31 C
Guwahati
Thursday, May 16, 2024

Subhalakshmi Dutta Suspended: এইবাৰহে পালে উচিত শাস্তি! ASP শুভলক্ষ্মী দত্তক নিলম্বন; বন কৰা মহিলাৰ গাত “গৰম পানী” ঢালিছিল আৰু “গুপ্তাংগত” জলকীয়াৰ গুৰি সানিছিল এইগৰাকী মহিলা আৰক্ষীয়ে

Subhalakshmi Dutta Suspended At Nazira: বনকৰা মহিলাক শাৰীৰিকভাবে নিৰ্যাতন চলোৱা ASP শুভলক্ষ্মী দত্তক অৱশেষত নিলম্বন

Must Read

Subhalakshmi Dutta Suspended At Nazira: বনকৰা মহিলাক শাৰীৰিকভাবে নিৰ্যাতন চলোৱা ASP শুভলক্ষ্মী দত্তক অৱশেষত নিলম্বন।

অসম আৰক্ষীৰ শীৰ্ষ বিষয়া চৰাইদেউ জিলা (সীমান্ত) অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক নিলম্বন গৃহ বিভাগৰ। গৃহ বিভাগৰ সচিব বিশ্বজিৎ পেগুৱে এক নিৰ্দেশনাযোগে তেওঁক নিলম্বন কৰে (Subhalakshmi Dutta Suspended)

Subhalakshmi Dutta Suspended

২৬ আগষ্টত নাজিৰাত সংঘটিত হোৱা জঘন্য কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য (Nazira Women Police Harrased Case)। ঘটনাটো সংঘটিত হোৱাৰ ৩ দিন উকলি যোৱাৰ পিছতো মহিলা আৰক্ষীগৰাকীৰ বিৰুদ্ধে লোৱা নাছিল কোনোধৰণৰ ব্যৱস্থা।

Subhalakshmi Dutta Suspended

কালি দত্তক শাস্তিমূলক বদলি কৰোৱাৰ পিছতে নিলম্বনো কৰা হ’ল (Subhalakshmi Dutta Suspended)

উল্লেখ্য নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই (Subhalakshmi Dutta) তেওঁৰ ঘৰত বনকৰা মহিলাগৰাকীৰ গাত গৰমপানী ঢালি শাৰীৰিক নিৰ্যাতন চলাইছিল (Housemaid Harrased By Nazira Women Police)

বন কৰা মহিলাগৰাকীক বাথৰুমত ভৰাই শৰীৰত গৰমপানী ঢালিছিল (Housemaid Harrased By Nazira Women Police)। কেৱল ইমানতেই ক্ষান্ত নাথাকি মহিলাগৰাকীৰ গুপ্তাংগত সানিছিল জলকীয়াৰ গুৰি।

মন গ’লেই মহিলাগৰাকীক বেলনা মাৰিৰে কোবাই আহত কৰিছিল। কেৱল শুভলক্ষ্মীয়ে নহয় তেওঁৰ কন্যাইও মহিলাগৰাকীক ঘুচিয়াই আৰু গুৰিয়াইছিল (Nazira Subhalakshmi Dutta Case)

পাঞ্চিং বেগত মৰাদি মন গলেই চৰ, গোৰ, ঘোচা মৰাৰ ইতিহাস আছে এইগৰাকী মহিলা আৰক্ষী বিষয়াৰ।

উল্লেখ্য, অভিযুক্ত চৰাইদেউ জিলা (সীমান্ত) অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক বিচাৰি পোৱা নাছিল নাজিৰা আৰক্ষীয়ে। অৱশ্যে পিছত ASP শুভলক্ষ্মী দত্তক হেড কোৱাৰ্টাৰত ৰিজাৰ্ভ ক্ল’জত ৰখা হৈছিল (Subhalakshmi Dutta Is Closed To Hq With Immediate Effect)

গুৰুত্বপূৰ্ণ যে দত্তৰ ঘৰত বন কৰা মহিলা অনিমা প্ৰজাই নিৰ্যাতনৰ বলি হোৱা বুলি এজাহাৰ দাখিল কৰিছিল দত্তৰ বিৰুদ্ধে। এজাহাৰত উল্লেখ আছিল সকলো কথা। কিন্তু নাজিৰা থানাৰ (Nazira Police) OC ভবেন দাসে গোচৰ ৰুজু নকৰি মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিয়েই তদন্তৰ সমাপ্তি ঘটাইছিল (Subhalakshmi Dutta Suspended)

ইয়াৰ পিছত চাহ জনজাতি ছাত্ৰ সন্থা আৰু সংবাদ মাধ্যমত এই বিষয়ক লৈ প্ৰতিবাদ-চৰ্চা হয়। তাৰ পিছতে নিলম্বন কৰা হয় দত্তক। কিন্তু ছাত্ৰ সন্থাটোৰ দাবী শুভলক্ষ্মী দত্ত (ASP Subhalakshmi Dutta)ৰ এই পাশৱিক কাণ্ডৰ সঠিক তদন্ত কৰিব লাগে।

Photo: Batori24

লগতে পঢ়কঃ Nazira Subhalakshmi Dutta Case: অৱশেষত! বন কৰা মহিলাৰ গাত “গৰম পানী ঢলা” আৰু “গুপ্তাংগত” জলকীয়া সনা ASP শুভলক্ষ্মী দত্তক শাস্তিমূলক বদলি

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -