26 C
Guwahati
Sunday, May 5, 2024

Maharashtra Accident: ভয়ংকৰ ক’ব নে কৰুণ! বাছ আৰু ট্ৰাকৰ মুখামুখি খুন্দা; কৰুণ মৃত্যুক সাৱটিলে ৭জনে, গুৰুতৰভাবে আহত ২২ গৰাকী

Maharashtra Accident 7 Killed: মঙলবাৰে পুৱা মহাৰাষ্ট্ৰৰ বুলধনাত ৰাজ্য পৰিবহন নিগমৰ বাছ আৰু কণ্টেনাৰ ট্ৰাকৰ মাজত হোৱা ভয়ংকৰ খুন্দাত প্ৰায় ৭ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু ২২ গৰাকী লোক আহত হয়।

Must Read

Maharashtra Accident 7 Killed: মহাৰাষ্ট্ৰৰ বুলধনা (Maharastra Buldhana) জিলাৰ নাগপুৰ-পুনে ঘাইপথত মঙলবাৰে পুৱা এখন বাছ আৰু ট্ৰাকৰ মাজত (Collision Between Bus And Truck) সংঘটিত সংঘৰ্ষত কমেও ৭ জন লোক নিহত (7 Died) হোৱাৰ বিপৰীতে আহত হয় আন ২২ গৰাকী লোক।

Maharashtra Accident

আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে। আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি ২ গৰাকী আহতৰ অৱস্থা যথেষ্ট সংকটজনক।

Maharashtra Accident

জানিবলৈ দিয়া অনুসৰি দুৰ্ঘটনাটো পুৱা ৭ বাজি ২০ মিনিটত জিলাখনত পুৰণি মুম্বাই-নাগপুৰ ৰাজমাৰ্গত সিংদখেড ৰাজা অঞ্চলত সংঘটিত হয় (Maharashtra Accident)

দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ৩৩ গৰাকী যাত্ৰী আৰু বাছখন বুলধানৰ মেহকাৰ অভিমুখে গৈ আছিল (Maharashtra Accident)

Maharashtra Accident

জানিব পৰা মতে, বুলধানৰ মেহেকাৰ অভিমুখে গৈ থকা যাত্ৰীবাহী বাছখনত বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনে খুন্দা মৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (Horrific Road Accident)

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই (Maharashtra Accident)। আনহাতে নিহত সকলৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Photo: Google

লগতে পঢ়কঃ Junmoni Rabha And Anand Mishra: কিমান আগবাঢ়িছে জোনমণিৰ মৃত্যুৰ তদন্ত? মেট্ৰিকৰ ৰিজাল্টৰ পিছতে দুদিন ধৰি থানাত উজান আত্মসমৰ্পণকাৰীৰ; ইয়াকে লৈ ৱাহ ৱাহ এগৰাকী আৰক্ষী বিষয়াক, পিছে SI জোনমণিৰ মৃত্যুৰ কাহিনী ক’ত হেৰাল…?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -