22 C
Guwahati
Sunday, May 5, 2024

জানি থওক! আপোনাৰ স্মাৰ্টফোনটোও (Smartphone) বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে; গতিকে ভুলতেও এইকেইটা কাম নকৰিব, আহক জানো কি কি?

Lifestyle Tips For Smartphone: বৰ্তমান দিনত স্মাৰ্টফোন আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংশ হৈ পৰিছে। কিন্তু ই যিমান উপযোগী সিমানে বিপদজনকো হ'ব পাৰে আমাৰ বাবে।

Must Read

Lifestyle Tips For Smartphone: বৰ্তমান দিনত স্মাৰ্টফোন (Smartphone) আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংশ হৈ পৰিছে। কিন্তু ই যিমান উপযোগী সিমানে বিপদজনকো হ’ব পাৰে আমাৰ বাবে। ইয়াৰ ফলত বহুতো ঘটনাও ঘটিব পাৰে। বিশেষকৈ স্মাৰ্টফোনৰ বেটাৰীৰ বাবে। যদি সঠিকভাৱে চাৰ্জ কৰা নহয়, ফোনটো বিস্ফোৰণ (Smartphone Blast) বা বিকল হোৱাৰ সম্ভাৱনা থাকে।

প্ৰায়ভাগ লোকে নিশা চাৰ্জ কৰাৰ সময়ত ফোনটো ব্যৱহাৰ কৰি থাকে অথবা শুই থাকোতেও ফোনটো চাৰ্জত লগাই থৈ দিয়ে। যাতে ফোনটো পুৱালৈ সম্পূৰ্ণ চাৰ্জ হয় থাক। কিন্তু ইয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনিও ৰাতি স্মাৰ্টফোনটো চাৰ্জত (Smartphone Charge) দি থয় তেন্তে অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে।

গতিকে ভুলতেও এইকেইটা কাম নকৰিব, আহক জানো কি কি?-

১. নিশা শুবলৈ যোৱাৰ আগতে কেতিয়াও মোবাইল চাৰ্জত দি নথ’ব। কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ মোবাইল বেটাৰী নষ্ট হ’ব পাৰে। অথবা বিস্ফোৰণৰ হোৱাৰ সম্ভাৱনাও অধিক থাকে।

২. বজাৰত বহু প্ৰকাৰৰ চাৰ্জাৰ পোৱা যায়। নিজৰ ফোনটোৰ চাৰ্জাৰ ডাল হেৰাই যোৱাৰ পিছত, প্ৰায়ে বজাৰত পোৱা সস্তিয়া চাৰ্জাৰ (Chargers) ক্ৰয় কৰে। কিন্তু এইটো সিদ্ধান্ত একেবাৰে ভুল। এই সস্তিয়া চাৰ্জাৰে ফোনটো দীঘলীয়া সময়ৰ বাবে চাৰ্জ কৰে কিন্তু বেটাৰীটো গৰম কৰি দিয়ে। যাৰ ফলত বেটাৰীটো সোনকালে নষ্ট হয়।

৩. লগতে ফোন বাৰে বাৰে চাৰ্জ কৰিলেও বেটাৰীৰ ওপৰত প্ৰভাৱ পৰে। গতিকে মনত ৰাখিব যে ফোনৰ বেটাৰী ২০ শতাংশ বা তাতকৈ কম হ’লেহে চাৰ্জ কৰক। এনে কৰিলে বেটাৰীৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু বেটাৰীটোও ভালে থাকে।

৪. মোবাইল ফোন ছাৰ্ট, টি-ছাৰ্ট বা গেঞ্জিৰ সন্মুখৰ পকেটত ৰাখিব নালাগে। স্মাৰ্টফোন ৰেডিয়েচনৰ বাবে ই বেয়ায়ে লগতে ফোন বিস্ফোৰণৰ যদি সম্ভাৱনা থাকে তেতিয়া তাক হাৰ্টৰ ওচৰত ৰখাটো অধিক বিপদজনক হ’ব পাৰে।

৫. সদায় নিজৰ ফোনৰ অৰিজিনেল চাৰ্জাৰ ব্যৱহাৰ কৰক। ডুপ্লিকেট বা আন যিকোনো ফোনৰ চাৰ্জাৰে বেটাৰী আৰু ফোন দুয়োৰে বাবে ক্ষতিকাৰক।

৬. প্ৰায়ে মানুহে ফোনটো চাৰ্জত ৰাখিলে এই কথাটোত গুৰুত্ব নিদিয়ে যে তাত ডাইৰেক্ট সূৰ্যৰ পোহৰ পৰা নাইতো। ইয়াৰ বিশেষ যত্ন ল’ব, অন্যথা ফোনটো ক্ষতিগ্ৰস্ত হ’ব পাৰে।

৭. কাৰ চাৰ্জিং এডাপ্টাৰ জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিব পাৰি, কিন্তু ইয়াৰ দীঘলীয়া আৰু নিয়মীয়া ব্যৱহাৰ পৰিহাৰ কৰক।

৮. আপোনাৰ ফোনটো জ্বলনশীল পদাৰ্থ যেনে কাপোৰ, কপাহ বা বিচনাৰ পৰা আঁতৰত ৰাখিব।

৯. যদি আপুনি ফোনটোৰ বেটাৰী সলনি কৰিব বিচাৰে, সদায়ে ফোন ব্ৰেণ্ডৰ অৰিজিনেল বেটাৰী লগাওক। ফোনত কেতিয়াও সস্তীয়া আৰু অপ্ৰয়োজনীয় মানদণ্ডৰ বেটাৰী ব্যৱহাৰ নকৰিব।

১০. গাৰুৰ তলত মোবাইল থৈ শুলে বিপদজনক হ’ব পাৰে কিয়নো ই কেৱল ডিভাইচৰ তাপমাত্ৰা বৃদ্ধি নকৰে, লগতে ডিভাইচৰ ওপৰতো হেঁচা প্ৰয়োগ কৰে।

১১. যদি ফোনটো নিৰন্তৰ ব্যৱহাৰৰ বাবে অত্যাধিক গৰম হৈ পৰিছে, তেন্তে কিছু সময়ৰ বাবে ইয়াক স্বাভাৱিক হ’বলৈ দিয়ক। গৰম হ’লে ইয়াক নিৰন্তৰ ব্যৱহাৰ নকৰিব।

১২. ফোনটো ডাঠ কেছ বা কভাৰত ৰাখি চাৰ্জ কৰিলেও ইয়াৰ তাপমাত্ৰা বৃদ্ধি হয় আৰু বেটাৰী ক্ষতিগ্ৰস্ত হ’ব পাৰে। প্ৰথমে কেছ বা কভাৰ আতৰাওক আৰু তাৰ পিছত ফোনটো চাৰ্জ কৰক।

১৩. পাৱাৰ বেংকৰ ব্যৱহাৰ এতিয়া এক প্ৰয়োজনীয়তা হৈ পৰিছে, কিন্তু সস্তীয়া পাৱাৰ বেঙ্কবোৰেও ফোনটো ক্ষতিগ্ৰস্ত কৰিব পাৰে। সদায় ব্ৰেণ্ডেড আৰু বিশ্বাসী কোম্পানীৰ পাৱাৰ বেংক ব্যৱহাৰ কৰিব।

Photo: Google

লগতে পঢ়কঃ জাৱৰৰ মাজত লুকাই আছে এটা ‘মেকুৰী’; উলিয়াওক বিচাৰি মানি লম ‘Genius’ বুলি, ৯৯% শতাংশ লোকৰে উত্তৰ ভুল, চাওক Optical Illusion Viral Photo

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -