22.8 C
Guwahati
Friday, April 26, 2024

Businessman Shot Dead: শোৱাপাটীতে প্ৰতিষ্ঠিত ব্যৱসায়ীক গুলীয়াই হত্যা; ধন সম্পৰ্কীয় কথাক লৈ শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা “বাছেৰ আলী”ক

Businessman Shot Dead: ধুবুৰী জিলাৰ বিলাসীপাৰাত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনা। ২৪ মে' বুধবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা

Must Read

Businessman Shot Dead At Bilasipara: ধুবুৰী জিলাৰ বিলাসীপাৰাত (Dhubri Bilasipara) অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনা।

শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা এজন বিশিষ্ট ব্যবসায়ীক (A Businessman Was Shot Dead By Unidentified Miscreants)। ২৪ মে’ বুধবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা।

নিহত প্ৰতিষ্ঠিত ব্যৱসায়ীজনৰ নাম বাছেৰ আলী (Businessman Shot Dead)। বাছেৰ আলীৰ ঘৰ ছুৱাপাতা প্ৰথম খণ্ড গাঁৱত। অচিনাক্ত দুৰ্বৃত্তই ভৈৰৱগঞ্জৰ ভাড়াঘৰত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ব্যৱসায়ীজনক। ঘটনাস্থলীতে মৃত্যুক সাৱটে ব্যৱসায়ীজনে (Baser Ali Well Known And Established Businessman)

Businessman Shot Dead

হত্যাকাণ্ড সংঘটিত কৰিয়েই আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তৰ ঘটনাস্থলীৰ পৰা পলায়ন (Businessman Shot Dead)। জানিবলৈ দিয়া অনুসৰি, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।

নিহত ব্যৱসায়ী বাছেৰ আলীৰ মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা খালী কাৰ্টিজ (Empty Cartridge Retrieved)। মৃত বাছেৰ আলী JCB, ফকলেন, ডাম্পাৰ, শিল, আদি ব্যৱসায়ৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। ধন সম্পৰ্কীয় ঘটনাৰ বাবে এই হত্যাকাণ্ড (Businessman Shot Dead) সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে।

মাজনিশা সংঘটিত হোৱা এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাক লৈ বিলাসীপাৰাত (Bilasipara) সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইফালে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিলাসীপাৰা আৰক্ষী (Bilasipara Police) থানা ঘেৰাও কৰে নিহতৰ আত্মীয়ৰ লগতে একাংশ স্থানীয় লোকে (Organised A Protest)

মৃত বাছেৰ আলীৰ নিজা ঘৰ বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত চুৱাপাতা প্ৰথম খণ্ড গাঁৱত। নিহত বাছেৰ আলী ৩ সন্তানৰ পিতৃ আছিল বুলি জানিব পৰা গৈছে (Businessman Shot Dead)

ঘটনাটোৰ লগত জড়িতৰ অভিযোগত ইতিমধ্য়ে ৩ অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে।

Photo: Batori24

লগতে পঢ়কঃ Parliament Inauguration: এফালে ৰাষ্ট্ৰপতিক উপেক্ষা; আনফালে হিন্দুত্বৰ প্ৰৱক্তা বিনায়ক দামোদৰ চাভাৰকাৰক সন্মান, ২৮ মে’ত ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানক কিয় বৰ্জনৰ হুংকাৰ দিছে বিৰোধীয়ে?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -