32 C
Guwahati
Friday, May 17, 2024

Tripura Assembly Election 2023: ত্রিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত; মুঠ ৩,৩৩৭টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্ৰহণ

Tripura Assembly Election 2023: পুৱা ৭ বজাৰ পৰা আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে। বিয়লি ৪ বজালৈ চলিব এই ভোটগ্ৰহণ।

Must Read

Tripura Assembly Election 2023: পুৱা ৭ বজাৰ পৰা আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে। বিয়লি ৪ বজালৈ চলিব এই ভোটগ্ৰহণ।

উল্লেখ্য যে, আজি মুঠ ৩,৩৩৭টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলি আছে। নিৰ্বাচন আয়োগৰ মতে, এইবাৰ ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা ২৮.১৪ লাখতকৈও অধিক যাৰ ভিতৰত ১৪,১৫,২৩৩জন পুৰুষ ভোটাৰ, ১৩,৯৯,২৮৯ গৰাকী মহিলা ভোটাৰ আৰু ৬২জন তৃতীয় লিংগৰ ভোটাৰ আছে। ইয়াৰে ১৮–১৯ বছৰ বয়সৰ ৯৪,৮১৫জন আৰু ২২–২৯ বছৰ বয়সৰ ৬,২১,৫০৫জন ভোটাৰ আছে। সৰ্বাধিক সংখ্যক ভোটাৰ হৈছে ৪০–৫৯ বছৰ বয়সৰ ৯,৮১,০৮৯ জন।

ইতিমধ্যে, ত্ৰিপুৰাত নিৰ্বাচনৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনত ৯৭খন সৰ্ব-মহিলা পৰিচালিত আৰক্ষী থানা আছে।

মন কৰিবলগীয়া যে, নিৰ্বাচনৰ মুখ্য প্ৰতিযোগীসকল হৈছে BJP-Indegenous Peoples Front of Tripura মিত্ৰজোঁট, CPI(M)-Congressৰ মিত্ৰতা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ প্ৰাক্তন ৰাজপৰিয়ালৰ বংশধৰৰ দ্বাৰা গঠিত আঞ্চলিক দল টিপ্ৰা মোথা (Tripa Motha)

২৮.১৩ লাখ ভোটাৰে নিৰ্ণয় কৰিব ২৫৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচন (Tripura Assembly Election)৷ বৰ্তমান ত্ৰিপুৰাত বিজেপি (BJP) নেতৃত্বাধীন চৰকাৰ চলি আছে। যদিও সমান্তৰালভাৱে সন্মুখন প্ৰত্যাহ্বান হিচাপে থিয় দিছে তৃণমূল কংগ্ৰেছ (TMC) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (মাৰ্ক্সবাদী) ৷ ৬০টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ (Voting Underway Across 60 Seats)

উল্লেখ্য যে, মুঠ ৬০খন আসনৰ ৫৫ খনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শাসনাধিষ্ঠ বিজেপি চৰকাৰে। আনহাতে বামপন্থী মিত্ৰজোটে আগবঢ়াইছে ৪৭ খন আসনত প্ৰতিদ্বন্দিতা।

লগতে ত্ৰিপা মথাই প্ৰতিদ্বন্দ্বিত আগবঢ়াইছে ৪২খন আসনত। ইয়াৰ ওপৰিও কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ১৩খন আসনত।

উল্লেখ্য যে, উত্তৰ-পূবৰ আন দুই ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ সৈতে একেলগে ২ মাৰ্চত হ’ব ত্ৰিপুৰা নিৰ্বাচনৰ ভোট গণনা ইয়াৰ লগতে ৩ মাৰ্চত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।

Photo: Google

লগতে পঢ়কঃ খুবেই দুখলগা! শেষৰটো ভেলেণ্টাইন ডে’ আছিল দুয়োৰে বাবে; সাগৰৰ পাৰত প্ৰেমৰ দিনটো উদযাপন কৰিবলৈ গৈছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস সাগৰৰ ঢৌত উটি (Drowns) গ’ল প্ৰেমিক-প্ৰেমিকা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -