34 C
Guwahati
Saturday, May 4, 2024

Silsako Eviction Women: পুৱাই হুলস্থুল লাগিল শিলসাঁকোত! নিজৰ মৰমৰ ঘৰখন বচাবলৈ “অৰ্ধউলংগ” হৈ প্ৰতিবাদ কৰিলে মহিলাই; উচ্ছেদৰ মাজতে খুলি দিয়ে নিজৰ গাৰ কাপোৰ, আটক গৰ্ভৱতী মহিলাসহ বহু প্ৰতিবাদকাৰীক

Silsako Eviction Women Half Naked Protest: শুকুৰবাৰে পুৱাৰে পৰা আকৌ গুৱাহাটীৰ শিলসাঁকোত চলিল উচ্ছেদ অভিযান

Must Read

Silsako Eviction Women Half Naked Protest: শুকুৰবাৰে পুৱাৰে পৰা আকৌ গুৱাহাটীৰ শিলসাঁকোত চলিল উচ্ছেদ অভিযান (Guwahati’s Silsako Beel Eviction)। যাৰ ফলত পুনৰ উত্তপ্ত হৈ পৰিল শিলসাঁকো।

পুৱাৰে পৰা চলা উচ্ছেদ অভিযানৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী-প্ৰশাসনক বাধা দিলে শিলসাঁকোবাসীয়ে। কিন্তু প্ৰতিবাদকাৰীৰ বাধাকো নেওচি উচ্ছেদ চলাবলৈ সষ্টম হৈ পৰিল আৰক্ষী তথা প্ৰশাসনৰ লোক (Eviction Drive By GMDA And Police)

Silsako Eviction Women

বছৰ বছৰ ধৰি বাস কৰি অহা ঘৰখন এপদ এপদকৈ সজাইছিল তেওঁলোকে। প্ৰশাসনৰ লোকে সেইসমূহ ঘৰ উচ্ছেদ চলাবলৈ অহাত উপায়হীন হৈ পৰে লোকসকল।

Silsako Eviction Women

নিজৰ মৰমৰ ঘৰখন বচাবলৈ উচ্ছেদ চলি থকাৰ সময়তে দেহৰ কাপোৰ খুলি “অৰ্ধউলংগ” হৈ দুগৰাকী মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে (Half Naked Protest By Women Against Silsako Eviction In Guwahati)

Silsako Eviction Women

দেহৰ কাপোৰ খুলি আৰক্ষী-প্ৰশাসনক বাধাৰ চেষ্টা কৰে মহিলা প্ৰতিবাদকাৰীয়ে। ইয়াৰ পিছতে আৰু অধিক উত্তপ্ত হৈ পৰে শিলসাঁকো (Silsako Eviction Women)। ২ মহিলাই অৰ্ধনগ্ন হৈ উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ সাব্যস্ত কৰে আন উচ্ছেদিত লোকসকলেও (Silsako Eviction Women Half Naked Protest)

আৰক্ষীয়ে চোঁচৰাই নিলে মহিলা প্ৰতিবাদকাৰীক। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে শতাধিক প্ৰতিবাদকাৰীক (Protestor Detained)। আৰক্ষীয়ে ২০ গৰাকী মহিলাকো আটক কৰে। আটকাধীন মহিলাৰ ভিতৰত আছে গৰ্ভৱতী মহিলাও।

আটক কৰাৰ সময়তে দেহৰ কাপোৰ খুলি পেলালে প্ৰতিবাদকাৰীয়ে। টানি-চোঁচৰাই প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজৰ খণ্ডযুদ্ধত আহত হৈছে কেইবাজনো আৰক্ষী। আহত আৰক্ষীকেইজনক GMCHলৈ প্ৰেৰণ কৰা হৈছে (Silsako Eviction Women)

প্ৰায় ২০০টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লয় প্ৰশাসনে চলাইছে এই অভিযান। ১১০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলিছে এই উচ্ছেদ। পূৰ্বেও শিলসাকোত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান (Silsako To Reclaim Approximately 130 Bighas Of Land From Alleged Encroachment)

Photo: Google

লগতে পঢ়কঃ Constipation Problem: আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে নেকি? যদি আছে তেন্তে এইটো উপায় Try কৰি চাব পাৰে; তাৰ আগতে জানি লওক কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -