28 C
Guwahati
Saturday, April 20, 2024

Ashish Vidyarthi Weds: ৬০ বছৰীয়া বলীউড ‘Villain’ আশীষ বিদ্যাৰ্থী অসমৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল; Love Storyটোক লৈ ক’লে- “এয়া দীঘল কাহিনী, পিছত কেতিয়াবা ক’ম”

Ashish Vidyarthi Weds: বৃহস্পতিবাৰে আশীষ বিদ্যাৰ্থীয়ে ৰূপালীৰ সৈতে অনুষ্টুপীয়া পঞ্জীয়ন বিবাহ (Registry Marriage) সম্পন্ন কৰে

Must Read

Ashish Vidyarthi Weds Assam Girl: বলীউডৰ জনপ্ৰিয় খলনায়ক আশীষ বিদ্যাৰ্থীয়ে (Ashish Vidyarthi) ৬০ বছৰ বয়সত অসমৰ ৰূপালী বৰুৱাৰ (Rupali Barua) সৈতে বিবাহপাশত আৱদ্ধ হ’ল (Popular Bollywood Actor Ashish Vidyarthi Weds Assam’s Rupali Barua)।

বৃহস্পতিবাৰে আশীষ বিদ্যাৰ্থীয়ে ৰূপালীৰ সৈতে অনুষ্টুপীয়া পঞ্জীয়ন বিবাহ (Registry Marriage) সম্পন্ন কৰে (Ashish Vidyarthi Weds Assam Girl Rupali Barua)। অভিনেতাগৰাকীৰ এইখন দ্বিতীয় বিয়া। তেওঁ নিজৰ এই বিয়াৰ অনুষ্ঠানত কয় যে, ‘জীৱনৰ এই পৰ্যায়ত, ৰূপালীক বিয়া কৰাটো এটা এক্সট্ৰা অৰ্ডিনাৰী অনুভৱ।’

Ashish Vidyarthi Weds

আশীষ বিদ্যাৰ্থী আৰু ৰূপালীৰ বিয়াৰ ফটো ছচিয়েল মিডিয়াত অহাৰ লগে লগে ভাইৰেল হৈ পৰে (Social Media Viral Photo)

Ashish Vidyarthi Weds Ashish Vidyarthi Weds

বৃহস্পতিবাৰে কলকাতাত হোৱা এই বিয়াখনত তেওঁলোকৰ নিকট পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীও উপস্থিত থাকে। জানিবলৈ দিয়া অনুসৰি বিয়াৰ পিছত এই দম্পতীয়ে পৰিয়াল-বন্ধুবৰ্গৰ বাবে আনুষ্ঠানিক অভ্যৰ্থনা অনুষ্ঠান ৰাখিব।

আশীষ বিদ্যাৰ্থীৰ কইনা ৰূপালী বৰুৱা অসমত ফেশ্বন উদ্যোগৰ সৈতে জড়িত হৈ আছে (Fashion Entrepreneur Rupali Barua)। গুৱাহাটীৰ বাসিন্দা ৰূপালী কলকাতাৰ এখন অত্যাধুনিক ফেশ্বন ষ্ট’ৰৰ স্বত্ত্বাধিকাৰী।

আশীষ বিদ্যাৰ্থীয়ে এই বিয়াখনক (Ashish Vidyarthi Comments On His Weds) লৈ কয় যে,

”জীৱনৰ এই পৰ্যায়ত, ৰূপালীক বিয়া কৰাটো এটা এক্সট্ৰা অৰ্ডিনাৰী অনুভৱ।’ আমাৰ পুৱা কোৰ্ট মেৰিজ হৈছে আৰু সন্ধিয়া আমি এটা গেট-টুগেদাৰ ৰাখিম।’ লগতে তেওঁ নিজৰ প্ৰেম কাহিনীক লৈ মিডিয়াৰ সৈতে কথা পাতি কয় যে, এইটো এটা দীঘলীয়া কাহিনী। পিছত কেতিয়াবা ক’ম।’ এই সন্দৰ্ভত ৰূপালীয়ে কয়-‘বেছি সময় হোৱা নাই আমি লগ পাব আৰু আমি সম্বন্ধটো আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। আমি দুয়োয়ে ভাবিছিলো যে আমাৰ বিয়া যথেষ্ট সাধাৰণভাবে হওক।’

ৰূপালীৰ পূৰ্বে অভিনেতাগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা তথা নাট্যশিল্পী ৰাজোশী বিদ্য়াৰ্থীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল (Ashish Vidyarthi Weds)

আশীষ বিদ্যাৰ্থীয়ে ১১টাতকৈ অধিক ভাষাত ৩০০ৰো অধিক ছবিত কাম কৰিছে। ১৯৮৬ চনৰ পৰা আৰম্ভ হোৱা কেৰিয়াৰত আশীষ বিদ্যাৰ্থীয়ে (Ashish Vidyarthi) কেইবাখনো হিন্দী, তেলেগু, তামিল, কানাড়া, মালয়ালম, ইংৰাজী, ওডিয়া, মাৰাঠী আৰু বাংলা ছবিত কাম কৰিছে।

আশীষ বিদ্যাৰ্থীক ‘বিছ্ছু’, ‘জিদ্দী’, ‘অৰ্জুন পণ্ডিত’, ‘বাস্তব’, ‘বাদল’ৰ দৰে কেইবাখনো ছবিত নেগেটিভ ৰোলত দেখা গৈছে। শেহতীয়াকৈ তেওঁক অভিনেতা অমিতাভ বচ্চন আৰু ৰশ্মিকা মন্দানা অভিনীত ‘গুডবায়’টো দেখা পোৱা গৈছে (Ashish Vidyarthi Weds)

কেইবাটাও চলচ্চিত্ৰ উদ্যোগত কাম কৰাৰ বাবে পৰিচিত এই প্ৰবীণ অভিনেতাগৰাকীৰ ১৯৬২ চনৰ ১৯ জুনত দিল্লীত জন্ম হৈছিল।

আশীষ বিদ্যাৰ্থীয়ে ১৯৯৬ চনৰ ‘ইছ ৰাত কি সুবহ নেহি’ ছবিৰ বাবে নেগেটিভ ভূমিকাত শ্ৰেষ্ঠ অভিনেতাৰ ষ্টাৰ স্ক্ৰীণ বঁটাও লাভ কৰে।

Photo: Google

লগতে পঢ়কঃ SI Abhajyoti Rabha: “আভা”ৰ Property; মাত্ৰ ৩ বছৰ চাকৰিত লাখপতি নহয়, কোটিপতি হ’ল আভাজ্যোতি ৰাভা, কিন্তু কেনেকৈ? জোনমণিৰ মৃত্যুত নাম সাঙোৰ খোৱা আভা এতিয়া Exposed!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -