30 C
Guwahati
Thursday, April 25, 2024

Parliament Inauguration: এফালে ৰাষ্ট্ৰপতিক উপেক্ষা; আনফালে হিন্দুত্বৰ প্ৰৱক্তা বিনায়ক দামোদৰ চাভাৰকাৰক সন্মান, ২৮ মে’ত ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানক কিয় বৰ্জনৰ হুংকাৰ দিছে বিৰোধীয়ে?

Parliament Inauguration Boycotting Opposition: অহা ২৮ মে’ত অৰ্থাৎ দেওবাৰে ভাৰতৰ নতুন সংসদ ভৱন মুকলি কৰা হ’ব

Must Read

Parliament Inauguration Boycotting Opposition: অহা ২৮ মে’ত অৰ্থাৎ দেওবাৰে ভাৰতৰ নতুন সংসদ ভৱন মুকলি (Parliament Inauguration) কৰা হ’ব। এয়া হ’ব ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ বাবে এটা উল্লেখনীয় ঘটনা।

দেশৰ আত্মা সংসদ ভৱনৰ উদ্বোধনৰ দৰে পৱিত্ৰ অনুষ্ঠান। কিন্তু অনুষ্ঠান জাতিৰ পিতা মহাত্মা গান্ধীৰ (Mahatma Gandh) জন্মদিনত নহয়, এই অনুষ্ঠান নাপাতিলে সংবিধানৰ প্ৰণেতা ড০ বি আৰ আম্বেদকাৰৰ জন্মদিনতো। এই অনুষ্ঠানৰ বাবে দিন বাচি লোৱা হৈছে ২৮ মে’।

মোদী চৰকাৰে খোলাকৈ প্ৰকাশ নকৰিলেও ২৮ মে’ৰ দিনটো বিজেপিৰ কাৰণে এটা বিশেষ দিন। সেয়া হৈছে বিনায়ক দামোদৰ চাভাৰকাৰৰ জন্মদিন। হিন্দুত্বৰ প্ৰৱক্তা চাভাৰকাৰৰ জন্মদিনৰ দিনাই বিজেপি চৰকাৰে দেশৰ বাবে উৎসৰ্গা কৰিব বিচাৰিছে নতুন সংসদ ভৱন। এই বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে সৰ্বত্ৰ।

সংসদীয় গণতন্ত্ৰৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী এই নতুন সংসদ ভৱনৰ মুকলি ২ অক্টোবৰত কৰিব পৰা নগ’লহেতেন নে? একেদৰে বি আৰ আম্বোদকাৰৰ জন্মদিন ১৪ এপ্ৰিল কিয় হ’ব নোৱাৰিলে সংসদ ভৱন মুকলিৰ দিন।

আনকি স্বাধীনতা দিৱস, গণৰাজ্য দিৱসৰ দিনটোও লোৱা নহ’ল নতুন সংসদ ভৱন মুকলিৰ বাবে। কিন্তু বিজেপি চৰকাৰে বাচি ল’লে চাভাৰকাৰৰ জন্মদিন ২৮ মে’ (The Event On The Birth Anniversary Of VD Savarkar)

বিজেপি আৰু আৰ এছ এছৰ বাবে মহান নেতা চাভাৰকাৰৰ জন্মদিনটো কি গান্ধী জয়ন্তী বা আম্বেদকাৰ জয়ন্তীতকৈও বেছি গুৰুত্বপূৰ্ণ দিন নেকি?

দেশ গঢ়াত বিনায়ক দামোদৰ চাভাৰকাৰৰ অৱদান কি মহাত্মা গান্ধী বা আম্বেদকাৰতকৈ বেছি নেকি? যে এটা মহান কামৰ বাবে আন সকলো দিন এৰি বাছি ল’লে ২৮ মে’ অৰ্থাৎ চাভাৰকাৰৰ জন্মদিনটোহে। এই প্ৰশ্ন এতিয়া বহুতৰ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) উদ্বোধন কৰিবলগীয়া নতুন সংসদ ভৱনটোৰ মুকলি (Parliament Inauguration) অনুষ্ঠান বৰ্জন কৰিব ১৯টাকৈ বিৰোধী ৰাজনৈতিক দলে (Boycott Of New Parliament Building Opening)

ভাৰতীয় জাতীয় কংগ্ৰেছ, ডিএমকে, আম আদমি পাৰ্টি, শিৱসেনা (উদ্ধৱ থাকৰে গোট) সমাজবাদী পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, ঝাৰখণ্ড মুক্তি মৰ্চা, কেৰালা কংগ্ৰেছ (মাণি), ভিচিকে, তৃণমূল কংগ্ৰেছ, জনতা দল (ইউনাইটেড), ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), ৰাষ্ট্ৰীয় জনতা দল, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ, নেচনেল কনফাৰেন্স, ৰিভলুচেনাৰী চ’ছিয়েলিষ্ট পাৰ্টি, এমডিএমকেসহ দেশৰ ১৯ টাকৈ বিৰোধী ৰাজনৈতিক দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি এক যৌথ বিবৃতি প্ৰকাশ কৰিছে। কাৰণ নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই (The Inauguration Of India’s New Parliament in New Delhi, 19 Parties Announcing They Will Be Boycotting The Ceremony)

দেশৰ এই ১৯টাকৈ বিৰোধী দলসমূহে এক বিবৃতি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৈৰতান্ত্ৰিকভাৱে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূক (President Droupadi Murmu) একাষৰীয়া কৰি নতুন সাংসদ ভৱন উদ্বোধন কৰি আকৌ আত্মশ্লাঘাৰ পৰিচয় দিব খুজিছে।

বিৰোধী দলসমূহৰ মতে এয়া কেৱল প্ৰধানমন্ত্ৰী মোদীৰ আত্মশ্লাঘাই নহয় এই কাৰ্যৰে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক গুৰুতভাৱে অপমান কৰাৰ লগতে ভাৰতীয় গণতন্ত্ৰৰ ওপৰতো প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে (Parliament Inauguration)

“ভাৰতৰ সংবিধানত ৭৯ নং অনুচ্ছেদত কোৱা হৈছে যে ‘সংঘৰ বাবে এখন সংসদ থাকিব যিখন ৰাষ্ট্ৰপতি আৰু দুটা সদনৰে গঠিত হ’ব যাক ক্ৰমে ৰাষ্ট্ৰ পৰিষদ আৰু জনসাধাৰণৰ সদন বুলি জনা যাব।’ ৰাষ্ট্ৰপতি কেৱল ভাৰতৰ ৰাষ্ট্ৰপতি নহয়, সংসদৰ অবিচ্ছেদ্য অংগও। তেওঁৱে সংসদৰ অধিবেশন আহ্বান, স্থগিত আৰু সম্বোধন কৰে।

সংসদৰ এখন আইন কাৰ্যকৰী হ’বলৈ তেওঁৰ স্বাক্ষৰৰ প্ৰয়োজন হয়। মুঠতে ৰাষ্ট্ৰপতিৰ অবিহনে সংসদ চলিব নোৱাৰে। তথাপিও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ অবিহনে নতুন সংসদ (Parliament Inauguration) ভৱন উদ্বোধন কৰাৰ সিদ্ধান্ত লৈছে। এনে অসন্মানীয় কাৰ্যই ৰাষ্ট্ৰপতিৰ উচ্চ পদবীক অপমান কৰিছে, আৰু সংবিধানৰ আক্ষৰিক আত্মা তথা সাৰমৰ্মকো উলংঘা কৰিছে। আদিবাসী জনগোষ্ঠীৰ পৰা প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰা বুলি সমগ্ৰ দেশে কৰা গৌৰৱক প্ৰধানমন্ত্ৰীৰ এনে কাৰ্যই চূড়ান্তভাৱে ভেঙুচালি কৰাৰ লগতে অপমানো কৰিছে।” বিৰোধী শিবিৰৰ বিবৃতিটোত এইদৰে কোৱা হৈছে।

দলসমূহে লগতে কৈছে, সংসদ তিনিটা অংশৰে সম্পূৰ্ণ হয় আৰু সেয়া হৈছে ৰাষ্ট্ৰপতি আৰু দুই সদন (Parliament Inauguration)। কিন্তু সংসদৰ সৰ্বোচ্চ পদবীক অপমান কৰিব বিচাৰিছে মোদী চৰকাৰে ।

এইদৰে নতুন সংসদ ভৱনৰ মুকলি দেশ বাবে যিমানেই গুৰুত্বপূৰ্ণ বিষয়, কিন্তু তেনে এটা বিষয়ক এতিয়া জানি বুজি বিতৰ্কৰ মাজলৈ ঠেলি দিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে।

Photo: Google

লগতে পঢ়কঃ Maharashtra Accident: ভয়ংকৰ ক’ব নে কৰুণ! বাছ আৰু ট্ৰাকৰ মুখামুখি খুন্দা; কৰুণ মৃত্যুক সাৱটিলে ৭জনে, গুৰুতৰভাবে আহত ২২ গৰাকী

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -