28 C
Guwahati
Thursday, April 25, 2024

Himanta On Jalukbari Accident: “মোৰ এটা অনুৰোধ যিসকলৰ ল’ৰা-ছোৱালী গুৱাহাটীত থাকে, তেওঁলোকৰ অভিভাৱকে ল’ৰা-ছোৱালীয়ে কি কৰিছে কি কৰা নাই অলপ যাতে খা-খবৰ ৰাখে”- ৭ ছাত্ৰৰ দুৰ্ঘটনাত মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ বিশেষ অনুৰোধ

Himanta On Jalukbari Accident: ঘটনাস্থলীত মুখ্যমন্ত্ৰীগৰাকীউপস্থিত হৈ কয় যে-‘‘যি দুৰ্ঘটনা হৈ গ’ল, ৭জনকৈ ছাত্ৰৰ মৃত্যু হ’ল। সঁচাকৈ এয়া এক দুখলগা ঘটনা

Must Read

Himanta On Jalukbari Accident: মাজনিশা মহানগৰীৰ জালুকবাৰীস্থিত DCP কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে ঘটনাৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma)।

ঘটনাস্থলীত মুখ্যমন্ত্ৰীগৰাকী (Himanta On Jalukbari Accident) উপস্থিত হৈ কয় যে-‘‘যি দুৰ্ঘটনা হৈ গ’ল, ৭জনকৈ ছাত্ৰৰ মৃত্যু হ’ল। সঁচাকৈ এয়া এক দুখলগা ঘটনা। যিকেইজন আহত হৈছে সেইকেইজন এতিয়া বিপদমুক্ত।

মই এটা অনুৰোধ কৰিম, যিসকলৰ ল’ৰা-ছোৱালী গুৱাহাটীত থাকে, অভিভাৱকসকল তেওঁলোকৰ লগত সংযোগত থাকিলে ভাল। ল’ৰা-ছোৱালীয়ে কি কৰিছে কি কৰা নাই অলপ যাতে খা-খবৰ ৰাখে। মই হোষ্টেলৰ কৰ্তৃপক্ষকো ক’ম যাতে হোষ্টেলৰ যি ব্যৱস্থা থাকে, সেয়া যাতে শক্তিশালী কৰে। এই ধৰণে ৭জন ল’ৰাৰ মৃত্যু সঁচাকৈ দুখলগা (Himanta On Jalukbari Accident)।’

দুৰ্ঘটনাৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে কয়, দুৰ্ঘটনা হ’লে আৰক্ষীয়ে তদন্ত কৰিবই (Himanta On Jalukbari Accident)। কিন্তু ঘটনাটো একেবাৰে জলজল–পটপট হৈ আছে, তাত বেলেগ কথা একো নাই। তথাপি আৰক্ষীয়ে যিখিনি কৰিব লাগে কৰিব।

Himanta On Jalukbari Accident Himanta On Jalukbari Accidentআনহাতে, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙেও (DGP GP Singh) এই ঘটনাৰ বুজ লৈছে।

উল্লেখ্য দেওবাৰে মাজনিশা মহানগৰীৰ জালুকবাৰীস্থিত DCP কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident At Guwahati)। এখন দ্ৰুতবেগী মহিন্দ্ৰা স্কৰপিঅ’ৰ প্ৰচণ্ড খুন্দা ব্ৰইলাৰ কঢ়িওৱা বলেৰ’ পিক আপ ভানত।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে একেলগে প্ৰাণ হেৰুৱালে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (Assam Engineerning College) ৭জন ছাত্ৰই (Jalukbari Accident)

Himanta On Jalukbari Accident

নিহত যুৱককেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ (AEC Students Died) আৰু ৭নং হোষ্টেলৰ আৱাসী বুলি চিনাক্ত কৰা হৈছে। নিহত ছাত্ৰ কেইজনৰ নাম ক্ৰমে মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভোৱাল, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ নিয়ৰ ডেকা (7 Students Spot Died)

Photo: Batori24

লগতে পঢ়কঃ Jalukbari Accident: “Dont Drink And Drive” বুলি এনেই কোৱা নহয়; শুনিলে হয়তো এই ৭জন ছাত্ৰই প্ৰাণ নেহেৰুৱালে হয়, মদে ধ্বংস কৰিলে ৭টা পৰিয়ালৰ সপোন…একেদিনাই কৰুণ মৃত্যুক সাৱটে AECৰ ৭ ছাত্ৰই

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -