23.7 C
Guwahati
Wednesday, May 1, 2024

Junmoni Rabha And Assam Police: কিমান নিকা লীনা দলে আৰু বেদান্ত ৰাজখোৱা? জোনমণিৰ মৃত্যুৰ ঘটনাৰ পিছতে বদলি-নিলম্বন বহুকেইগৰাকী বাঘা বাঘা বিষয়া; কিন্তু বদলি আৰু নিলম্বনতে সকলো শেষ হ’ব নেকি?

Junmoni Rabha And Assam Police: নগাঁৱৰ পূৰ্বৰ SP লীনা দলে কিমান নিকা? কিমান নিকা লখিমপুৰৰ পূৰ্বৰ SP বেদান্ত মাধৱ ৰাজখোৱা?

Must Read

Junmoni Rabha And Assam Police: নগাঁৱৰ পূৰ্বৰ SP লীনা দলে কিমান নিকা? কিমান নিকা লখিমপুৰৰ পূৰ্বৰ SP বেদান্ত মাধৱ ৰাজখোৱা?

জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য এতিয়ালৈ ভেদ হোৱা নাই। কিন্তু জোনমণি ৰাভাৰ মৃত্যু ঘটনাই বহু কথাই উদাঙাইছে। বিশেষকৈ প্ৰকাশ পাইছে অসম আৰক্ষীৰ ভিতৰচ’ৰাত আচলতে কি চলে।

আৰম্ভ কৰিছো অতি শেহতীয়া মনোজ ৰাজবংশীৰ নিলম্বনৰ পৰা। নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল মনোজ ৰাজবংশী। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ সংক্ৰান্তত তেওঁক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে। কিন্তু বুধবাৰে সেইজন মনোজ ৰাজবংশীক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে।

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পাছতেই নকল সোণ আৰু জাল নোট চক্ৰৰ সৈতে নগাঁও আৰক্ষীৰ গোপন মিতিৰালিৰ অভিযোগ উঠিছিল। আৰু তেনে ঘটনাতে সাঙোৰ খাই অসম আৰক্ষীৰ পৰিদৰ্শক মনোজ ৰাজবংশী নিলম্বিত হোৱা বুলি এটা সূত্ৰত প্ৰকাশ পাইছে।

নিলম্বিত মনোজ ৰাজবংশী নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল। একেখিনি সময়তে নগাঁৱৰ আৰক্ষী অধীক্ষক আছিল লীনা দলে। অভিযোগ অনুসৰি নগাঁও আৰক্ষীৰ জালনোট আৰু নকল সোণ চক্ৰৰ সৈতে মিতিৰালি আছে, আৰু যিটো কথাত নাম সাঙোৰ খোৱা তেতিয়াৰ OC মনোজ ৰাজবংশীৰ নিলম্বন হৈছে, তেনে অভিযোগৰ পৰা কিমান দূৰৈত আছে SP লীনা দলে? এইক্ষেত্ৰত SP লীনা দলে সঁচাকৈয়ে নিকা নে?

নগাঁও আৰক্ষীৰ পূৰ্বৰ উপ পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ নাম এতিয়া সংবাদ শিৰোনামত। আজিৰ তাৰিখত বিশাল সম্পত্তিৰ অধিকাৰী আভাজ্যোতি ৰাভা। কিন্তু আভাজ্যোতি ৰাভাৰ অসম আৰক্ষীত চাকৰিকাল মাত্ৰ তিনি বছৰ। তিনি বছৰৰ চাকৰিত লাখ লাখ টকাৰে মাটি কিনা, বিশাল পাঁচ মহলীয়া অট্টালিকা সজা আদি কথাবোৰ মানুহৰ চকুত লগাটো স্বাভাৱিক। এতিয়া প্ৰশ্ন হৈছে, অসম আৰক্ষীত SI ৰ চাকৰি কৰি ইমান সম্পত্তিৰ মালিক কেনেকৈ হ’ল আভাজ্যোতি ৰাভা?

একেই অভিযোগ আভাজ্যোতি ৰাভাৰ বিৰুদ্ধেও। নগাঁৱত জাল নোট আৰু নকল সোণৰ খনিত বহি হেনো সম্পত্তিৰ পাহাৰ গঢ়িছে আভাজ্যোতিয়ে। এতিয়া কথা হৈছে এজন SI-এ সম্পত্তিৰ পাহাৰ গঢ়া অভিযোগ সঁচা হ’লে, প্ৰশ্ন হয় জিলাখনৰ তেতিয়াৰ SP লীনা দলে ক’ত আছিল?

আহিছো নগাঁৱৰ তেতিয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ কথালৈ। অপৰাধ শাখাৰ বিষয়া ৰূপজ্যোতি কলিতাৰ অপৰাধীৰে মিতিৰালি থকাৰ অভিযোগ আছে। তেলচুৰি, ভূ মাফিয়া, তীৰ মাফিয়া সকলোৰে সৈতে ৰূপজ্যোতি কলিতাৰ গোপন সম্পৰ্কৰ কথা এতিয়া চৰ্চালৈ আহিছে। আনকি চৰ্চা চলা অনুসৰি SI আভাজ্যোতি ৰাভাৰ ওপৰতো আছিল ASP ৰূপজ্যোতি কলিতাৰ আশীৰ্বাদ।

অভিযোগ অনুসৰি বহু ক’লা অধ্যায় থকা নগাঁৱৰ তেতিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ ওপৰত কাৰ আশীৰ্বাদ আছিল? SP লীনা দলেৰ অজ্ঞাতেই ৰূপজ্যোতি কলিতাৰ ক’লা সাম্ৰাজ্যৰে মিতিৰালি চলিছিল নেকি? এইবোৰ কথাৰ পৰা কিমান আঁতৰত আছিল SP লীনা দলে?

নগাঁও জিলাৰ কথা বা দিলো, এইবাৰ আহিছো লখিমপুৰ জিলালৈ। জোনমনি ৰাভাৰ ঘটনাৰ লগত সাঙোৰ খালে লখিমপুৰ জিলাৰ আৰক্ষী। নাওবৈচা থানাৰ IC সঞ্জীৱ বৰাক হেড কোৱাৰ্টাৰ ক্লজ কৰা হ’ল। একদৰে হেড কোৱাৰ্টাৰ ক্লজ কৰা হ’ল লখিমপুৰৰ SP বেদান্ত মাধৱ ৰাজখোৱাক। অভিযোগ আছিল আৰক্ষীৰে সু-সম্পৰ্ক ৰাখি লখিমপুৰত চলি আছিল নকল সোণ আৰু জালনোটৰ ৰমৰমীয়া বেহা। এই বৃহত জাল চক্ৰৰ কথা পোহৰলৈ আহিছিল জোনমনি ৰাভাৰ মৃত্যুৰ পাছতেই।

নকল সোণৰ সৰবৰাহকাৰী আজগৰ আলীৰ বিৰুদ্ধে অভিযান চলাইছিল জোনমনি ৰাভাই। কিন্তু জোনমনি ৰাভাৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰিছিল লখিমপুৰ আৰক্ষীয়ে। জালনোট আৰু নকল সোণ চক্ৰৰ সৈতে সনাপিটিকা আছিল লখিমপুৰ আৰক্ষীৰ।

এই কথা পোহৰলৈ আনিছিল হচিনা বেগম নামৰ মহিলাগৰাকীয়ে। জালনোট আৰু নকল সোণ চক্ৰৰ অভিযোগ পোৱাৰ পাছতো অভিযান নচলাইছিল লখিমপুৰ আৰক্ষীয়ে। সেই কথা প্ৰমাণ হ’ল লখিমপুৰৰ SP সলনি হোৱাৰ লগে লগে। SP আনন্দ মিশ্ৰই লখিমপুৰত যোগদান কৰাৰ লগে লগে গণ্ডাই গণ্ডাই জালনোট আৰু নকলসোণৰ সৰহৰাহকাৰীয়ে আত্মসমৰ্পন কৰিলে।

এতিয়া এইবোৰ ক’ৰ পৰা ওলাল? প্ৰশ্ন হৈছে, লখিমপুৰৰ আগৰ SP বেদান্ত মাধৱ ৰাজখোৱা এইবোৰ কথাৰ একো ভূৱে পোৱা নাছিল নেকি? এই চক্ৰবোৰৰ পৰা বহু দূৰৈৰ অৱস্থান কৰিছিল নেকি SP বেদান্ত মাধৱ ৰাজখোৱাই?

জোনমনি ৰাভাৰ মৃত্যু ঘটনাৰ পাছত নগাঁও আৰু লখিমপুৰ জিলাৰ ক’লা অধ্যায় পোহৰলৈ আহিল। কিন্তু তাৰ পাছত এতিয়া কেইজনমান বিষয়াৰ বদলি আৰু নিলম্বনতে সকলো শেষ হ’ব নেকি? দুই জিলাৰ আৰক্ষীৰ মুৰব্বী তদানীন্তন আৰক্ষী অধীক্ষক দুগৰাকী এই ক্ষেত্ৰত কিমান নিকা আছিল?

তেওঁলোকে অবৈধ চক্ৰৰ পৰা কিমান দুৰত্ব অৱলম্বন কৰিছিল সেই কথা কেতিয়াবা পোহৰলৈ আহিবনে? লীনা দলে, বেদান্ত মাধৱ ৰাজখোৱা আদিৰ দৰে আৰক্ষী বিষয়াকসকলক লৈ উত্থাপিত প্ৰশ্ন উত্তৰ কিমান পোৱা যাব সেয়া আজিৰ তাৰিখ এটা প্ৰশ্ন।

Photo: Google

Anirban Pathak

লগতে পঢ়কঃ Vastu Tips For Lakshmi: জানি থওক! এইকেইটা বস্তু আপোনাৰ ঘৰত থাকিলে হ’ব ধন লাভ; থাকিব লক্ষ্মী মাৰ কৃপা, পিছে জানি লওক কি কি বস্তু?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -