30 C
Guwahati
Saturday, May 4, 2024

Nilachal Flyover Polluted: এচামৰ বাবে লজ্জিত গুৱাহাটীবাসী! মুকলিৰ মাত্ৰ ২ ঘণ্টাৰ ভিতৰতে নীলাচল উৰণ সেঁতু কৰিলে “ৰাঙলী”; চূড়ান্ত অসভ্যালি এচাম লোকৰ…আপুনি কি নাম দিব “এইসকল লোকক”?

Nilachal Flyover Polluted: বুধবাৰে ৪ বজাৰ পিছত উদ্বোধন হৈছিলহে বহুপ্ৰতীক্ষিত মালিগাঁৱৰ নীলাচল উৰণ সেঁতু

Must Read

Nilachal Flyover Polluted: বুধবাৰে ৪ বজাৰ পিছত উদ্বোধন হৈছিলহে বহুপ্ৰতীক্ষিত মালিগাঁৱৰ নীলাচল উৰণ সেঁতু (The Longest Nilachal Flyover In Assam)।

কিন্তু এচাম লোকৰ চূড়ান্ত অসভ্যালিৰ বাবে নতুনকৈ মুকলি হোৱা সেঁতুখনো আনসমূহ ব্ৰীজৰ দৰে লেতেৰা কৰিবলৈ এবাৰো ভাবি চাবলৈ ন’ললে সময় (Nilachal Flyover Polluted)

Nilachal Flyover Polluted

মালিগাঁৱৰ নৱনিৰ্মিত নীলাচল উৰণ সেঁতুৰ মুকলি হোৱাৰ দুঘণ্টাৰ ভিতৰতে কৰিলে লেতেৰা। চমুকৈ যদি কোৱা যায় তেন্তে এই এচাম নিকৃষ্ট মানসিকতাৰ লোকক আপুনি কি “নাম” দিব?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কাণসাৰ নিদিলে সেই লোকসকলে, যিসকলে এই নতুনকৈ মুকলি হোৱা সেঁতুখনৰ ৰামধেনুৰ সাতোৰঙী ৰঙেৰে অংকিত প্ৰতিচ্ছবিৰ তলতেই পিকাই থৈ গ’ল।

কেৱল পিকোৱাই নহয়, কোনো অসভ্য লোকে মদ খাই তাতে সুন্দৰভাবে সজাই থৈ গ’ল বটল। মদৰ বটল, পানীৰ বটল আৰু চিপছৰ পেকেটেৰে লেতেৰা কৰি থৈ গ’ল আবেলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰি থৈ যোৱা উৰণ সেঁতুখন (Nilachal Flyover Polluted Wth Bottles Of Beer, Water, Packets Of Chips And Pan Masala Etc)

উল্লেখযোগ্য যে, কালি আবেলি উদ্বোধন হৈছিল বহুপ্ৰতীক্ষিত মালিগাঁৱৰ নীলাচল উৰণ সেঁতু (Nilachal Flyover Polluted)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেতুখন উদ্বোধন (Opening) কৰিছিল। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে সেতুখন পৰিষ্কাৰ কৰি ৰাখিবলৈ ৰাইজক বাৰম্বাৰ অনুৰোধ জনাইছিল।

মন কৰিবলগীয়া যে, উদ্বোধনৰ পাছতেই উৰণ সেঁতুখন চাবলৈ নিশা সোঁত বৈছিল বহু লোকৰ। ৰাতি বহু সময়লৈকে মানুহে ভিৰ কৰি ফটো তোলাকে ধৰি উৰণ সেঁতুৰ সৌন্দৰ্য উপভোগ কৰিছিল।

কিন্তু তাৰে মাজৰে একাংশই কৰিলে এই নিকৃষ্ট কাণ্ড। নিজৰ ঘৰখনক যেনেকৈ পৰিষ্কাৰ-পৰিচ্ছনতাৰে আমি ৰাখি ভাল পাও ঠিক তেনেদৰে আমি গুৱাহাটীখনো চাফা কৰি ৰখাত আমাৰ কি কষ্ট (Nilachal Flyover Polluted)?

Photo: Twitter

লগতে পঢ়কঃ Subhalakshmi Dutta Suspended: এইবাৰহে পালে উচিত শাস্তি! ASP শুভলক্ষ্মী দত্তক নিলম্বন; বন কৰা মহিলাৰ গাত “গৰম পানী” ঢালিছিল আৰু “গুপ্তাংগত” জলকীয়াৰ গুৰি সানিছিল এইগৰাকী মহিলা আৰক্ষীয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -