37 C
Guwahati
Friday, May 17, 2024

Hair Wash Rules Hindu Shastra: যেতিয়াই-তেতিয়াই চুলি ধুৱে নেকি? শাস্ত্ৰ অনুসৰি চুলি ধোৱাৰো আছে নিয়ম; আহক জানো মহিলাসকলে চুলি ধোৱাৰ শুভ-অশুভ দিনকেইটা কি কি? মানি চলিলে আপোনাৰে হ’ব বহু লাভালাভ!

Hair Wash Rules According To Hindu Shastra: হিন্দু ধৰ্মত সকলো কামৰ বাবে নিয়ম বনোৱা হৈছে, যিবোৰ পালন কৰিলে ঘৰখনত সুখ-সমূদ্ধি অব্য়াহত থাকে। ইয়াৰে ভিতৰত এটা হৈছে চুলি ধোৱাৰ শুভ আৰু অশুভ দিন। আহক জানো মহিলাসকলৰ চুলি ধোৱাৰ নিয়ম আৰু দিন।

Must Read

Hair Wash Rules Hindu Shastra: হিন্দু ধৰ্ম শাস্ত্ৰত কেৱল পূজা-পাঠে নহয় লগতে প্ৰতিটো কামৰ বাবে প্ৰয়োজনীয় নিয়ম আৰু দিন কোৱা হৈছে (Hindu Shastra Married Women And Girl Hair Wash Rules)। এই নিয়মবোৰ অনুসৰণ কৰিলে ঘৰত সুখ-সমৃদ্ধি আহে। হিন্দু ধৰ্মত ঘৰৰ মহিলাসকলক ঘৰৰ লক্ষ্মী (Maa Laxmi) বুলি গণ্য কৰা হয়। ঘৰৰ সুখ-সমৃদ্ধি ঘৰৰ লক্ষ্মী অৰ্থাৎ মহিলাৰ সৈতে জড়িত হৈ থাকে।

এনে পৰিস্থিতিত এইটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় যে ঘৰৰ মহিলাসকলক শাস্ত্ৰত কোৱা এই নিয়মসমূহ নিশ্চয়কৈ পালন কৰিব লাগে (Hair Wash Rules Hindu Shastra)। যদি মহিলাই অশুভ কামসমূহ কৰে বা নিয়ম অনুসৰণ নকৰে তেন্তে ইয়াৰ প্ৰভাৱ ঘৰ-পৰিয়ালৰ ওপৰত পৰে আৰু ঘৰৰ সুখ-সমৃদ্ধিৰ পৰা আৰম্ভ কৰি আৰ্থিক স্থিতিও প্ৰভাৱিত হয়। এই নিয়মসমূহৰ ভিতৰত এটা হৈছে চুলি ধোৱা নিয়ম আৰু দিন।

লগতে পঢ়কঃ Fitkari Benefits| ‘ফিটকেৰী’ৰ আছে বহু চমৎকাৰী উপায়; আপুনিও ঘৰত ৰাখিব পাৰে, ধন লাভ, ঋণ মুক্তিৰ লগতে আছে বিভিন্ন লাভালাভ, পিছে জানো আহক কি কি?

মহিলাসকলে চুলি ধোৱাৰ শুভ-অশুভ দিন (Hair Wash Rules Hindu Shastra Know Truth And Myth)-

  • শাস্ত্ৰত মহিলাসকলে চুলি ধোৱাক লৈ কিছুমান নিয়ম আৰু শুভ-অশুভ দিনৰ বিষয়ে কোৱা হৈছে। বিবাহিত স্ত্ৰী আৰু অবিবাহিত মহিলা-যুৱতীৰ চুলি ধোৱাৰ দিনৰ মাজত প্ৰাৰ্থক্য় আছে।
  • অবিবাহিত মহিলাসকলে বুধবাৰৰ দিনটোত চুলি ধুব নালাগে। এনে কৰিলে ভাতৃয়ে কষ্ট ভুগে। বিশেষকৈ যিসকলৰ সৰু ভায়েক আছে, তেওঁলোকেটো বুধবাৰৰ দিনটোত বিশেষভাবে চুলি ধুব নালাগে।
  • সাধাৰণতে কোনো বিশেষ উৎসৱ, শুভ মুহূৰ্ত আদিত মহিলাসকলে চুলি ধুৱে। কিন্তু শাস্ত্ৰ অনুসৰি শুভ দিন বা মুহূৰ্তত কেতিয়াও মহিলাসকলে চুলি ধুব নালাগে। যদি আপোনাৰ চুলি ধুব থাকে তেন্তে শুভ তিথিৰ এদিন পূৰ্বে ধুই লওক।
  • শাস্ত্ৰ অনুসৰি, মহিলাসকলে অমাৱস্যা, পূৰ্ণিমা, একাদশী বা উপবাসত থকাৰ দিনাও চুলি ধুব নালাগে। যদি কোনো কাৰণত এইসমূহ দিনত চুলি ধুবলগীয়া হয় তেন্তে প্ৰথমে চুলিত কেঁচা গাখীৰ লগাওক, তাৰ পিছত চুলি ধুওক।
  • বৃহস্পতিবাৰে বিবাহিত মহিলাসকলে ভুলতেও চুলি ধুব নালাগে। এনে কৰিলে স্বামী আৰু অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত বেয়া প্ৰভাৱ পৰে।
  • চুলি কটোৱাবলৈ আৰু ধুবলৈ শুকুৰবাৰৰ দিনটো যথেষ্ট শুভ দিন বুলি গণ্য কৰা হয়। গতিকে মহিলাসকলে আৰু বিশেষকৈ যিসকল মহিলাসকল পুত্ৰৰ মাতৃ হয়, তেওঁলোকে শুকুৰবাৰৰ দিনটোত চুলি ধোৱাটো শুভ বুলি গণ্য কৰা হয়।
  • শুকুৰবাৰৰ দিনটোত চুলি ধুলে মা লক্ষ্মী সন্তুষ্ট হয়। কাৰণ এইটো দিন মা লক্ষ্মীৰ দিন হয়।
  • চুলি ধুবলৈ শনিবাৰৰ দিনটোও শুভ বুলি গণ্য কৰা নহয়। লগতে শনিবাৰৰ দিনটোত চুলিত তেলো লগাব নালাগে।

Photo: Google

লগতে পঢ়কঃ Annada Gohain (অন্নদা গোঁহাই): গৌৰৱৰ মুহূৰ্ত! এগৰাকী অসমীয়া নাৰীৰ নাম চিৰদিনৰ বাবে খোদিত হ’ব অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত (Australia University)

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -