30 C
Guwahati
Tuesday, April 16, 2024

Adil Hussain Best Actor: ভাল খবৰ! লণ্ডনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ “আদিল হুছেইনৰ”; এই সন্মানেৰে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তানগৰাকী

Adil Hussain Best Actor: ১৩ মে'ত 'ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল'ত প্ৰিমিয়াৰ হৈছিল আদিল হুছেইন অভিনীত বলীউডৰ ছবিখনৰ

Must Read

Adil Hussain Best Actor Award UK Asian Film Festival: আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম গঢ়িলে অসমৰ গৌৰৱ অভিনেতা আদিল হুছেইনে।

লণ্ডনত অনুষ্ঠিত ‘ইউ কে এছিয়ান ফিল্ম ফেষ্টিভেল’ত ‘ফুটপ্ৰিণ্টছ্ অন ৱাটাৰ’ (Footprints On Water) নামৰ ছবিখনত কৰা অনবদ্য অভিনয়ৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হ’ল অসম সন্তান তথা বলীউডৰ খ্যাতনামা অভিনেতাগৰাকীয়ে (Adil Hussain Bags Best Actor Award At UK Asian Film Festival)

Adil Hussain Best Actor
Adil Hussain Best Actor

উল্লেখ্য, ১৩ মে’ত ‘ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত প্ৰিমিয়াৰ হৈছিল আদিল হুছেইন অভিনীত বলীউডৰ ছবিখনৰ ৷ এই ছবিখন পৰিচালনা কৰিছে নাটালিয়া শ্যামে (Directorial Debut Of Nathalia Syam)

Adil Hussain Best Actor
Adil Hussain Best Actor

ব্ৰিটেইনলৈ হোৱা অনুপ্ৰৱেশ আৰু প্ৰৱজনকাৰীসকলে ব্ৰিটেইনত সন্মুখীন হোৱাৰ সমস্যাক বিষয়বস্তু হিচাবে লৈ ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে ৷ ব্ৰিটেইনত অনুপ্ৰৱেশ কৰাৰ পাছত এগৰাকী পিতৃয়ে নিজ সন্তানক হেৰুৱাৰ কৰুণ কাহিনীৰ লগতে সন্তানৰ সন্ধান কৰাৰ বৰ্ণনা কৰা হৈছে এই ছবিখনত ৷

উক্ত ছবিখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে অসম সন্তান আদিল হুছেইনে (Adil Hussain Best Actor)৷ মন কৰিবলগীয়া যে, ‘ফুটপ্ৰিণ্টছ্ অন ৱাটাৰ’ (Footprints On Water) ছবিখনে ইয়াৰ পূৰ্বে নিউয়ৰ্কত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাবেও পুৰস্কৃত হৈছিল। এই ছবি মহোৎসৱতো আদিল হুছেইনে শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনয়ন লাভ কৰিছিল (Adil Hussain Best Actor)

লগতে অসমৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু নিৰ্দেশক শিলাদিত্য বৰাই (Filmmaker And Producer Shiladitya Bora) জিকিলে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা (Best Film Award)। ‘ভগৱান ভৰছো’ (Bhagwan Bharose) নামৰ চলচ্চিত্ৰখনৰ বাবে এই সন্মান লাভ কৰে বৰাই।

Photo: Google

লগতে পঢ়কঃ Junmoni Rabha Accident Update: ‘তাইৰ মৃত্যুত কিবা চক্ৰান্ত আছে; SP-এ মাতিছিল বুলি খবৰ পাইছিলো, কিন্তু জখলাবন্ধালৈ ইমান ৰাতি কিয় অকলে ওলাই গৈছিল, যদি কিবা কাম আছিল অফিচৰ গাড়ী কিয় লৈ যোৱা নাছিল’- জোনমণিৰ মৃত্যুত প্ৰশ্ন জ্যেষ্ঠ ভাতৃ কৰুণা ৰাভাৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -