26 C
Guwahati
Friday, May 3, 2024

SI Abhajyoti Rabha: “আভা”ৰ Property; মাত্ৰ ৩ বছৰ চাকৰিত লাখপতি নহয়, কোটিপতি হ’ল আভাজ্যোতি ৰাভা, কিন্তু কেনেকৈ? জোনমণিৰ মৃত্যুত নাম সাঙোৰ খোৱা আভা এতিয়া Exposed!

SI Abhajyoti Rabha: নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াকেইগৰাকীৰ ভিতৰত এজন হ'ল SI আভাজ্যোতি ৰাভা

Must Read

SI Abhajyoti Rabha: ১৫ মে’ত জখলাবন্ধাৰ সৰুভগীয়াত (Sarubhagia Jakhalabandha) ৰহস্যজনকভাবে এটা পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাই কৰুণ মৃত্যুক সাৱটি লৈছিল (SI Junmoni Rabha Died Case)।

লাহে লাহে এই ঘটনাই লৈছিল নতুন নতুন মোৰ। আৰু এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি জোনমণিৰ পৰিয়ালৰ লগতে বিভিন্নজনে দাবী কৰিছিল।

CBIক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়াৰ পূৰ্বে প্ৰথম অৱস্থাত এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল CIDক। তাৰ পিছতে এই ঘটনাৰ লগত সাঙোৰ খাইছিল কেইবাগৰাকীও আৰক্ষী বিষয়াসহ কেইজনমান লোকৰ নাম।

নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াকেইগৰাকীৰ ভিতৰত এজন হ’ল SI আভাজ্যোতি ৰাভা (SI Abhajyoti Rabha)। দুৰ্ঘটনাৰ নিশা জোনমণি যেতিয়া ঘৰৰ পৰা ওলাই গৈছিল তেতিয়া এইগৰাকী SIৰ সৈতেই ওলাই যোৱা বুলি পৰিয়ালে জানিবলৈ পাইছিল। যদিও পিছত ফোনযোগে এই কথাত অমান্তি হৈছিল আভা (SI Abhajyoti Rabha)

ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসেও সেই নিশা দুৰ্ঘটনাৰ পিছত এজন সুঠাম যুৱক জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা ওলাই অহা বুলি ভাষ্য় প্ৰদান কৰিছিল। তাৰ পিছতে প্ৰত্যক্ষভাবে নহ’লেও পৰোক্ষভাবে সন্দেহৰ আঙুলি গৈছিল আভাৰ ফালে (SI Abhajyoti Rabha)

এই ঘটনাৰ পিছতে সৰ্বত্ৰ চৰ্চিত হৈ পৰিল উপ পৰিদৰ্শক আভা জ্যোতি ৰাভাৰ নাম (SI Abhajyoti Rabha)। পিছে জোনমণিৰ ঘটনাৰ ওৰ নপৰোতেই আভা ৰাভাৰ নাম আন এক বিশেষ কাৰণতহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

সেয়া হৈছে আভাজ্যোতি ৰাভাৰ সম্পত্তিৰ তালিকা (SI Abhajyoti Rabha Property)

৩ বছৰৰ চাকৰিকালত কেনেকৈ কোটিপতি হ’ল আভাজ্যোতি ৰাভা? বৰ্তমান সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমতো চৰ্চিত বিষয় হৈ পৰিছে আভাৰ সম্পত্তিৰ পৰিমাণ।

লগতে পঢ়কঃ Junmoni Rabha And Anand Mishra: কিমান আগবাঢ়িছে জোনমণিৰ মৃত্যুৰ তদন্ত? মেট্ৰিকৰ ৰিজাল্টৰ পিছতে দুদিন ধৰি থানাত উজান আত্মসমৰ্পণকাৰীৰ; ইয়াকে লৈ ৱাহ ৱাহ এগৰাকী আৰক্ষী বিষয়াক, পিছে SI জোনমণিৰ মৃত্যুৰ কাহিনী ক’ত হেৰাল…?

মেধাৱী আভাজ্যোতি ৰাভাই অসম আৰক্ষীত সুখ্যাতিৰে পাছ কৰি CISFৰ চাকৰি বাদ দি অসম আৰক্ষীত যোগদান কৰিছিল। ২০২০ত তেওঁ নগাঁও আৰক্ষীত (Nagaon Police) যোগদান কৰিছিল। তাৰ পিছতে নগাঁও আৰক্ষী নিৱেশত থাকিছিল কেইটামান দিন। তাৰ পিছতে ইটাচালি আৰক্ষী চকীৰ IC হিচাপে কৰিছিল যোগদান। তাৰ কিছুদিনৰ পিছত হয়বৰগাঁও আৰক্ষী চকীৰ IC হিচাপে বদলি হয় আভা জ্যোতি ৰাভা।

পিছে এই কম সময়ৰ চাকৰি কালত নকল টকাৰ ঘাটিত বহি কেনেকৈ কোটিপতি হ’ল আভা জ্যোতি ৰাভা। আভাৰ সম্পত্তিৰ তালিকা দেখিলে আপুনিও হ’ব আচৰিত (SI Abhajyoti Rabha Property)

৩ বছৰৰ চাকৰিত আভা ৰাভাই সাজিলে ৫ মহলীয়া অট্টালিকা। যিটোৰ কাম এতিয়াও চলি আছে। অট্টালিকাটোৰ চাদৰ দৈৰ্ঘ্য ৭০ ফুট আৰু বহল ৪০ ফুট। কিছুদিন পূৰ্বে বকো ডনবস্কো সমীপত ৪০ লাখ টকাত প্ৰায় আধা বিঘা মাটি ক্ৰয় কৰিছিল আভাই। আৰু তাতে ১০টা কোঠালী যুক্ত এই ৫ মহলীয়া অট্টালিকাৰ নিৰ্মাণ কাৰ্য চলি আছে। এই অট্টালিকাটোৰ অকল প্লিন্থৰ কামতে গৈছে ২৫ লাখ টকা।

পিছে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে দৰমহাৰ টকাৰে ইমান বিশাল অট্টালিকাটো সজাক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। ইফালে SI আভাজ্যোতিৰ আছে ৪-৫খন বিলাসী বাহনো।

SI আভাজ্যোতি ৰাভাৰ প্ৰয়াত পিতৃ আছিল এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু মাতৃ এগৰাকী গৃহিনী গতিকে ইয়াৰ পৰা বুজিব পাৰি যে আভাৰ ঘৰুৱা বেকগ্ৰাউণ্ডো অৰ্থনৈতিকভাবে ইমান সবল নাছিল। তেন্তে এগৰাকী SIৰ পদত থাকি কেনেদৰে ইমান সম্পত্তিৰ মালিক হ’ল আভাজ্যোতি ৰাভা? ক’ৰ পৰা আহিল আভাৰ ওচৰত ইমান টকা? কেনেদৰে ইমান কেইখন বিলাসী গাড়ী কিনিলে? কেনেদৰে কোটিটকীয়া ঘৰ সাজিছে?

জোনমণি মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত। এই তদন্তৰ লগে লগে আভাজ্যোতি ৰাভাৰ (SI Abhajyoti Rabha Property) সাম্ৰাজ্যৰো আচল তথ্য় ওলাবনে? লগতে কাৰ আৰ্শীবাদত আভাই ৩ বছৰতে পৰ্বতসম সম্পত্তি গঢ়িব পাৰিছে সেয়াও এক উত্তৰবিহীন প্ৰশ্ন?

Photo: Google

Published By: Dulu Medhi

লগতে পঢ়কঃ Businessman Shot Dead: শোৱাপাটীতে প্ৰতিষ্ঠিত ব্যৱসায়ীক গুলীয়াই হত্যা; ধন সম্পৰ্কীয় কথাক লৈ শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা “বাছেৰ আলী”ক

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -