26 C
Guwahati
Saturday, April 27, 2024

NF Railway Cancel Trains Manipur: হিংসাত্মক ঘটনাৰ পিছত মণিপুৰত বাতিল ৰে’ল চলাচল; ৰাজ্যখনলৈ যাবলগীয়া সকলো ৰে’ল সেৱা কৰিলে বন্ধ, জানি লওক বাতিল হোৱা ৰে’লকেইখন কি কি?

মণিপুৰলৈ চলাচল কৰা ৪ খনকৈ ৰে'ল বাতিল কৰা হৈছে (NF Railway Cancels Trains Manipur After Violence)। কাইলৈ পৰ্যন্ত ৰাজ্যখনত ৰে'লসেৱা বন্ধ থাকিব

Must Read

NF Railway Cancels Trains Manipur After Violence: মণিপুৰৰ বিক্ষিপ্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই (Northeast Frontier Railway) ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ (Manipur Violence) অভিমুখী আটাইকেইখন ৰে’ল বাতিল কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া (চিপিআৰঅ’) সব্যসাচী দেই ANIক কয়, “পৰিস্থিতি উন্নত নোহোৱালৈকে কোনো ৰে’ল মণিপুৰত প্ৰৱেশ কৰা নাই। মণিপুৰ চৰকাৰে ৰে’লৰ চলাচল বন্ধ কৰিবলৈ পৰামৰ্শ দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে (NF Railway Cancel Trains Manipur)। ”

ইয়াৰ মাজতে, ভাৰতীয় ৰে’লৱেই (Indian Railways) ৰাজ্যখনত হিংসাৰ পিছত ৫ মে’ আৰু ৬ মে’ৰ বাবে ৪খন ৰে’ল বাতিল কৰিছে।

Manipur Violence
Manipur Violence

লগতে পঢ়কঃ Manipur Violence: ”মোৰ মণিপুৰ জ্বলি আছে, সহায় কৰক”- মাজনিশা মেৰী কমে PM মোদীৰ পৰা বিচাৰিলে সহায়; মণিপুৰৰ ৮খন জিলাত কাৰ্ফিউ, ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট, জ্বলন্ত মণিপুৰৰ কিছু দৃশ্য…

ৰে’লৱে কয় যে, ”মণিপুৰৰ ৰাজ্যিক কৰ্তৃপক্ষই মণিপুৰৰ বিদ্যমান আইন-শৃংখলা পৰিস্থিতিৰ বাবে ৰে’ল চলাচল বন্ধ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে। চাৰিখন ৰে’ল বাতিল কৰা হৈছে। আৰম্ভণিতে এই সিদ্ধান্ত কেৱল ৫ আৰু ৬ মে’ৰ বাবে লোৱা হৈছিল।”

NF Railway Cancel Trains Manipur
NF Railway Cancel Trains Manipur

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। মণিপুৰ চৰকাৰৰ অনুৰোধৰ পাছতেই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মণিপুৰলৈ চলাচল কৰা ৪ খনকৈ ৰে’ল বাতিল কৰা হৈছে (NF Railway Cancels Trains Manipur After Violence)। কাইলৈ পৰ্যন্ত ৰাজ্যখনত ৰে’লসেৱা বন্ধ থাকিব।

বাতিল হোৱা ৰে’লকেইখন ক্ৰমে-

১২০৯৭ আগৰতলা-খংচাং জনশতাব্দী এক্সপ্ৰেছ (Agartala-Khongsang Jan Shatabdi Express)

১২০৯৮ খংচাং-আগৰতলা জনশতাব্দী এক্সপ্ৰেছ (Khongsang-Agartala Jan Shatabdi Express)

০৫৬৫৯ শিলচৰ-ভঙাইচুংপাও পেচেঞ্জাৰ স্পেচিয়েল আৰু (Silchar-Vangaichungpao Passenger Special)

০৫৬৬০ ভঙাইচুংপাও-শিলচৰ পেচেঞ্জাৰ স্পেচিয়েল (Vangaichungpao-Silchar Passenger Special)

উল্লেখ্য যে, পৰৱৰ্তী সময়ৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে ৰে’ল চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

Photo: Google

লগতে পঢ়কঃ Buddha Purnima 2023: আজি বুদ্ধ পূৰ্ণিমা; তাৰিখ, সময়, কাহিনী, মন্ত্ৰ, শিক্ষা আৰু তাৎপৰ্য…লগতে জানি লওক এই দিনটো পালন কৰাৰ লাভ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -