37 C
Guwahati
Thursday, May 2, 2024

Annada Gohain (অন্নদা গোহাঁই): গৌৰৱৰ মুহূৰ্ত! এগৰাকী অসমীয়া নাৰীৰ নাম চিৰদিনৰ বাবে খোদিত হ’ব অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত (Australia University)

Australia University Honors Assam’s Lt. Annada Gohain: এগৰাকী অসমীয়াই গৌৰৱান্বিত কৰিলে অসমৰ লগতে ভাৰতবাসীক ৷

Must Read

Annada Gohain (অন্নদা গোহাঁই): গৌৰৱৰ মুহূৰ্ত! এগৰাকী অসমীয়াই গৌৰৱান্বিত কৰিলে অসমৰ লগতে ভাৰতবাসীক ৷ এইগৰাকী অসমীয়া নাৰীৰ নাম চিৰদিনৰ বাবে খোদিত হ’ব বিশ্বৰ অন্যতম এখন প্ৰখ্যাত বিশ্ববিদ্যালয় ‘দ্য ইউনিভাৰ্চিটি অব্ নিউ ছাউথ ৱেলচ্ত’ (Australia’s University of New South Wales)। বিশ্ববিদ্যালয়খনে এই কথা ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অসমবাসী ৷

Annada Gohain (অন্নদা গোঁহাই)
Annada Gohain (অন্নদা গোঁহাই)

অষ্ট্ৰেলিয়াৰ কেনছিংটনত (Kensington) অৱস্থিত এই বিশ্ববিদ্যালয়খন এখন সম্ভ্ৰান্ত বিশ্ববিদ্যালয় হিচাপে পৰিচিত ৷ স্নাতক নিয়োগ যোগ্যতাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ২৭ সংখ্যক স্থানত আৰু অষ্ট্ৰেলিয়াৰ দ্বিতীয় স্থানত আছে এই বিশ্ববিদ্যালয়খন। এই বিশ্ববিখ্যাত বিশ্ববিদ্যালয়খনে ১৭টা ভৱন-থিয়েটাৰৰ নাম সলনি কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী বিদূষী মহিলাৰে নামেৰে কৰাৰ সিদ্ধান্ত লৈছে।

সেই ১৭ গৰাকীৰ মাজত স্থান লাভ কৰিছে এগৰাকী অসম সন্তান অন্নদা গোহাঁয়ে (Australia University Honors Assam’s Lt. Annada Gohain) । ‘দ্য ইউনিভাৰ্চিটি অব্ নিউ ছাউথ ৱেলচ্ (Australia’s University of New South Wales)‘ৰ লেক্সাৰ থিয়েটাৰ G06 (Lecture Theatre G06 Inside The CLB)ৰ নতুন নাম হ’ব অন্নদা গোঁহাই থিয়েটাৰ। অন্নদা গোঁহাই আছিল গুৱাহাটীৰ খাৰঘূলিৰ বাসিন্দা ৷

অন্নদা গোহাঁয়ে (Annada Gohain) অষ্ট্ৰেলিয়াৰ এইখন বিশ্ববিদ্যালয়ৰ পৰাই স্কুল অফ কেমিকেল ইঞ্জিয়াৰিঙত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ সেইখন বিশ্ববিদ্যালয়ৰ পৰাই ১৯৫৯ চনৰ ১৩ জুলাইত লৈছিল স্নাতকোত্তৰ ডিগ্ৰী।

Annada Gohain
Annada Gohain

২০১১ৰ ১৯ ছেপ্তেম্বৰত ৮১ বছৰ বয়সত মৃত্যুবৰণ কৰা অন্নদা গোঁহায়ে অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক হিচাবে সেৱা আগবঢ়াই ২০০৭ চনত অৱসৰ গ্ৰহণ কৰিছিল ৷ অষ্ট্ৰেলিয়াৰ প্ৰখ্যাত বিশ্ববিদ্যালয়খনে অন্নদা গোঁহাইৰ (Annada Gohain) নাম চিৰযুগমীয়া কৰাৰ প্ৰয়াসৰ কাৰণ হ’ল যে তেওঁ ১৯৫৫ চনত বিশ্ববিদ্যালয়খনৰ আমন্ত্ৰণত এক বিশেষ দুবছৰীয়া খাদ্য প্ৰযুক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ৷

উল্লেখ্য যে, বিদেশৰ বিশ্ববিদ্যালয়েও নাম চিৰযুগমীয়া কৰিবলৈ বিচৰা অন্নদা গোঁহাই প্ৰয়াত শিক্ষাবিদ মহেন্দ্ৰ নাথ গোহাঁইৰ সুযোগ্যা সন্তানৰ (Annada Gohain Was The Daughter Of Renowned Educator Mahendra Nath Gohain) লগতে বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোঁহাইৰ (Hiren Gohain Elder Sister) জ্যেষ্ঠ ভগ্নী ৷

Photo: Google

লগতে পঢ়কঃ Chinese Acrobat Falls To Death: লাইভ শ্ব’ত স্বামীৰ সৈতে শূণ্যত কলা প্ৰদৰ্শন কৰি আছিল পত্নীয়ে; হাত পিছলি তলত বাগৰি পৰি কৰুণ মৃত্যু পত্নীৰ, শ্ব’ৰ পূৰ্বে দুয়োৰে হৈছিল কাজিয়া… চাওক Viral Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -