24 C
Guwahati
Thursday, May 9, 2024

Buddha Purnima 2023: আজি বুদ্ধ পূৰ্ণিমা; তাৰিখ, সময়, কাহিনী, মন্ত্ৰ, শিক্ষা আৰু তাৎপৰ্য…লগতে জানি লওক এই দিনটো পালন কৰাৰ লাভ

Buddha Purnima 2023: বুদ্ধ পূৰ্ণিমাই হিন্দুসকলৰ মাজত এক গুৰুত্বপূৰ্ণ তাৎপৰ্য বহন কৰে কাৰণ এই দিনটোত ভগৱান বুদ্ধৰ ২৫৮৫ সংখ্যক জন্ম জয়ন্তীক চিহ্নিত কৰিবলৈ পালন কৰা হয়, যাক লোকপ্ৰিয়ভাবে মহাত্মা বুদ্ধ নামেৰে জনা যায়

Must Read

Buddha Purnima 2023: বুদ্ধ পূৰ্ণিমাই হিন্দুসকলৰ মাজত এক গুৰুত্বপূৰ্ণ তাৎপৰ্য বহন কৰে কাৰণ এই দিনটোত ভগৱান বুদ্ধৰ ২৫৮৫ সংখ্যক জন্ম জয়ন্তীক চিহ্নিত কৰিবলৈ পালন কৰা হয়, যাক লোকপ্ৰিয়ভাবে মহাত্মা বুদ্ধ নামেৰে জনা যায়। বুদ্ধ পূৰ্ণিমাৰ দিনটোক বুদ্ধ জয়ন্তী হিচাপেও জনাজাত।

গৌতম বুদ্ধৰ (Gautam Buddha) শিষ্যসকলে এই দিনটো সমগ্ৰ বিশ্বতে অতি উৎসাহেৰে উদযাপন কৰে। ব’হাগ মাহৰ পূৰ্ণিমাত বুদ্ধ পূৰ্ণিমাৰ দিন উদযাপন কৰা হয়। ২০২৩ বৰ্ষত, আজি ৫ মে’, ২০২৩ত উদযাপন কৰা হৈছে।

Buddha Purnima 2023: তাৰিখ আৰু সময়-

পূৰ্ণিমা তিথি আৰম্ভঃ ৪ মে’ৰ নিশা নিশা ১১ বাজি ৪৪ মিনিটত

পূৰ্ণিমা তিথি সমাপ্তঃ ৫ মে’ৰ নিশা ১১ বাজি ৩ ছেকেণ্ডত

লগতে পঢ়কঃ Chandra Grahan And Buddha Purnima: কাইলৈ বুদ্ধপূর্ণিমা আৰু চন্দ্রগ্রহণো! আহক জানি লওক কি কি কৰিব আৰু কি নকৰিব; সুৰা বা মাংস একেবাৰেই নাখাব…

Buddha Purnima 2023ৰ তাৎপৰ্য-

বৌদ্ধ ধৰ্ম অনুসৰণ কৰা লোকসকলৰ মাজত বুদ্ধ পূৰ্ণিমাৰ এক ডাঙৰ ধৰ্মীয় গুৰুত্ব আছে। তেওঁলোকে ভগৱান বুদ্ধৰ শিক্ষা পাঠ কৰি এই দিনটো পালন কৰে আৰু তেওঁৰ শিক্ষা সৰ্বাধিক লোকলৈবিস্তাৰ কৰে। বৌদ্ধ গ্ৰন্থ অনুসৰি, এইটো বিশ্বাস কৰা হয় যে গৌতম বুদ্ধৰ জন্ম লুম্বিনীত খ্ৰীষ্টপূৰ্ব ৫৬৩ চনত হৈছিল। যি নেপালত অৱস্থিত আৰু তেওঁ খ্ৰীষ্টপূৰ্ব ৪৮৩ চনত উত্তৰ প্ৰদেশৰ কুশীনগৰত ৮০ বছৰ বয়সত মৃত্যুবৰণ কৰে। অৱশ্যে কোনেও তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক তাৰিখ নাজানে।

এই দিনটো Vesak হিচাপেও উদযাপন কৰা হয় আৰু এই দিনটোতে তেওঁ বোধগয়াৰ বোধি গছৰ তলত জ্ঞান লাভ কৰিছিল, তেওঁ প্ৰথমবাৰ সাৰনাথত ধৰ্মৰ শিক্ষা প্ৰদান কৰিছিল আৰু সুখীনগৰত তেওঁ তেওঁৰ শৰীৰ ত্যাগ কৰিছিল সেয়েহে, ভগৱান বুদ্ধৰ তিনিটা মুখ্য তীৰ্থস্থান আছে বৌদ্ধসকলৰ বাবে, গৌতম বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্কিত আটাইতকৈ গুৰুত্বপূৰ্ণ তীৰ্থস্থান হৈছে বোধগয়া, বহুলোকে এই ঠাইলৈ প্ৰাৰ্থনা কৰিবলৈ যায়।

Buddha Purnima 2023ৰ কাহিনী-

গৌতম বুদ্ধৰ জীৱনৰ কাহিনী বুদ্ধ পূৰ্ণিমাৰ সৈতে জড়িত হৈ আছে। সিদ্ধাৰ্থ গৌতমৰ জন্ম শাক্য গোত্ৰৰ ৰজা সুধোধন আৰু আৰু ৰাণী মায়াৰ ঘৰত হৈছিল। সিদ্ধাৰ্থ গৌতমৰ জন্মৰ সময়ত ভৱিষ্যতবাণী কৰা হৈছিল যে তেওঁ ডাঙৰ হোৱাৰ পিছত এজন ডাঙৰ শাসক হ’ব বা সন্ন্যাসী হ’ব। পুত্ৰক হেৰুওৱাৰ ভয়ত গৌতম বুদ্ধৰ পিতৃয়ে তেওঁক ২৯ বছৰ ধৰি পৃথিৱীৰ বাস্তৱতাৰ পৰা আঁতৰাই ৰাখিছিল।

প্ৰথমবাৰৰ বাবে ৰাজ প্ৰাসাদৰ বাহিৰত ওলাই আহি গৌতম বুদ্ধই এজন বৃদ্ধ, এজন ৰুগীয়া মানুহ আৰু এজন মৃত ব্যক্তিক দেখা পাইছিল। তেতিয়া তেওঁ জীৱনৰ বেদনা আৰু দুখ বুজি পাইছিল। ইয়াৰ পিছতেই তেওঁ পুৰণি জীৱন ত্যাগ কৰি জ্ঞান আহৰণ কৰিবলৈ ধ্যান কৰিবলৈ গৈছিল। গৌতম বুদ্ধই বোধি গছৰ তলত জ্ঞান বা নিৰ্বাণ লাভ কৰিছিল। পিছত, গৌতম বুদ্ধই ঠাইভেদে ভ্ৰমণ কৰি, মানুহক নিৰ্বাণ বুজাই নিজৰ জীৱন অতিবাহিত কৰিছিল।

Buddha Purnima 2023 কেনেদৰে পালন কৰে-

বুদ্ধ পূৰ্ণিমাৰ পৱিত্ৰ দিনটোত, মানুহে মহাত্মা বুদ্ধক প্ৰাৰ্থনা কৰে আৰু তেওঁৰ শিক্ষা পাঠ কৰি জ্ঞান আৰু বুদ্ধিৰ সন্ধান উলিয়াই। বেছিভাগ মানুহে মন্দিৰলৈ যায় আৰু দৰিদ্ৰ লোকসকলক দান কৰে। মানুহে ধ্যান কৰি আধ্যাত্মিকতাৰ পথ অনুসৰণ কৰিবলৈ চেষ্টা কৰে। কিছুমান লোকে ব্ৰত ৰাখে আৰু পবিত্ৰ শাস্ত্ৰ পঢ়ে।

জন্ম আৰু মৃত্যুক অতিক্ৰম কৰা গৌতম বুদ্ধক সন্মান জনোৱাৰ বাবে বুদ্ধ পূৰ্ণিমাৰ দিৱস উদযাপন কৰা হয়। এই দিনটোত এটা পাত্ৰত পানী আৰু ফুলেৰে ভৰ্তি কৰি বুদ্ধদেৱৰ সন্মুখত ৰখা হয়। ভক্তসকলে আজিৰ দিনটোত মৌ, মমবাতি, ফল আৰু ফুল আগবঢ়ায়। বহুতো দেশত, ভক্তসকলে মুক্তিৰ ভাৱ প্ৰকাশ কৰিবলৈ পিঞ্জৰাবদ্ধ চৰাই, জন্তু আৰু কীট-পতংগকো মুক্ত কৰে।

Buddha Purnima 2023 শিক্ষা-

এটোপ-এটোপ কৰি পানীৰ বাচন ভৰি যায়। ঠিক তেনেদৰে জ্ঞানী মানুহে অলপ-অলপকৈ সংগ্ৰহ কৰি নিজকে ভাল মানুহলৈ পৰিৱৰ্তন কৰে।

খঙক খং নকৰাকৈ জয় কৰক, ভালেৰে বেয়াৰ ওপৰত জয় কৰক, উদাৰতাৰে হীনতাক জয় কৰক। সত্যৰে অবিশ্বাসৰ ওপৰত জয় কৰক।

জীৱিত প্ৰাণীক লোকচান কৰাজনক মহান বুলি কোৱা নাযায়।

Buddha Purnima 2023ৰ মন্ত্ৰ-

Om Mani Padme Hom

এই দিনটোত গা ধোৱা, দান দিয়াৰ দৰে কাম কৰিলে এজন লোকে শুভ ফল পায়। জ্যোতিষীসকলে কয় যে এই বিশেষ যোগ ১৩০ বছৰৰ পাছত আহিছে।

Photo: Google

লগতে পঢ়কঃ Chhattisgarh Road Accident: মৃত্যুৰ বিভীষিকা! হাঁহি-ফূৰ্তিৰে বিয়াৰ পৰা ঘৰলৈ আহি আছিল; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, একেদিনাই একেটা পৰিয়ালৰে ১১ গৰাকী লোকৰ মৃত্যু…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -