24 C
Guwahati
Monday, April 29, 2024

Junmoni Rabha Adya Shraddha: আজি SI জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ; ৰাভা জনগোষ্ঠীয় নীতি-নিয়মেৰে আদ্যশ্ৰাদ্ধ সমাপন, ৩১ মে’ত হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ

Junmoni Rabha Adya Shraddha: আজি SI জোনমণি ৰাভাৰ মৃত্যুৰ ১১ দিন পাৰ হ'ল। গুৱাহাটীৰ দক্ষিণ গাঁৱৰ ঘৰত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয়

Must Read

Junmoni Rabha Adya Shraddha: আজি SI জোনমণি ৰাভাৰ (SI Junmoni Rabha) মৃত্যুৰ ১১ দিন পাৰ হ’ল।

গুৱাহাটীৰ দক্ষিণ গাঁৱৰ (Guwahati DakhinGaon) ঘৰত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয় (Junmoni Rabha Adya Shraddha)। ৰাভা জনগোষ্ঠীয় নীতি-নিয়মেৰে সমাপন কৰা হয় এই শ্ৰাদ্ধ।

জোনমণিৰ মৃত্যুৰ এসপ্তাহৰ পিছতে মাতৃ অসুস্থ হৈ পৰিছিল। কিন্তু মাতৃৰ অসুস্থতাৰ মাজতে আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধৰ। ৩১ মে’ত হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ (Junmoni Rabha Adya Shraddha)। গুৱাহাটীৰ দক্ষিণ গাঁৱৰ ঘৰতে হ’ব এই শ্ৰাদ্ধও।

Junmoni Rabha Adya Shraddha

অসুস্থতাৰ বাবে জোনমণিৰ মাকক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা অনা হয় মাতৃক। জোনমণি ৰাভাৰ মৃত্যুৰ (Junmoni Rabha Died Case) পিছতে অসুস্থ হৈ পৰিছিল মাতৃ আৰু ভাতৃ।

Junmoni Rabha Adya Shraddha

মাতৃক ঘৰলৈ অনাৰ পিছতে আজি পৰিয়াল আৰু ৰাইজৰ উপস্থিতিত আজি আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধৰ (Junmoni Rabha Adya Shraddha)। জোনমণিৰ ঘৰখনত আজিও এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। শ্ৰাদ্ধৰ দিনাখনো মাতৃৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ চকুতো দেখা গ’ল চকুপানী।

উল্লেখ্য জখলাবন্ধা সৰুভগীয়াত (Sarubhagia Jakhalabandha) ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু ঘটিছিল (Junmoni Rabha Died In Horrific Road Accident)। কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ মাৰুতি বাহনৰ (Container Truck Colided With Maruti Car)

পিছ পৰিয়ালে দাবী কৰিছিল যে জোনমণিৰ দুৰ্ঘটনাত মৃত্যু হোৱা নাই, পৰিকল্পিতভাবে হত্যা কৰা হৈছে (Junmoni Rabha Died Case)। ইয়াৰ পিছতে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CIDৰ পৰা CBIক অৰ্পণ কৰা হয়। ডিজিপিৰ অনুৰোধত মুখ্যমন্ত্ৰীয়ে তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে।

এতিয়া সকলোৰে এটাঅ অনুৰোধ জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য শীঘ্ৰে পোহৰলৈ আহক। আৰু যদি এয়া পৰিকল্পিত হত্যাকাণ্ড তেন্তে দোষীয়ে উচিত শাস্তি পাওক।

Photo: Batori24

লগতে পঢ়কঃ SI Abhajyoti Rabha: “আভা”ৰ Property; মাত্ৰ ৩ বছৰ চাকৰিত লাখপতি নহয়, কোটিপতি হ’ল আভাজ্যোতি ৰাভা, কিন্তু কেনেকৈ? জোনমণিৰ মৃত্যুত নাম সাঙোৰ খোৱা আভা এতিয়া Exposed!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -