37 C
Guwahati
Friday, May 17, 2024

Son Kills Father For Mobile: মোবাইল আৰু সুৰাৰ আসক্তি! এটা মোবাইলৰ বাবে হৈছিল পিতৃ-পুত্ৰৰ কাজিয়া; তাৰ পিছত সুৰামত্ত পুত্ৰই কোবাই কোবাই “হত্যা” কৰে পিতৃক, হত্যা কৰি পুত্ৰৰো “আত্মহত্যা”ৰ চেষ্টা…

Son Kills Father For Mobile: বাগানৰ পাত চিঙিবলৈ যোৱাৰ সময়ত পিতৃ আশাৰামে পুতেকৰ মোবাইল ফোনটো লগত লৈ গৈছিল

Must Read

Son Kills Father For Mobile At Golaghat: দেওবাৰে গোলাঘাটৰ (Golaghat) কমাৰবন্ধা আৰক্ষী (Kamarbandha Police) চকীৰ অন্তৰ্গত নামচনীয়া ৰঙাগড়াত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা (Horrific Murder Case)।

ঘটনাটো জানিবলৈ দিয়া অনুসৰি দেওবাৰে দিনৰ প্ৰায় ১.৩০ বজাত ৰঙাগড়াৰ আশাৰাম কৰ্মকাৰ (৫০) নামৰ লোকজনে তেওঁৰ পত্নী ফুল কৰ্মকাৰ (৪৭) আৰু পুত্ৰ নৱজিত কৰ্মকাৰৰ লগত (১৯) একেলগে সুৰাপান কৰি থাকোতে মোবাইল ফোনক লৈ পিতৃ আৰু পুত্ৰৰ মাজত প্ৰচণ্ড কাজিয়া লাগে (Son Kills Father For Mobile)।

Son Kills Father For Mobile
হত্যাকাৰী পুত্ৰ

বাগানৰ পাত চিঙিবলৈ যোৱাৰ সময়ত পিতৃ আশাৰামে পুতেকৰ মোবাইল ফোনটো লগত লৈ গৈছিল। সেই সময়খিনিত মোবাইলটো চাবলৈ নাপায় খঙত টিঙিৰিতুলা হৈ পৰিছিল পুত্ৰ (Son Kills Father For Mobile)

একেলগে সুৰাপান কৰি থকাৰ সময়ত মোবাইল চোৱাত বাধা দিয়াৰ কথাক লৈয়েই পিতৃৰ সৈতে কাজিয়াত লিপ্ত হয় ১৯ বছৰীয়া যুৱকজন (19 Years Boy Kills Father)

পিতৃ-পুত্ৰৰ কাজিয়া ইমানেই ভয়ংকৰ হৈ পৰিছিল যে পিতৃ-পুত্ৰ দুয়ো নিজৰ একমাত্ৰ বাঁহৰ ঘৰটো ভাঙি-চিঙি চূৰমাৰ কৰি দিয়ে।

অৱশেষত পুত্ৰই খঙত একো কৰিব নাপায় এখন কোৰৰ গদিৰে পিতৃ আশাৰামক মূৰত কোবাই কোবাই নৃশংসভাবে হত্যা কৰে (Murder)। বেছি ৰক্তক্ষৰণ হৈ পিতৃৰ ঘৰৰ চোতালতে মৃত্যু ঘটে।

ইফালে পিতৃক হত্যা কৰাৰ পিছতে পুত্ৰ নৱজিতে চিপ লৈ আত্মহত্যা কৰাৰ চেষ্টা চলায়, কিন্তু ভনীয়েকৰ বাবে এই কামত সফল নহয় (Son Attempt To Suicide)

ঘটনাৰ খবৰ পোৱা মাত্ৰকেই কমাৰবন্ধাৰ আৰক্ষী (Kamarbandha Police) ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। আৰক্ষীয়ে পিতৃৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Photo: Batori24

লগতে পঢ়কঃ Jamugurihat Husband Kills Wife: নৃশংসতাৰ সীমা পাৰ! শুই থাকোতে স্বামীয়ে হানি-খুঁচি হত্যা কৰিলে ২৪ বছৰীয়া “গৰ্ভৱতী পত্নী”ক; মহিলাগৰাকীৰ পিতৃগৃহতে জোঁৱায়েকৰ এই জঘন্যতা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -