা হয় আৰু ইয়াক পৰিহাৰ কৰা উচিত।

৬. যিসকল লোকে ভৰি নচুৱাই থাকে সেইসকল লোকৰ টোপনিৰ ওপৰটো বেয়া প্ৰভাৱ পৰে। এনে লোকসকলৰ টোপনি নহাৰ সমস্যা থাকে।

(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ অনুমান আৰু তথ্যৰ ওপৰত আধাৰিত।) Batori24য়ে এইটো নিশ্চিত নকৰে।)

Photo: Google

লগতে পঢ়কঃ সাৱধানৰ মৰণ নাই! গা ধুই চাদত কাপোৰ মেলিবলৈ গৈছিল; কিন্তু অসাৱধানবশত চাদৰ পৰা ভৰি পিচলি তলত বাগৰি পৰে, কৰুণ মৃত্যুক (Tragic Died) সাৱটিলে এগৰাকী ছাত্ৰীয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -