36 C
Guwahati
Friday, May 17, 2024

সাৱধানৰ মৰণ নাই! গা ধুই চাদত কাপোৰ মেলিবলৈ গৈছিল; কিন্তু অসাৱধানবশত চাদৰ পৰা ভৰি পিচলি তলত বাগৰি পৰে, কৰুণ মৃত্যুক (Tragic Died) সাৱটিলে এগৰাকী ছাত্ৰীয়ে

পাঠশালাত (Pathsala) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Died)। ছাত্রী নিবাসৰ চাদৰ পৰা পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ছাত্রীয়ে (Girl Died After Fall Down From A Building)।

Must Read

পাঠশালাত (Pathsala) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Died)। ছাত্রী নিবাসৰ চাদৰ পৰা পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ছাত্রীয়ে (Girl Died After Fall Down From A Building)। মৃত ছাত্রীগৰাকীৰ নাম ঋষিতা দাস। বজালীৰ (Bajali) বাঘমাৰাৰ বাসিন্দা আছিল ছাত্ৰীগৰাকী।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অধ্যয়নৰত আছিল ছাত্রীগৰাকী। পাঠশালা কৃষ্ণকান্ত সন্দিকৈৰ জুনিয়ৰ কলেজৰ (Krishna Kanta Handiqui Junior College) ছাত্রী আছিল ঋষিতা। বৃহস্পতিবাৰে পুৱা ছাত্ৰীগৰাকীয়ে গা ধুই চাদত কাপোৰ মেলিবলৈ গৈছিল। কিন্তু অসাৱধানবশতঃ চাদৰ পৰা ভৰি পিচলি তলত বাগৰি পৰে। ফলত থিতাতে প্ৰাণ হেৰুৱালে উচ্চতৰ মাধ্যমিকৰ মেধাৱী ছাত্ৰীগৰাকীয়ে। পাঠশালাৰ কৃষ্ণনগৰৰ ধীৰেন চৌধুৰীৰ ঘৰত পেয়িং গেষ্ট হিচাপে আছিল ঋষিতা।

ঘটনাস্থলীত আৰক্ষী (Patsala Police) উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান আৰম্ভ কৰিছে তদন্ত।

Photo & Input: Batori24

লগতে পঢ়কঃ Tripura Assembly Election 2023: ত্রিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত; মুঠ ৩,৩৩৭টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্ৰহণ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -