35 C
Guwahati
Tuesday, May 14, 2024

Chanakya Niti 3 Things: এই ৩টা বস্তুৰ মূল্য “টকা-পইচা”তকৈও বেছি; এবাৰ হেৰুৱালে ঘূৰাই পাবলৈ টান, পিছে জানো আহক কি কি?

Chanakya Niti 3 Things: চাণক্যৰ কথাবোৰ তিক্ত যেন লাগিব পাৰে, কিন্তু এই জীৱনত সফলতা লাভ কৰাৰ বাবে প্ৰেৰণা যোগায়

Must Read

Chanakya Niti 3 Things: চাণক্যৰ কথাবোৰ তিক্ত যেন লাগিব পাৰে, কিন্তু এই জীৱনত সফলতা লাভ কৰাৰ বাবে প্ৰেৰণা যোগায়।

চাণক্য নীতি (Chanakya Niti) অনুসৰি “টকা-পইচা”তকৈও এই ৩টা বস্তু বেছি গুৰুত্বপূৰ্ণ (Chanakya Niti 3 Things)।

আচাৰ্য চাণক্যই (Acharya Chanakya) নীতিশাস্ত্ৰত টকা-পইচা সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নীতি দাঙি ধৰিছে। প্ৰতিজন মানুহৰ জীৱনত ধনৰ বিশেষ গুৰুত্ব আছে। টকাৰে তেওঁ নিজৰ প্ৰয়োজনৰ লগতে নিজৰ ইচ্ছাও পূৰণ কৰিব পাৰে (Chanakya Niti 3 Things)। কিন্তু যেতিয়া এজন মানুহে টকা-পইচাক লৈ গৌৰৱ কৰে, তেতিয়াই সেই লোকজনৰ বাবে এয়া বিপদ হ’বলৈ আৰম্ভ কৰে। নাইকিয়া হয় যায় চকা-পইচা।

চাণক্যই কয় যে টকা হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু টকাৰ তাড়নাত যদি তিনিটা বস্তু হেৰুৱায় পেলায়, তেন্তে সেইবোৰ পুনৰ উপাৰ্জন কৰাটো টান (Chanakya Niti 3 Things)

Chanakya Niti 3 Things

লগতে পঢ়কঃ Chanakya Niti For Money: যেতিয়া আপোনাৰ হাতলৈ ‘টকা’ আহে তেতিয়া ভুলতেও এই ১০টা কাম নকৰিব! পিছে জানি লওক কি কি কাম?

আহক জানি লও আচাৰ্য চাণক্যৰ মতে টকা-পইচাতকৈ কোন তিনিটা বস্তু বেছি গুৰুত্বপূৰ্ণ (Chanakya Niti 3 Things)-

আত্মসন্মান (Self Respect)- আত্মসন্মানে এজন লোকৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে। টকা-পইচা হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু আত্মসন্মান পুনৰ লাভ কৰাটো টান। যদি কোনোবাই নিজৰ আত্মসন্মান ৰক্ষাৰ বাবে ধন ত্যাগ কৰিবলগীয়া হয়, তেনেহ’লে ৰৈ যোৱা উচিত নহয়।

ধৰ্ম (Religious)- ধৰ্ম সদায় ধন-সম্পত্তিৰ ওপৰত। ধৰ্মৰে মানুহে ভাল আৰু অনুচিতৰ পাৰ্থক্য বুজিব পাৰে। চাণক্যই কৈছে যে ধনৰ সন্ধানত ধৰ্ম ত্যাগ কৰা লোকে সমাজত নিজৰ সন্মান হেৰুৱাই পেলায়। সেইবাবেই ধনতকৈ সদায় ধৰ্মক সন্মান কৰা উচিত।

প্ৰেম (Love)- চাণক্যই কোৱা অনুসৰি টকাৰে প্ৰেম কিনিব নোৱাৰি। গতিকে সম্পৰ্ক ৰক্ষা কৰা উচিত। পৰিয়াল আৰু আপোনজনৰ আগত টকাৰ কোনো মূল্য নাই। চাণক্য নীতি অনুসৰি এজন লোক ধনী, কিন্তু যদি তেওঁক কোনেও ভাল নাপায় তেন্তে তেওঁ ধনী হোৱাটো অৰ্থহীন।

Photo: Google

লগতে পঢ়কঃ Cachar Buwari Died: হত্যা নে অঘটন! বোৱাৰীৰ ৰহস্যজনক মৃত্যু; ৪ মাহ পূৰ্বে বিয়া হৈছিল “কৰিশ্মা”ৰ, কালি ভাড়াঘৰত মৃতদেহ উদ্ধাৰ, ভাড়াঘৰটোত একেলগে আছিল স্বামী-শহুৰো…পৰিয়ালৰ সন্দেহ এয়া হত্যা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -