22 C
Guwahati
Sunday, May 5, 2024

kharghuli Pipe Burst Case: “একোৱে নাই; সব শেষ, পুৱা সজাই থৈ যোৱা ঘৰখন Jicaৰ ভুলৰ বাবে নিমিষতে শেষ হৈ গ’ল”- জাইকাৰ পাইপ ফুটি ওলোৱা পানীৰে ধ্বংস হোৱা এখন ঘৰৰ এগৰাকী গৃহিনীৰ বেদনা…

kharghuli Pipe Burst Case: বৃহস্পতিবাৰে গুৱাহাটী খাৰঘুলিৰ জয়পুৰত সংঘটিত হোৱা এক দুৰ্ভাগ্যজনক ঘটনাই সকলোকে জোকাৰি গ'ল

Must Read

kharghuli Pipe Burst Case: বৃহস্পতিবাৰে গুৱাহাটী খাৰঘুলিৰ (Guwahati kharghuli) জয়পুৰত সংঘটিত হোৱা এক দুৰ্ভাগ্যজনক ঘটনাই সকলোকে জোকাৰি গ’ল (Horrific Incident)।

বানপানী, ভূমিকম্পৰ পিছত হোৱা পৰিস্থিতিতকৈও অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ল খাৰঘুলিৰ জয়পুৰত।

Jicaৰ পানী যোগান আঁচনিৰ পাইপ বিস্ফোৰণ হোৱাৰ পিছত পানীৰ প্ৰচণ্ড উৰ্ধমুখী সোঁতে এফালৰ পৰা বিধ্বস্ত কৰি নিয়ে বহুকেইটা ঘৰ (Water Supply Pipe Burst At Kharghuli)। এই ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ (One Women Died) লগতে আহত হ’ল কেইবাজনো লোকে।

খাৰঘূলিৰ এই ঘটনাত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪০টাকৈ ঘৰ (40 Houses Destroyed)। এই জলবিস্ফোৰণৰ পিছতে সেই অঞ্চলৰ মানুহখিনিয়ে যি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে সেয়া হয়তো সেই অঞ্চলৰ ভুক্তভোগীসকলেহে বুজিব।

কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ গাড়ী ভাঙিছে, কাৰোবাৰ সম্পূৰ্ণ ঘৰৰ লগতে সকলো সা-সম্পত্তি পানীৰ সৈতে বৈ গৈছে মুঠতে সেই ঘটনাৰ সাক্ষী হৈ ৰ’ব সেইসকল লোকেহে, যিসকল লোক এতিয়া খাবলৈ এটুপি পানী পোৱা নাই, পিন্ধিবলৈ কাপোৰ পোৱা নাই, থাকিবলৈ ঘৰ নাই মুঠতে এক কৰুণ দৃশ্য বন্দী হৈ ৰ’ল সকলোৰে মোবাইলৰ কেমেৰাই কেমেৰাই (kharghuli Pipe Burst Case)

লগতে পঢ়কঃ kharghuli Pipe Burst: খাৰঘূলিত ভয়ংকৰ ঘটনা; Gemon Jicaৰ মেইন লাইনৰ পাইপ ফুটি ৰূপ ল’লে প্ৰাণঘাতকৰ, এগৰাকী মহিলাৰ মৃত্যু, ক্ষতিগ্ৰস্ত ৪০টাকৈ ঘৰ, Watch পানীৰ বিস্ফোৰক সদৃশ ৰূপ

তাৰে এগৰাকী গৃহিনীৰ কথা শুনি আপোনাৰ হিয়া কঁপি উঠিব- তেওঁ কৈছে, “সকলো ধ্বংস হৈ গ’ল, একোৱে নাই; সব শেষ, পুৱা সজাই থৈ যোৱা ঘৰখন Jicaৰ ভুলৰ বাবে নিমিষতে শেষ হৈ গ’ল। ল’ৰাৰ পঢ়া কিতাপ-পত্ৰ সকলো উটুৱাই লৈ গ’ল। এতিয়া একোৱা নাই ঘৰখনত (kharghuli Pipe Burst Case)

পিছে এই লোকসকলৰ কষ্ট কোনে বুজিব? জাইকাই নে চৰকাৰে?

ইফালে খাৰঘুলিৰ এই ঘটনাই পানীযোগান প্ৰকল্পৰ কামৰ বিসংগতি উদঙাই দিলে (kharghuli Pipe Burst Case)। ঠিকাদাৰী প্ৰতিষ্ঠান গেমনৰ কামৰ হেমাহি প্ৰকাশ পালে এই ঘটনাত। দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী পানীযোগান প্ৰকল্পৰ অধীনত এই অঞ্চলটোত পানীযোগানৰ বাবে এই সংস্থাপন কৰা হৈছিল। ২০১১ চনতে আৰম্ভ হোৱা এই প্ৰকল্পৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই।

এই কামৰ দায়িত্ব গেমন ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোক দিয়া হৈছিল। কিন্তু ২০১৮ চনত গেমনক ইয়াৰ পৰা আঁতৰোৱা হৈছিল। কাৰণ আছিল গেমনৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ আছিল। সেই অভিযোগ এতিয়া সত্য প্ৰমাণিত হ’ল, পানীৰ পাইপ সংস্থাপনত বিসংগতি এৰি গৈছিল গেমন ইণ্ডিয়াই।

গুৱাহাটীবাসীয়ে এতিয়াও ভালকৈ পানী পোৱা নাই। কিন্তু এতিয়া পানীৰ পাইপো ভয়াৱহ হৈছে, সেই পাইপৰ নিৰাপত্তা কিমান সুনিশ্চিত হয় সেয়াও এক গুৰুত্বপূৰ্ণ বিষয়।

Photo: Batori24

লগতে পঢ়কঃ Bokakhat Youth Died: খুবেই মৰ্মান্তিক! জলপ্ৰপাতত গা ধুবলৈ যোৱাই যেন হ’ল কাল; ৩ বন্ধুৱে জলপ্ৰপাতৰ পানীত গা ধুই আছিল, অকালতে প্ৰাণ হেৰুৱালে এজন যুৱকে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -