24 C
Guwahati
Monday, April 29, 2024

Chanakya Advised: এই ৪টা দোষ আপোনাৰো আছে নেকি? যদি আছে তেন্তে সাৱধান, কাৰণ এইকেইটা দোষে মাতি আনে দুৰ্ভাগ্য, ধ্বংস হয় জীৱন! পিছে জানো আহক কি কি?

Chanakya Advised For Life: মানহে জীৱনত কেনেকৈ সুখী হ’ব পাৰে সেই সন্দৰ্ভত চাণক্যই বহু সুন্দৰ কথা বা নীতি উল্লেখ কৰিছে।

Must Read

Chanakya Advised For Life: আমি সকলোৱে জানো যে চাণক্য আছিল অতি জ্ঞানী লোক আৰু তেওঁ লগতে এজন অতি ভাল ৰাজনীতিবিদো আছিল।

মানুহে জীৱনত কেনেদৰে সুখী হ’ব সেই সম্পৰ্কেও চাণক্যই বহু সুন্দৰ কথা বা নীতি উল্লেখ কৰি গৈছে (Chanakya Advised)।

Chanakya Advised

চাণক্যই কোৱা সকলো কথাই বৰ্তমান সমাজৰ লগত ১০০ শতাংশ মিল খায় (Chanakya Advised)। গতিকে আমি যদি আচাৰ্য চাণক্যৰ নীতি অনুসৰণ কৰোঁ তেন্তে আমি জীৱনৰ বহু দিশত লাভবান হম আৰু সুখী জীৱন যাপন কৰিবলৈ সক্ষম হ’ব পাৰো।

চাণক্যৰ ৪ নীতি উল্লেখ কৰা হৈছে (Chanakya Advised)। এই নীতিকেইটা মানুহৰ জীৱনত সঠিকভাৱে প্ৰয়োগ নকৰিলে কোনো মূল্য পোৱা নাযায়। লগতে শীঘ্ৰে নিজৰ জীৱনৰ পৰা আঁতৰাও এই ৪টা দোষ।

লগতে পঢ়কঃ Chanakya Niti 3 Things: এই ৩টা বস্তুৰ মূল্য “টকা-পইচা”তকৈও বেছি; এবাৰ হেৰুৱালে ঘূৰাই পাবলৈ টান, পিছে জানো আহক কি কি?

পিছে জানি লও আহক কি কি দোষ (Chanakya Advised)?

১. চাণক্যৰ মতে যিসকল পুৰুষ বা নাৰীৰ কোনো সংস্কাৰ নাই, সেই পুৰুষ বা নাৰীৰ সৌন্দৰ্য্যৰ কোনো কাম নাই। যিজন ব্যক্তিৰ ভাল গুণ বা জ্ঞান আৰু সংস্কাৰ নাথাকে, তেওঁৰ সৌন্দৰ্য্য সমাজত কোনো কাৰণতে উপযোগী নহয়।

সেই লোকজন ধুনীয়া হোৱাৰ পিছতো সমাজত সন্মান লাভ কৰিব নোৱাৰে। কিন্তু এজন সৎ ব্যক্তি সুন্দৰ নহ’লেও সমাজৰ প্ৰতিটো স্তৰতে স্থান পায়।

গতিকে কেতিয়াও নিজৰ সৌন্দৰ্য্যক লৈ গৌৰৱ নকৰিব আৰু আনক ইয়াৰ বাবে তুচ্ছজ্ঞান নকৰিব। কোনো লোকক সৌন্দৰ্যৰ দ্বাৰা বিচাৰ কৰা উচিত নহয়। বৰঞ্চ ইয়াৰ গুণগত মানৰ ওপৰত বিচাৰ কৰা উচিত।

২. এজন শিক্ষিত লোকৰ শিক্ষা যদি কোনো কামত নাহে, তেন্তে তেওঁৰ শিক্ষা বিফল। শিক্ষা যেতিয়া আনৰ বাবে উপযোগী হয় বা কোনো কামত প্ৰয়োগ কৰিব পৰা যায় সেয়াই উত্তম শিক্ষা।

গতিকে যিয়ে সেই ধৰণৰ কাম কৰিব বিচাৰে তেওঁ সেই বিষয়ত শিক্ষা লাভ কৰক। চাণক্য নীতি অনুসৰি যদি কোনোবাই আপোনাক ভুল দিশে পঠিয়াই দিয়ে বা ভুল শিক্ষা ল’বলৈ উৎসাহিত কৰে, তেন্তে সেই বিষয়ে কেতিয়াও শিক্ষা লোৱা উচিত নহয়।

এনে ভুল শিক্ষাই সদায় ধ্বংসৰ দিশে লৈ যায়। যদি শিক্ষাৰ ভুল প্ৰয়োগ হয়, সেই শিক্ষা মূল্যহীন।

৩. আচাৰ্য চাণক্যৰ তৃতীয় মূল্যবান কথাটো হ’ল এনে ধন-সম্পত্তি অসাৰ, যি ধন-সম্পত্তি নিজৰ বাবে বা পৰিয়ালৰ বাবে বা সমাজৰ কাৰো বাবে ব্যৱহাৰৰ উপযোগী নহয়।

যি লোকে কেৱল ধন-সম্পত্তি সঞ্চয় কৰে কিন্তু সেই ধন-সম্পত্তি সমাজৰ কোনো ভাল কামৰ বাবে বা নিজৰ পৰিয়ালৰ কোনো কামৰ বাবে ব্যৱহাৰ নকৰে, তেনেধৰণৰ ধন সঞ্চয় কৰা বৃথা। যাৰ দ্বাৰা নিজৰ বা সমাজৰ কোনো ভাল কামৰ উপকাৰ নহয়।

৪. চাণক্যৰ চতুৰ্থটো দোষ হ’ল উচ্চ বংশৰ লোকৰ চৰিত্ৰ বেয়া হ’লে সেই ব্যক্তিজনৰ চৰিত্ৰৰ বাবে গোটেই বংশই বদনাম হয়। সেই বংশৰ পূৰ্বপুৰুষে কৰা সকলো ভাল কাম পাহৰি বাকী সকলো মানুহে এতিয়া সেই বংশৰ এজন ব্যক্তিৰ বেয়া চৰিত্ৰৰ বাবে গোটেই বংশৰ বদনাম কৰে।

গতিকে সদায় ভাল কাম কৰিব লাগে যাতে বংশৰ নাম উচ্চ হয়। আৰু যদি কোনোবাই বংশৰ মৰ্যাদাৰ বলত বা ধন-সম্পত্তিৰ বলত কাৰোবাৰ অন্যায় কৰে, তেন্তে তেওঁ যাৰ বাবে কৰিছে সেই বংশটোৱে ধ্বংস হ’ব।

এই চাৰিটা মূল কথা চাণক্যই তেওঁৰ নীতি হিচাপে উল্লেখ কৰিছিল। এই নীতিবোৰ মানি চলিলে আমি নিশ্চয় জীৱনত সুখ পাম।

Photo: Google

লগতে পঢ়কঃ Snake In Mid Day Meal: স্কুলৰ মধ্যাহ্ন ভোজনত ওলাল সাপ; তাৰ পিছতে ১০০ৰো অধিক শিশুৰ হ’ল বমি, কৰোৱা হ’ল হাস্পতালত ভৰ্তি, তাৰ পিছত উত্তপ্ত পৰিস্থিতি…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -