30 C
Guwahati
Tuesday, May 14, 2024

Tipu Sultan Sword: লণ্ডনত বিক্ৰী হ’ল টিপু চুলতানৰ তৰোৱাল; ৰেকৰ্ড ভংগ কৰা মূল্যত বিক্ৰী তৰোৱালখন, এতিয়ালৈকে আটাইতকৈ বেছি দামত বিক্ৰী হোৱা ভাৰতীয় আৰু ইছলামিক বস্তু হৈ পৰিল- Watch Photos

Tipu Sultan Sword Auction: মেছুৰত ১৭৮২ চনৰ পৰা ১৭৯৯লৈ শাসন কৰা টিপু চুলতানৰ তৰোৱালক 'সুখেলা'- শক্তিৰ প্ৰতীক বুলি কোৱা হয়। এই তলোৱাৰখন ষ্টীলৰ হয় আৰু ইয়াত সোণেৰে সুন্দৰ কাৰুকাৰ্য কৰা আছে।

Must Read

Tipu Sultan Sword Auction: ব্ৰিটিছসকলে ভাৰতৰ পৰা লৈ যোৱা গহনা-অলংকাৰ আৰু অন্যান্য মূল্যৱান সামগ্ৰী এতিয়াও আশ্চৰ্যজনক… ব্ৰিটিছ চৰকাৰে সেইবোৰ প্ৰদৰ্শনী আৰু নিলাম কৰি কোটি কোটি টকা উপাৰ্জন কৰে।

এতিয়া তাত এখন তৰোৱাল বিক্ৰী কৰা হৈছে…

Tipu Sultan Sword

ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ বনহামছ নিলাম হাউছত টিপু চুলতানৰ তৰোৱাল ১৪৩ কোটি টকাত বিক্ৰী হয় (Tipu Sultan Sword Sold A Record Rs 143 Crore At The Bonhams Auction In London)

টিপু চুলতানৰ বিখ্যাত তৰোৱালখন মঙলবাৰে নিলাম হয়। আশা কৰাতকৈ সাতগুণ বেছি দামত বিক্ৰী হয় তৰোৱালখন (Record Break)

Tipu Sultan Sword

লণ্ডনত বিক্ৰী হোৱা এই তৰোৱালখন এতিয়ালৈ আটাইতকৈ ব্যয়বহুল বিক্ৰী হোৱা ভাৰতীয় আৰু ইছলামিক সামগ্ৰী হৈ পৰিল (Tipu Sultan Sword Auction)

বনহামছ কৰ্তৃপক্ষই এক বিবৃতিত কয় যে তেওঁলোকৰ নিলাম হাউছত বিক্ৰী হোৱা যিকোনো ভাৰতীয় আৰু ইছলামিক ঐতিহ্য সামগ্ৰীৰ এই মূল্য এতিয়ালৈকে সৰ্বাধিক।

Tipu Sultan Sword

মহীশূৰৰ শাসক টিপু চুলতানৰ এই তৰোৱালখন ১৮ শতিকাত বনোৱা হৈছিল আৰু ভাৰত এৰি গুচি যোৱা ব্ৰিটিছে নিজৰ লগত লৈ গৈছিল এই তৰোৱালখন (Tipu Sultan Sword Auction)

Tipu Sultan Sword

মোগলৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণকৰা সকলে টিপু চুলতানৰ এই তৰোৱালখন জাৰ্মান ব্লেড চাই বনাইছিল।

Tipu Sultan Sword

উল্লেখ্য ১৭৯৯ চনৰ ৪ মে’ত টিপু চুলতানৰ পৰাজয়ৰ পিছত ছেৰিংগাপাটমৰ পৰা ব্ৰিটিছ সেনাই তেওঁৰ বহুখিনি অস্ত্ৰ-শস্ত্ৰ লুটি লৈ গৈছিল। ইয়াৰ ভিতৰত আছিল এই তলোৱাৰখনো।

ব্ৰিটিছ বাহিনীয়ে মহীশূৰৰ ৰাজধানী শ্ৰীৰংগপট্টনম আক্ৰমণ কৰি টিপু চুলতানক হত্যা কৰে। টিপু চুলতানক হত্যা কৰাৰ পিছত তেওঁৰ ৰাজপ্ৰসাদ ব্ৰিটিছ সেনাই লুটপাত কৰে।

Tipu Sultan Sword

সেইসময়ত ৰাজপ্ৰসাদৰ চোতালত উদ্ধাৰ হৈছিল তৰোৱালখন (Tipu Sultan Sword Auction)। ব্ৰিটিছ মেজৰ জেনেৰেল ডেভিদ বেয়াৰ্ডক তেওঁৰ বীৰত্বৰ স্মৃতি স্বৰূপে এই তৰোৱালখন প্ৰদান কৰা হৈছিল।

Tipu Sultan Sword

এই ফটোখন ১৪৩ কোটি টকা ($17.4 million or Rs 143 crore)ত বিক্ৰী হোৱা টিপু চুলতানৰ তৰোৱাল, যিখন লণ্ডনত বিক্ৰী কৰা হৈছে।

Tipu Sultan Sword

টিপু চুলতানক “মেছুৰৰ বাঘ” বুলি কোৱা হৈছিল, তেওঁৰ ব্ৰিটিছৰ পৰা নিজৰ প্ৰদেশক ৰক্ষা কৰিছিল।

Photo: Google

লগতে পঢ়কঃ Junmoni Rabha And Assam Police: কিমান নিকা লীনা দলে আৰু বেদান্ত ৰাজখোৱা? জোনমণিৰ মৃত্যুৰ ঘটনাৰ পিছতে বদলি-নিলম্বন বহুকেইগৰাকী বাঘা বাঘা বিষয়া; কিন্তু বদলি আৰু নিলম্বনতে সকলো শেষ হ’ব নেকি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -