27 C
Guwahati
Tuesday, April 30, 2024

Whatsapp Chat Lock: হোৱাটছ্এপত আহিব নতুন ফিচাৰ ‘Chatlock’! ব্যক্তিগত কথা-বতৰা আৰু হ’ব সুৰক্ষিত; কোনেও গম নাপাব গোপন বাৰ্তালাপ, পিছে কেনেকৈ কৰিব ‘Enable’?

Whatsapp Chat Lock Feature: হোৱাটছএপৰ মালিকানাধীন কোম্পানী মেটাৰ CEO মাৰ্ক জুকাৰবাৰ্গে এটা ফেচবুক পোষ্টত Chat Lock ফিচাৰ মুকলি কৰাৰ বিষয়ে জানবলৈ দিয়ে। তেওঁ লিখিলে, "হোৱাটছএপত নতুন লক চেটে আপোনাৰ কথা-বতৰা আৰু অধিক ব্যক্তিগত কৰি তুলিব।

Must Read

Whatsapp Chat Lock Feature: হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ। মেটা কোম্পানীয়ে হোৱাটছএপত নতুন ফিচাৰ সংলগ্ন কৰিছে, যিয়ে ব্যৱহাৰকাৰীসকলক পাছৱৰ্ড বা বায়’মেট্ৰিক প্ৰমাণীকৰণৰ ব্যৱহাৰ কৰি নিৰ্দিষ্ট চেট লক কৰিবলৈ অনুমতি প্ৰদান কৰে।

এই ফিচাৰটোৰ নাম হ’ল চেট লক (Chatlock)। এই ফিচাৰটোৱে কথা-বতৰা লক কৰাৰ লগতে চেটখিনি এটা পৃথক ফল্ডাৰত ষ্টোৰ কৰিব। লগতে ই নটিফিকেচনত নাম আৰু আচল মেছেজটোও গোপনে ৰাখিব। লক কৰা চেট কেৱল প্ৰমাণীকৰণ (Authentication)ৰ পিছতহে চাব পাৰিব (Whatsapp Chat Lock)

Whatsapp Chat Lock Whatsapp Chat Lock Whatsapp Chat Lock

হোৱাটছএপৰ মালিকানাধীন কোম্পানী মেটাৰ CEO মাৰ্ক জুকাৰবাৰ্গে এটা ফেচবুক পোষ্টত Chat Lock ফিচাৰ মুকলি কৰাৰ বিষয়ে জানবলৈ দিয়ে। তেওঁ লিখিলে, “হোৱাটছএপত নতুন লক চেটে আপোনাৰ কথা-বতৰা আৰু অধিক ব্যক্তিগত কৰি তুলিব (Whatsapp Chat Lock)

জুকাৰবাৰ্গে এক মন্তব্য কৰি কয় যে- আমি নতুন ফিচাৰ চেট লক (Whatsapp Chat Lock) আৰম্ভ কৰিবলৈ উৎসাহিত হৈ আছো, যিয়ে ব্যৱহাৰকাৰীসকলক সুৰক্ষাৰ আৰু এটা স্তৰৰ সৈতে আটাইতকৈ গোপন কথোপকথন লুকুৱাই ৰাখিবলৈ সুবিধা দিয়ে।

তেওঁ ক’লে যে যিকোনো চেট লক কৰিলে সেই থ্ৰেড, ইনবক্সৰ পৰা বাহিৰ হৈ যায় আৰু সেইটো নিজৰ ফলডাৰৰ পিছত ৰাখি দিয়ে, যিটো কেৱল ডিভাইছ পাছৱৰ্ড বা ফিংগাৰপ্ৰিণ্টৰ দৰে বায়’মেট্ৰিকেৰে চাব যাব পাৰে। এইটো নটিফিকেচনটো সমলস্বয়ংক্ৰিয়ভাৱে চেট লুকুৱাই দিয়ে (Whatsapp Chat Lock)

এই ফিচাৰৰ প্ৰয়োজন কি? এই প্ৰশ্নৰ উত্তৰত মাৰ্কে ক’লে যে এইটো সুবিধা সেইসকল লোকৰ বাবে উপযোগী হ’ব, যিসকলে সময়ে-সময়ে নিজৰ ফোনটো পৰিয়ালৰ কোনো সদস্যৰ সৈতে শ্বেয়াৰ কৰিবলগীয়া হয় বা সেইসময়ত যেতিয়া আপুনি আপোনাৰ ফোনটো কাৰোবাক দিবলগীয়া হয় আৰু সেই সময়ত কোনো বিশেষ মেছেজ আহে। যদি চেট লক কৰা হয়, তেন্তে ইয়াৰ গোপনীয়তা অক্ষুণ্ণ থাকিব।

এই ফিচাৰ এণ্ডড্ৰইড আৰু IOS দুয়োটাতে উপলব্ধ হ’ব

এইটো ফিচাৰ এণ্ডড্ৰইড আৰু IOS দুয়োটা ফোনতে উপলব্ধ হ’ব। বৰ্তমানলৈ বায়’মেট্ৰিকছ বা পিন কোডৰ ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীয়ে হোৱাটছএপ লক কৰিব পাৰিছিল, কিন্তু নতুন ফিচাৰে ব্যৱহাৰকাৰীক বিশেষ ব্যক্তিগত চেটক আৰু অধিক সুৰক্ষিত কৰাৰ সুবিধা প্ৰদান কৰিব।

যদি আপোনাৰ ফোন কাৰোবাৰ হাতলৈ আহি যায়, তেতিয়াও হোৱাটছএপত লক কৰা চেটৰ গোপনীয়তা থাকিব বা কোনো লোকে সেইটো দেখা নাপাব।

আপোনাৰ জ্ঞাতাৰ্থে, হোৱাটছএপত আগৰে পৰা সুৰক্ষা আৰু গোপনীয়তাক লৈ কেইবাটাও ফিচাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে এণ্ড-টু-এণ্ড এনক্ৰিপশ্বন, এনক্ৰিপ্ট কৰা চেট বেকআপ, অদৃশ্য হোৱা বাৰ্তা (Disappearing message), স্ক্ৰীণশ্বট ব্লকিং আৰু অন্যান্য। নতুন আপডেটৰ সৈতে মেটা কোম্পানীয়ে হোৱাটছএপৰ গোপনীয়তা আৰু নিৰাপত্তা অধিক শক্তিশালী কৰিব বিচাৰিছে।

চেট কেনেদৰে কৰিব লক (Whatsapp Chat Lock)

পোনপ্ৰথমে আপুনি হোৱাটছএপত যিকোনো চেটত টেপ কৰিব লাগিব। ইয়াৰ পিছত Chatlock ফিচাৰটো পাব, যিটো ক্লিক কৰি আপুনি এই ফিচাৰটো এক্টিভ কৰিব পাৰে। এতিয়া লক চেট চাবলৈ, ব্যৱহাৰকাৰীয়ে নিজৰ ইনবস্কটো তললৈ টানি আনিব আৰু নিজৰ ফোন পাছৱৰ্ড দিয়া বা প্ৰমাণীকৰণ (Authentication) প্ৰয়োজন হ’ব।

মেচেজ এডিট কৰাৰ ফিচাৰৰ লগতে হোৱাটছএপে চলি থকা কিছু সমস্যাও সমাধান কৰিব। ইয়াৰ ফলত গ্ৰাহকৰ অভিজ্ঞতা আৰু আনন্দদায়ক হ’ব। ফিচাৰটো উপলব্ধ হোৱাত আপুনি হোৱাটছএপটো আপডেট কৰি ল’ব।

Photo: Google

লগতে পঢ়কঃ Adil Hussain Best Actor: ভাল খবৰ! লণ্ডনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ “আদিল হুছেইনৰ”; এই সন্মানেৰে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তানগৰাকী

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -