25 C
Guwahati
Sunday, May 12, 2024

Junmoni Rabha And Anand Mishra: কিমান আগবাঢ়িছে জোনমণিৰ মৃত্যুৰ তদন্ত? মেট্ৰিকৰ ৰিজাল্টৰ পিছতে দুদিন ধৰি থানাত উজান আত্মসমৰ্পণকাৰীৰ; ইয়াকে লৈ ৱাহ ৱাহ এগৰাকী আৰক্ষী বিষয়াক, পিছে SI জোনমণিৰ মৃত্যুৰ কাহিনী ক’ত হেৰাল…?

Junmoni Rabha And Anand Mishra: ১৫ মে'ত সংঘটিত হোৱা SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কাহিনী যেন এক কাহিনী হৈয়ে ৰ'ল

Must Read

Junmoni Rabha And Anand Mishra: ১৫ মে’ত সংঘটিত হোৱা SI জোনমণি ৰাভাৰ (SI Junmoni Rabha Died Case) ৰহস্যজনক মৃত্যুৰ কাহিনী যেন এক কাহিনী হৈয়ে ৰ’ল। CBIৰ হাতত এই ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰাৰ পিছৰে পৰা প্ৰায় এসপ্তাহতকৈও অধিক চৰ্চিত বিষয় হৈ পৰা জোনমণিৰ মৃত্যুৰ তদন্তত যেন এতিয়া কোনোবাই চেঁচা পানী ঢালিলে।

জোনমণিৰ মৃত্যুৰ পাছদিনাৰে পৰা ঘটনাটোৰ নতুন নতুন মোৰ ওলোৱাত আৰক্ষী আৰু মিডিয়াৰ যি ভূমিকা আছিল সেয়া হয়তো নকলেও হ’ব। কিন্তু যিমানে দিন গ’ল সেই ভূমিকাৰো গতি লেহেমীয়া হৈ পৰিল। আৰু এটা সময়ত জোনমণিৰ মৃত্যুৰ ঘটনা (SI Junmoni Rabha Died Case) সকলোৰে দৃষ্টিৰ পৰা নাইকিয়া হৈ গ’ল।

Junmoni Rabha And Anand Mishra

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সকলোৰে দৃষ্টিৰ পৰা আঁতৰাবলৈ চেষ্টা কৰা কৌশলসমূহ এনেধৰণৰ!-

SI জোনমণি ৰাভাৰ মৃত্যুৱে নতুন নতুন মোৰ লোৱাৰ সময়তে আহিল মেট্ৰিকৰ ৰিজাল্টৰ খবৰ। কোনোধৰণৰ আগজাননী নিদিয়াকৈ পুৱা এক টুইট কৰি ৰিজাল্ট ঘোষণা হ’ব বুলি অৱগত কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। তাৰ পিছতে জোনমণি OUT আৰু মেট্ৰিকৰ ৰিজাল্ট IN

লগতে পঢ়কঃ Junmoni Rabha And HSLC Exam: হঠাৎ কিয় মেট্ৰিকৰ ৰিজাল্টৰ Surprise? ক’ত অন্তৰ্ধান হ’ল জোনমণিৰ মৃত্যুৰ কাহিনী? জোনমণিৰ মৃত্যুৰ ঘটনাৰ পৰা দৃষ্টি আঁতৰোৱাৰ এয়া কৌশল নহয়টো…?

সংবাদ মাধ্যমৰ লগে লগে ছচিয়েল মিডিয়াতো মেট্ৰিকৰ ফলাফলক লৈ হুলস্থুল (HSLC Result)। মেট্ৰিকত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে পালে ফলাফল। কোনোবাই হাঁহিলে, আকৌ কোনোবাই কান্দিলে আৰু তাৰ মাজতে হেৰাই থাকিল জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। মেট্ৰিকৰ ফলাফলৰ দিনা আৰু তাৰ পাছৰ দুদিনলৈকে চলি থাকিল কোন শিক্ষাৰ্থীয়ে কেনেকৈ পঢ়ি পাছ কৰিলে, কোন শিক্ষাৰ্থীয়ে চাকিৰ পোহৰত পঢ়ি সাফল্য লাভ কৰিলে। আৰু ক’ত কি?

ইফালে মেট্ৰিকৰ ফলাফলৰ বাতৰি তল নপৰোতেই সোমবাৰৰ নিশাৰ পৰা নকল সোণ আৰু নকল টকাৰ বেপাৰী-সৰবৰাহকাৰীৰ আৰক্ষী থানাত আত্মসমপৰ্ণ কৰাৰ খবৰ আহিল পোহৰলৈ। লখিমপুৰৰ পৰা আৰম্ভ কৰি জামুগুৰিহাট, নাওবৈচা আৰু বঙালমৰা আৰক্ষী চকীত আত্মসমপৰ্ণকাৰীৰ উজান উঠিল।

দুদিন পূৰ্বে লখিমপুৰৰ (Lakhimpur Police) আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত হৈছিল বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বঙালমৰা আৰক্ষী চকীত (Junmoni Rabha And Anand Mishra)। তাতে সতৰ্কবাণী কৰিছিল যে অপৰাধীসকল নিজে আহি থানাত হাজিৰ হ’ব লাগে, অন্যথা পৰিস্থিতি বেয়া হ’ব পাৰে।

Junmoni Rabha And Anand Mishra

তাৰ পিছতে আৰক্ষী অধীক্ষক আনন্দৰ মিশ্ৰৰ (Anand Mishra) ধমকত আত্মসমৰ্পণ কৰিবলৈ ধৰিলে ইজনৰ পিছত সিজন অপৰাধীয়ে। নাওবৈচা আৰক্ষী চকীত (Naoboisa Police) আত্মসমৰ্পণ কৰিলে ৫ জনে। বিভিন্ন আইনবিৰোধী কামত জড়িত লোকে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত। মুঠতে বিগত ৪৮ ঘণ্টাত ৩১জন নকল সোণ বেপাৰীয়ে কৰে আত্মসমৰ্পণ (31 Fake Gold Smuggler Surrender)। কেৱল নকল সোণ আৰু জাল নোট সৰবৰাহকাৰীয়ে নহয় মুঠ ৩জন গেংষ্টাৰেও কৰে আত্মসমৰ্পণ (Junmoni Rabha And Anand Mishra)

কিন্তু কিছুদিন পূৰ্বে নকল সোণৰ মাষ্টাৰ মাইণ্ড (Fake Gold Mastermind) কেইজনমানে সংবাদ মাধ্যমৰ জৰিয়তে কৈছিল “আমি বেয়া কাম এৰিলোঁ, আমি জেল খাই আহিলোঁ, আমাক বহু মাৰধৰ কৰি জেললৈ পথাইছিল, কেইবা বছৰ ধৰি এনে কৰ্মৰ পৰা আতৰি আহিলো, বৰ্তমান সকলো নকল সোণ আৰু নকল টকাৰ বেপাৰ নিজাববীয়াকৈ চলাই আছে দুষ্ট চক্ৰই।

সেই নকল সোণ আৰু নকল টকাৰ বেপাৰীসমূহে কিয় ভাল হৈ যোৱাৰ পিছত পুনৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰিবলগীয়া হ’ল। এই ঘটনাও সোমাই পৰিছে সন্দেহৰ আৱৰ্তত। এই ঘটনাটো ব্যস্ত থাকিল সমগ্ৰ সংবাদ মাধ্যম। পাহৰি গ’ল জোনমণি ৰাভাক। জোনমণিৰ হত্যাকাণ্ডৰ ঘটনা গাপ দিয়াৰ ই এটা অন্য প্ৰক্ৰিয়া নহয়টো?

জোনমণিৰ মৃত্যুৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰা আন এটা ISSUE হ’ল আনন্দ মিশ্ৰ (Junmoni Rabha And Anand Mishra)। জোনমণিৰ ঘটনাৰ (Junmoni Died Case) পিছতে ৰাজ্যৰ বহু কেইগৰাকী আৰক্ষী বিষয়াৰ লগতে বহুকেইগৰাকী আৰক্ষী কনিষ্টবলকো বদলি কৰা হৈছিল বিভিন্ন স্থানলৈ। তাৰ মাজতে এগৰাকী আছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। আনন্দ মিশ্ৰই লখিমপুৰৰ আৰক্ষী অধীক্ষক (SP Anand Mishra) হিচাপে যোগদান কৰাৰ পিছৰে পৰা অপৰাধীয়ে কৰিব ধৰিলে আত্মসমৰ্পণ। আনন্দ মিশ্ৰৰ ভয়ত আত্মসমৰ্পণ কৰা বুলি বহু অপৰাধীৰ স্বীকাৰাক্তি।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই পুৱতি নিশা ৩ বজালৈকে জেৰা কৰিলে আত্মসমৰ্পণ কৰা সোণ বেপাৰীসকলক। তাৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত আনন্দ মিশ্ৰৰ ‘ৱাহ ৱাহ’। প্ৰতিটো সংবাদ মাধ্যমৰ শিৰোনামত জিলিকি উঠিল ‘আনন্দ মিশ্ৰৰ আগমনে খলকনিৰ সৃষ্টি কৰিছে’, ‘অপৰাধীৰ বুকুত কঁপনি তুলিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই’, ‘আনন্দৰ মিশ্ৰৰ ধমকত এতিয়া আত্মসমৰ্পণ অপৰাধীৰ’, ইত্যাদি ইত্যাদি।

পিছে এগৰাকীক ৱাহ ৱাহ কৰি থাকোতে আন এগৰাকী ডবং আৰক্ষী বিষয়াৰ মৃত্যুৰ কাহিনী যেন হেৰাই গ’ল। কিমান আগবাঢ়িছে জোনমণি ৰাভাৰ মৃত্যুৰ (Junmoni Rabha Died Case) তদন্ত। সংবাদ মাধ্যমৰ পৰা আঁতৰাৰ লগে লগে ৰাইজৰ মনৰ পৰাও আঁতৰি যাব নেকি এই ঘটনা? নে এয়াই পৰিকল্পনা?

Photo: Google

Published By: Dulu Medhi

লগতে পঢ়কঃ Chanakya Niti 3 Things: এই ৩টা বস্তুৰ মূল্য “টকা-পইচা”তকৈও বেছি; এবাৰ হেৰুৱালে ঘূৰাই পাবলৈ টান, পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -