36 C
Guwahati
Tuesday, May 14, 2024

Chandra Grahan And Buddha Purnima: কাইলৈ বুদ্ধপূর্ণিমা আৰু চন্দ্রগ্রহণো! আহক জানি লওক কি কি কৰিব আৰু কি নকৰিব; সুৰা বা মাংস একেবাৰেই নাখাব…

Chandra Grahan And Buddha Purnima 2023: এই বছৰ বুদ্ধপূর্ণিমা ৫ মে'ত পালন কৰা হ'ব। আৰু কাইলৈ প্ৰথমটো চন্দ্ৰগ্ৰহণো। গতিকে বুদ্ধপূর্ণিমা আৰু চন্দ্রগ্রহণত কি কি কৰিব আৰু কি নকৰিব?

Must Read

Chandra Grahan And Buddha Purnima 2023: এই বছৰ বুদ্ধপূর্ণিমা ৫ মে’ত অৰ্থাৎ কাইলৈ পালন কৰা হ’ব। আৰু কাইলৈ প্ৰথমটো চন্দ্ৰগ্ৰহণো। গতিকে বুদ্ধপূর্ণিমা আৰু চন্দ্রগ্রহণত কি কি কৰিব আৰু কি নকৰিব?

বুদ্ধ পূৰ্ণিমা (Buddha Purnima) এটা অতি পবিত্ৰ দিন। এই দিনটো শুভ কামৰ বাবে যথেষ্ট ভাল দিন। এই পৱিত্ৰ দিনটোত কি কৰিব লাগে আৰু কি নকৰিব আহক জানো।

বুদ্ধ পূৰ্ণিমাত (Buddha Purnima 2023) কি কৰিব?

Chandra Grahan And Buddha Purnima

১. এই তিথিত ৰাতিপুৱা সাৰ পাই গংগাত গা ধুব পাৰিলে ভাল। ঘৰৰ চাৰিওফালে গংগাৰ পানী ছটিয়াই দিয়ক।

২. ঘৰৰ চাৰিওফালে ঘিউৰ চাকি জ্বলাওক আৰু ফুলেৰে সজাওক।

৩. ঘৰৰ প্ৰৱেশদ্বাৰ প্ৰথমে চাফা কৰক আৰু তাত গংগা পানী ছটিয়াই দি তাত হালধী আৰু সেন্দুৰেৰে স্বস্তিকা আঁকক।

৪. কাইলৈ দৰিদ্ৰ লোকসকলক খাদ্য আৰু কাপোৰ দান কৰক।

৫. বুদ্ধ পূৰ্ণিমা তিথিত সুৰা বা মাংস নোখোৱাটো ভাল। গতিকে এই দুবিধ সামগ্ৰীৰ পৰা আঁতৰত থাকক।

৬. বুদ্ধ পূৰ্ণিমাত ধৰ্মৰাজৰ উপাসনা কৰাৰ প্ৰথা দীৰ্ঘদিন ধৰি প্ৰচলিত হৈ আহিছে। বহু ঠাইত, ৰাজবংশৰ পৰম্পৰা অনুসৰণ কৰি এই তিথিত দেৱী গন্ধেশ্বৰীকো পূজা কৰা হয়।

৭. বুদ্ধ পূৰ্ণিমাত নিশা শ্ৰীকৃষ্ণৰ উপাসনা কৰিলে বৈবাহিক জীৱনত চলি থকা সমস্যা দূৰ হয়। সন্তানে শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰে।

লগতে পঢ়কঃ Chandra Grahan 2023: ৫ মে’ত বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ; এই ৩টা ৰাশিৰ খুলিব ভাগ্য আৰু এই ৩টা ৰাশিত আহিব দুৰ্ভাগ্য! গতিকে তাৰ আগতে সতৰ্ক হওঁক আৰু চাই লওক আপোনাৰো এইকেইটা ৰাশিচিহ্ন নহয়টো…

চন্দ্ৰগ্ৰহণত (Chandra Grahan 2023) কি কৰিব?

Chandra Grahan And Buddha Purnima

১. চন্দ্ৰগ্ৰহণৰ (Lunar eclipse) নিশা এইটো উপায় কৰক, লক্ষ্মী মা সন্তুষ্ট হ’ব। হ’ব ধনলাভ।

২. ৫ মে’ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ নিশা ০৮.৪৫ৰ পৰা ১ বজালৈ থাকিব। এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব সেয়েহে ভাৰতত ইয়াৰ প্ৰভাৱ নপৰে কিন্তু পশ্চিমীয়া দেশবোৰত সমস্যা বৃদ্ধি হ’ব পাৰে। প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাও থাকিব।

৩. ধৰ্মীয় গ্ৰন্থ অনুসৰি, চন্দ্ৰগ্ৰহণত দেৱী লক্ষ্মীৰ সৈতে সম্পৰ্কিত এটা কামে আপোনাৰ জীৱনত ভাগ্য কঢ়িয়াই আনিব পাৰে। চন্দ্ৰগ্ৰহণৰ দিনা ৰাতি গ্ৰহণৰ আগতে গা ধুব আৰু হালধীয়া কাপোৰ পিন্ধিব। উত্তৰ দিশৰ ফালে মুখ কৰি ঘৰৰ এটা নিৰ্জন কোঠাত বহক।

৪. পূজাৰ স্থানত দুখন থালী ৰাখক। প্ৰথমখন থালীত কেশৰেৰে স্বাস্তিক বা ঔম বনাওক আৰু তাত মহালক্ষ্মী যন্ত্ৰ স্থাপন কৰক। আনখন থালীত শংখ স্থাপন কৰক। তাৰ পিছত শংখটোত কেশৰেৰে সানি এমুঠি চাওল ঢালক আৰু তাৰ পিছত বিশুদ্ধ ঘিউৰ চাকি এটা জ্বলাওক।

৫. তাৰ পিছত স্ফটিকৰ মালাৰে ‘ॐ पुते सदा देवी महालक्ष्मी नमोस्तुते’ মন্ত্ৰৰ জপ কৰক। গ্ৰহণ শেষ হোৱালৈ জপ কৰি থাকক আৰু চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত এই গোটেই সামগ্ৰীখিনি কোনো পুখুৰীত গৈ বিসৰ্জন কৰক। লোকবিশ্বাস যে পূৰ্ণিমা আৰু চন্দ্ৰ গ্ৰহণৰ সংযোগত এই উপায় কৰিলে লক্ষ্মী মা ঘৰত স্থায়ীভাবে বাস কৰে। ধন লাভ হয়।

Photo: Google

লগতে পঢ়কঃ Kaliabar Student Died: মৰ্মান্তিক! স্কুলৰ জিৰণীৰ সময়ত খেলি থাকোতেই মূৰৰ ওপৰত পৰে MGNREGAৰ ছাইনবোৰ্ড; কৰুণ মৃত্যু ৯ বছৰীয়া ছাত্ৰীৰ, পৰিয়ালত কান্দোনৰ ৰোল

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -