37.1 C
Guwahati
Sunday, May 5, 2024

Snake In Mid Day Meal: স্কুলৰ মধ্যাহ্ন ভোজনত ওলাল সাপ; তাৰ পিছতে ১০০ৰো অধিক শিশুৰ হ’ল বমি, কৰোৱা হ’ল হাস্পতালত ভৰ্তি, তাৰ পিছত উত্তপ্ত পৰিস্থিতি…

Snake In Mid Day Meal In Bihar: এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অমোনাৰ মধ্য বিদ্যালয়ত, য'ত মধ্যাহ্ন ভোজান কৰিবলৈ বহা শিশুসকলৰ এখন প্লেটত দেখা গ'ল সাপ।

Must Read

Snake In Mid Day Meal In Bihar: বিহাৰৰ এখন স্কুলৰ (Bihar School) মধ্যাহ্ন ভোজনত সাপ ওলোৱাৰ পিছত হুলস্থুলপৰিৱেশৰ সৃষ্টি হয় (Snake Found In Mid Day Meal)।

ফাৰবিছগঞ্জৰ অমোনাত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাৰ (Sensetional Incident) পিছতে ১০০তকৈও অধিক শিশু অসুস্থ হৈ উঠে (100 Students Fall ill)।

জানিবলৈ দিয়া অনুসৰি শিশুসকলক মধ্যাহ্ন ভোজনত (Mid Day Meal) খিচিৰী পৰিৱেশন কৰা হৈছিল, তাতে সাপ আছিল (Snake In Mid Day Meal)। দৌৰাদৌৰিকৈ গাঁওবাসীয়ে অসুস্থ শিশুকেইটাক ফাৰবিছগঞ্জ ছাব-ডিভিজনেল হাস্পতাললৈ প্ৰেৰণ কৰা হয়, য’ত আটাইকেইটাৰ শিশুৰ চিকিৎসা কৰা হয়।

ঘটনাটো মধ্য বিদ্যালয় অমোনাৰ হয়, য’ত মধ্যাহ্ন ভোজান কৰিবলৈ বহা শিশুসকলৰ এখন প্লেটত দেখা গ’ল সাপ (Snake In Mid Day Meal), তাৰ পিছতে খাই থকা শিশুকেইটাৰ অৱস্থা যথেষ্ট অসুস্থ হৈ পৰে। চাওতে চাওতে মধ্যাহ্ন ভোজনত সাপ (Snake) ওলোৱা কথাটো গোটেই গাঁওখনত বিয়পি পৰে।

ঘটনাটোৰ পিছতে গাঁওখনৰ লোকসকল স্থুলখনত উপস্থিত হয়, তাত উত্তপ্ত পৰিস্থিতৰো সৃষ্টি হয়।
গাঁওবাসীয়ে দৌৰা-দৌৰিকৈ আটাইকেইটা শিশুক হাস্পতাললৈ লৈ যায়। বিধায়ক (MLA), এছডিএম (SDM) আৰু ডিএছপিসহ (DSP) বহুকেইগৰাকী বিষয়া হাস্পতালত উপস্থিত হয় আৰু শিশুকেইটাৰ লগত কথা পাতে। জানিবলৈ দিয়া অনুসৰি, যি ভোজন শিশুকেইটাক দিয়া হৈছিল, সেয়া এটা NGO-এ বনাইছিল।

Snake In Mid Day Meal

প্ৰকাশিত খবৰ অনুসৰি, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক এটা বেচৰকাৰী সংস্থাই মধ্যাহ্ন ভোজন পৰিবেশন কৰি থকা অৱস্থাতে এখন প্লেটত সাপ উদ্ধাৰ হয় (Snake In Mid Day Meal)। লগে লগে বিদ্যালয়খনত খাদ্য বিতৰণ বন্ধ কৰি দিয়া হয়।

কিন্তু সাপ উদ্ধাৰৰ পূৰ্বেই খাদ্য গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বমি হ’বলৈ ধৰাত লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (Snake In Mid Day Meal)

ইফালে স্থানীয় গাঁওবাসীয়ে খাদ্য খোৱাৰ পিছত ১০০ ৰো অধিক শিশুৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটা বুলি অভিযোগ কৰাৰ বিপৰীতে চৰকাৰী বিষয়াসকলে ২৫টা শিশু অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হোৱা বুলি দাবী কৰিছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে গাঁৱৰ ৰাইজ আৰু শিক্ষাৰ্থীৰ অভিভাৱকে বিদ্যালয়খনত উপস্থিত হয় আৰু এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। সমবেত একাংশ লোকে আনকি বিদ্যালয়খনৰ প্ৰধান শিক্ষককো (Locals Attack Teacher) আক্ৰমণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

জিলাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Photo: Zee News

লগতে পঢ়কঃ Himanta On Jalukbari Accident: “মোৰ এটা অনুৰোধ যিসকলৰ ল’ৰা-ছোৱালী গুৱাহাটীত থাকে, তেওঁলোকৰ অভিভাৱকে ল’ৰা-ছোৱালীয়ে কি কৰিছে কি কৰা নাই অলপ যাতে খা-খবৰ ৰাখে”- ৭ ছাত্ৰৰ দুৰ্ঘটনাত মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ বিশেষ অনুৰোধ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -