36 C
Guwahati
Friday, May 17, 2024

Chinese Acrobat Falls To Death: লাইভ শ্ব’ত স্বামীৰ সৈতে শূণ্যত কলা প্ৰদৰ্শন কৰি আছিল পত্নীয়ে; হাত পিছলি তলত বাগৰি পৰি কৰুণ মৃত্যু পত্নীৰ, শ্ব’ৰ পূৰ্বে দুয়োৰে হৈছিল কাজিয়া… চাওক Viral Video

Chinese Acrobat Falls To Death Watch Viral Video: দুৰ্ঘটনাটোৰ পিছতে মহিলাগৰাকীৰ স্বামী হতাশাত ভুগিছে। দুখ প্ৰকাশ কৰিছে যে তেওঁ পত্নীক বচাব নোৱাৰিলে। লোকেল মিডিয়া অনুসৰি, কলা প্ৰদৰ্শন কৰাৰ পূৰ্বে স্বামী-স্ত্ৰীৰ মাজতে ছেফটি লাইনক লৈ তৰ্কাতৰ্কি হৈছিল।

Must Read

Chinese Acrobat Falls To Death Watch Viral Video: চীনত (China) এটা লাইভ শ্ব’ৰ সময়ত কৰুণ দুৰ্ঘটনা (Tragic Incident) সংঘটিত হয় (A Female Acrobat Fell On The Stage During A Live Performance), যেতিয়া জিমনাষ্টিক কৰাৰ সময়ত এগৰাকী মহিলা তলত বাগৰি পৰি মত্যুক সাৱটি লয়।

মিডিয়া ৰিপৰ্ট অনুসৰি, ঘটনাটো ১৫ এপ্ৰিলৰ, যাৰ ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ আছে। উল্লেখ্য এই ঘটনাটোৰ ভুক্তভোগী মহিলাগৰাকীয়ে স্বামীৰ সৈতে শূণ্যত ষ্টাণ্ট কৰি আছিল।

চীনা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৩৭ বছৰীয়া চন মৌমৌ স্বামী ঝাং মৌমৌৰ সৈতে চীনৰ কেন্দ্ৰীয় আনহুই (China’s Anhui) প্ৰদেশৰ হুগাও গাঁৱত কলা প্ৰদৰ্শন কৰি আছিল। ষ্টাণ্ট কৰাৰ সময়ত দুয়োগৰাকী ৩০ ফুট উচ্চতাত আছিল। চন উপাধিৰ দম্পতীয়ে এটা চাৰ্কাছৰ সৈতে ফ্লাইং-ট্ৰেপেজ প্ৰদৰ্শন কৰি আহিছিল। তেওঁলোক দুয়োগৰাকীয়ে ইজনে সিজনৰ হাত ধৰি আছিল কিন্তু হঠাতে স্বামীৰ হাত এৰা গৈছিল মহিলাগৰাকীৰ। আৰু মহিলাগৰাকী ৩০ ফুট তলত থকা ষ্টেজত বাগৰি পৰে (Chinese Acrobat Falls To Death)। দুয়োগৰাকীয়ে কোনো ছেফটি বেল্ট পৰিধান নকৰাকৈ শূণ্যত Acrobatic কৰি আছিল।

শ্ব’ৰ পূৰ্বে স্বামী-স্ত্ৰীৰ মাজত হৈছিল তৰ্কাতৰ্কি
তলত বাগৰি পৰাৰ লগে লগে মহিলাগৰাকীক ওচৰৰ হাস্পতাললৈ লৈ যোৱা হৈছিল, য’ত চিকিৎসকে চন মৌমৌৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে (Chinese Acrobat Falls To Death)। দুৰ্ঘটনাটোৰ পিছকে চনৰ স্বামী হতাশাত ভুগিছে। তেওঁ দুখ প্ৰকাশ কৰিছে যে পত্নীক বচাব নোৱাৰিলে। লোকেল মিডিয়া অনুসৰি, কলা প্ৰদৰ্শন কৰাৰ পূৰ্বে স্বামী-স্ত্ৰীৰ মাজতে ছেফটি লাইনক (Safty Line) লৈ তৰ্কাতৰ্কি হৈছিল।

কোম্পানীৰ হ’ব তদন্ত

মিডিয়া ৰিপৰ্ট অনুসৰি, শ্ব’ৰ সময়ত ধুনীয়া দেখিবলৈ মহিলাগৰাকীয়ে ছেফটি গিয়েৰ পিন্ধিবলৈ নাকচ কৰিছিল। এই কথাটোক লৈয়ে স্বামী-স্ত্ৰীৰ মাজত বাক-বিতণ্ডাও হৈছিল। এই দুৰ্ঘটনাটোৰ পিছত শ্ব’ কৰোৱা কোম্পানীপ বিৰুদ্ধে তদন্ত চলি আছে।

উল্লেখ্য ২০২১ত এই কোম্পানীটোৰ ওপৰত অনুমতি নোহোৱাকৈ অনুষ্ঠান কৰাক লৈ ৫ লাখ ৭৪ হাজাৰ জৰিমনা বিহা হৈছিল। শ্ব’ৰ সময়ত অসাৱধানতাক লৈ পূৰ্বেও এই কোম্পানীটোৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

বৰ্তমান এই ভয়ংকৰ ঘটনাৰ এটা লোমহৰ্ষক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত (Social Media Viral Video)

Photo: Twitter

লগতে পঢ়কঃ 8 Foods You Shouldn’t Eat With Beer| Beerৰ সৈতে ভুলতেও নাখাব এইবোৰ বস্তু; অন্যথা আপোনাৰ শৰীৰৰ হ’ব বিভিন্ন সমস্যা, পিছে জানো আহক কি কি বস্তু?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -