26 C
Guwahati
Monday, May 20, 2024

Chhattisgarh Road Accident: মৃত্যুৰ বিভীষিকা! হাঁহি-ফূৰ্তিৰে বিয়াৰ পৰা ঘৰলৈ আহি আছিল; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, একেদিনাই একেটা পৰিয়ালৰে ১১ গৰাকী লোকৰ মৃত্যু…

Chhattisgarh Road Accident: ছত্তীশগড়ৰ (Chhattisgarh Accident) ধমতৰী-কাংকেৰ ৰোড নেচনেল হাইৱে-৩০ত ট্ৰাক আৰু বলেৰ' বাহনৰ মাজত হোৱা প্ৰচণ্ড খুন্দাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো

Must Read

Chhattisgarh Road Accident 11 Died: বিবাহ অনুষ্ঠানত অংশ ল’বৰ বাবে গৈ থকা সময়তে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই মৃত্যুৰ বিভীষিকা নমাই আনিলে এটা পৰিয়াললৈ।

ছত্তীশগড়ৰ বালোড জিলাত বুধবাৰে নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় একেটা পৰিয়ালৰ ১১ গৰাকী লোকে (Chhattisgarh Road Accident 11 Family Members Died Together)।

ছত্তীশগড়ৰ (Chhattisgarh Accident) ধমতৰী-কাংকেৰ ৰোড নেচনেল হাইৱে-৩০ত ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত হোৱা প্ৰচণ্ড খুন্দাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (Truck And Bolero Car Colided)। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চূৰ্ণ-বিচূৰ্ণ হৈ যায় বাহনখন।

Chhattisgarh Road Accident

জানিবলৈ দিয়া অনুসৰি মৃত লোককেইগৰাকী এখন বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি আছিল। মৃত লোকসকলৰ ভিতৰত ৫ গৰাকী মহিলা, ৪জন পুৰুষ আৰু এটি শিশু আছে।

Chhattisgarh Road Accident
Chhattisgarh Road Accident

দুৰ্ঘটনাটোত আহত এটি ডেৰ বছৰীয়া শিশুক পৰৱৰ্তী সময়ত উদ্ধাৰ কৰি ৰায়পুৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও আধা বাটতে কৰুণ মৃত্যু ঘটে শিশুটিৰো।

বাতৰি অনুসৰি, ধামটাৰী জিলাৰ ছ’ৰেম গাঁৱৰ চাহু পৰিয়ালটো কাংকেৰলৈ গৈ আছিল। বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত তেওঁৰ বাহনখন ৰাষ্ট্ৰীয় ঘাইপথ-৩০ৰ বালোডৰ জগাত্ৰাত উপস্থিত হয়। ইফালে সন্মুখৰ পৰা অহা ট্ৰাকখনে বলেৰ’ গাড়ীখনত খুন্দা মাৰে (Chhattisgarh Road Accident)

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা ট্ৰাক চালকজনৰ সন্ধান বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
দুৰ্ঘটনাত নিহত সকলক ধৰ্মৰাজ চাহু, ঊষা বাই চাহু, কেশৱ চাহু, টমিন বাই চাহু, লক্ষ্মী বাই চাহু, মিছ ৰামা চাহু, শৈলেন্দ্ৰ চাহু, সন্ধ্যা চাহু, ইশান্ত চাহু, চালক দমেশ ধ্ৰুৱ আৰু যোগায়ংশ চাহু বুলি চিনাক্ত কৰা হৈছে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে (Chhattisgarh CM Bhupesh Baghel) এই দুৰ্ঘটনাত শোক প্ৰকাশ নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Photo: Google

লগতে পঢ়কঃ Chandra Grahan And Buddha Purnima: কাইলৈ বুদ্ধপূর্ণিমা আৰু চন্দ্রগ্রহণো! আহক জানি লওক কি কি কৰিব আৰু কি নকৰিব; সুৰা বা মাংস একেবাৰেই নাখাব…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -