31 C
Guwahati
Saturday, May 18, 2024

Sipajhar Boy Died: মৃত্যু এনেকৈয়ো আহে…খানাপাৰাত চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ লৈ হাঁহিমুখে ঘৰলৈ উভতিছিল; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ভয়ংকৰ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে উজ্জ্বলে

Sipajhar Boy Died In Assam: খুবেই কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে ছিপাঝাৰৰ বৰদৌলগুৰিত

Must Read

Sipajhar Boy Died In Assam: খুবেই কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে ছিপাঝাৰৰ বৰদৌলগুৰিত (Sipajhar Bordoulguri)। বহুত কষ্ট কৰি চৰকাৰী চাকৰিটো পাইছিল ২৬ বছৰীয়া উজ্জ্বলে।

যিমানে চৰকাৰী চাকৰি ওলাইছিল সিমানে উজ্জ্বলে দিছিল পৰীক্ষা। ইটো সিটোকৈ কেইবাটাও পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত অৱশেষত এইবাৰ এটকাও ঘোচ নিদিয়াকৈ যুৱকজনে চাকৰিটো লাভ কৰিবলৈ সক্ষম হৈছিল (Govt Job)

চৰকাৰী চাকৰি পোৱা বুলি খবৰটো শুনি ফূৰ্তিত আছিল উজ্জ্বল (Sipajhar Boy Died)। উজ্জ্বলৰ লগতে আনন্দৰ জোৱাৰ নামিছিল ঘৰখনলৈও। তৃতীয় বৰ্গৰ এটা চৰকাৰী চাকৰি পাইছিল যুৱকজনে।

Sipajhar Boy Died
Sipajhar Boy Died

তাৰ পিছতে ২৫ মে’ত বৃহস্পতিবাৰে বিশাল নিযুক্তি সমাৰোহত বিতৰণ কৰা হয় চাকৰিপ্ৰাপকক নিযুক্তি পত্ৰ (Appointment Letter)। ছিপাঝাৰৰ এই যুৱকজনেও (Sipajhar Boy Died) গুৱাহাটীৰ খানাপাৰালৈ আহে মুখ্যমন্ত্ৰী (CM Himanta Biswa Sarma) আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ (Amit Shah) পৰা নিযুক্তি পত্ৰ লাভ কৰিবলৈ।

কিন্তু নিয়তিয়ে উজ্জ্বলৰ বাবে লিখি থৈছিল আন এক অধ্যায়হে। সন্ধিয়া খানাপাৰাত আনন্দমনেৰে নিযুক্তি পত্ৰ গ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথতে দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে সদ্য নিযুক্তিপ্ৰাপ্ত যুৱকজনে। ছিপাঝাৰৰ বৰদৌলগুৰিত (Sipajhar Boy Died) সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (Horrific Road Accident)।

নিযুক্তি পত্ৰ লৈ ঘৰলৈ ওভতা যুৱকজনৰ বাইকত বিপৰীত দিশৰ পৰা অহা ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মাৰে (Bike Colided With Truck)। এই দুৰ্ঘটনাৰ পিছতে অকালতে প্ৰাণ হেৰুৱায় ছিপাঝাৰৰ ককাইতোলৰ ২৬ বছৰীয়া উজ্বলে।

ল’ৰাই চৰকাৰী চাকৰি পোৱা বুলি আনন্দত মতলীয়া হৈ থকা ঘৰখনত হঠাত নামিল যেন ঘোৰ অমানিশা। পুত্ৰৰ মৃত্যুৰ শোকত ভাঙি পৰিল মাতৃ-পিতৃৰ লগতে ওচৰ-চুবুৰীয়াও।

Photo: Batori24

লগতে পঢ়কঃ Junmoni Case Update: জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত এতিয়া কোনে কৰি আছে; CBI নে CID-এ? এই প্ৰশ্ন বহুতৰ মুখত…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -