29 C
Guwahati
Sunday, May 19, 2024

Junmoni Case Update: জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত এতিয়া কোনে কৰি আছে; CBI নে CID-এ? এই প্ৰশ্ন বহুতৰ মুখত…

Junmoni Case Update: জোনমনি ৰাভাৰ মৃত্যুৰ (Junmoni Rabha Died Case) তদন্ত এতিয়া কোনে কৰি আছে? CBI নে CID-এ?

Must Read

Junmoni Case Update: জোনমনি ৰাভাৰ মৃত্যুৰ (Junmoni Rabha Died Case) তদন্ত এতিয়া কোনে কৰি আছে? CBI নে CID-এ? জোনমণিৰ মৃত্যুৰ তদন্ত এতিয়ালৈ কিমান আগবাঢ়িছে? এই ঘটনাৰ কিবা ক্লু ওলাইছে নে? এই প্ৰশ্ন এতিয়া বহুতৰ।

শুকুৰবাৰে জোনমণি ৰাভাৰ আদ্য-শ্ৰাদ্ধ সম্পন্ন হৈ গ’ল (Junmoni Rabha Adya Shraddha)। ৰাভা জনগোষ্ঠীয় নিয়মৰে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিলে পৰিয়াল তথা আত্মীয় স্বজনে। জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ১২টা দিন পাৰ হ’ল আজি। কিন্তু এতিয়ালৈ জোনমনি ৰাভাৰ মৃত্যুৰ ৰহস্য, ৰহস্য হৈয়ে আছে।

জোনমণিৰ মৃত্যু কাৰণ এটা দুৰ্ঘটনা, নে এয়া এটা পৰিকল্পিত হত্যাকাণ্ড তাৰ কোনো ক্লু পোৱাৰ কথা এতিয়ালৈ কোনো অৱগত নহয়। তদন্ত কেনেদৰে আগবাঢ়িছে, সেই সম্পৰ্কতো সম্পূৰ্ণ অন্ধকাৰত পৰিয়াল তথা অসমৰ ৰাইজ (Junmoni Case Update)

জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত চিবিআইক দিয়াৰ কথা ঘোষণা হৈছিল? অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) এই কথা ঘোষণা কৰিছিল? যোৱা ২০ মে’ত এই ঘোষণা হৈছিল? অৰ্থাত এটা সপ্তাহ হ’ল? কিন্তু CBI-এ এই গোচৰ লৈছে নে? CBI-এ তদন্ত আৰম্ভ কৰিছে নে?

আমি সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত CBI-এ এতিয়ালৈ কোনো তদন্ত আৰম্ভ কৰা নাই। CBI-এ এই গোচৰৰ তদন্তৰ ভাৰ ল’ব নে নল’ব সেয়াও এই পৰ্যন্ত নিশ্চিত হোৱা নাই (Junmoni Case Update)

আমি জানিব পৰা মতে, CBI-এ কিবা এটা গোচৰ পালে, সেই গোচৰটোৰ তদন্তত CBIৰ দৰে সংস্থা জড়িত হোৱাৰ প্ৰয়োজন আছে নে নাই সেয়া পৰীক্ষা কৰিব আৰু তাৰ পাছতহে গোচৰটো পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিব নে নকৰে সিদ্ধান্ত ল’ব। সেয়া জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈও হৈছে (Junmoni Case Update)

জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত CBI-এ কৰিব নে নকৰে সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই। এতিয়ালৈ এই তদন্তৰ ভাৰ আছে অসম আৰক্ষীৰ CIDৰ হাততেই, এতিয়ালৈ এই তদন্ত কৰি আছে CID-এ। কিন্তু কথা হৈছে, গোচৰৰ তদন্তৰ ভাৰ CBIক দিয়াৰ দোহাই দি এই সন্দৰ্ভত কিবা মন্তব্য কৰাৰ পৰা বিৰত হৈ আছে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষী।

জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ তেওঁৰ পৰিয়ালে জখলাবন্দা থানাত গোচৰ ৰুজু কৰিছিল। যিটো গোচৰো এতিয়া CIDৰ হাতত আছে, লগতে আছে আন তিনিটা গোচৰ। জোনমনি ৰাভাৰ মাতৃয়ে দাখিল কৰা এজাহাৰত SP লীনা দলেৰ (SP Leena Doley) নাম উল্লেখ হৈছিল, SI আভাজ্যোতি ৰাভাৰ নাম উল্লেখ হৈছিল।

কিন্তু তেওঁলোকৰ বিৰুদ্ধে কি তদন্ত কৰিলে সেয়াও এই পৰ্যন্ত অস্পষ্ট। বৃহস্পতিবাৰে আদ্য-শ্ৰাদ্ধ (Junmoni Rabha Adya Shraddha) হৈ গ’ল। দেওবাৰে আছে ৰাজহুৱা আদ্য-শ্ৰাদ্ধ। লাহে লাহে জোনমনিক লৈ চৰ্চা কমি আহিছে, এতিয়া মানুহে লাহে লাহে এই কথাবোৰ পাহৰি যাব, সেয়াও স্বাভাৱিক। আজিৰ তাৰিখত বহুতৰ মনত প্ৰশ্ন, জোনমনিৰ ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কেতিয়া হ’ব? নে এনেকৈয়ে এদিন তল পৰিব, আৰু হেৰাই যাব আজিৰ ৰাজ্য জোঁকাৰি যোৱা বিষয়টো?

Photo: Google

লগতে পঢ়কঃ Junmoni Rabha Adya Shraddha: আজি SI জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ; ৰাভা জনগোষ্ঠীয় নীতি-নিয়মেৰে আদ্যশ্ৰাদ্ধ সমাপন, ৩১ মে’ত হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -